তোমাৰ চহৰলৈ কিমান দূৰ বাট
হিমাংশু শইকীয়া
ৰঙা পাহাৰ এখন পাৰ হৈ
নীলা চৰাই বোৰে গা ধোৱা নদীখনলৈ
যিমান দূৰ বাট কুৰি বাই
দেখা যায় স্মৃতিৰ ৰেইলগাড়ী
তোমাৰ চহৰলৈ তাৰ পৰা দুহাতৰ বাট।
খেতিয়ক এজনে বিষন্নতাৰ পথাৰ চহাই থাকোতে বুজিলো এইখন তোমাৰেই চহৰ
য'ত নিসংগতাৰ খেতি কৰা হয়
নুফুলে য’ত এজাৰ, শিমলু, কাঞ্চন
এয়াই তোমাৰ চহৰ যাক চাবলৈ খৰচ কৰিছোঁ এখন হৃদয়।
তোমাৰ চহৰত হেনো বৰষুণ নানামে
তোমাৰ চহৰত ৰ’দ নাই, বাষ্পীকৰণ হৈ বৰষুণ আহিবলৈ।
চহৰৰ প্ৰেমিকবোৰ বৰষুণত সিক্ত হোৱা নাই
তোমাৰ অভিমানৰ ছাতি ফলি নামিবলৈ প্ৰয়াস কৰা নাই।
মই কবিতা লিখোঁ
মোৰ কলমত বৰদৈচিলা ঘূৰে
ধুমূহাই ছাতি উৰুৱাই নিলে মোক তুমি নুদুখিবা।
সন্ধ্যা চহৰত এখন মধুশালা খোলে
প্ৰেমৰ মদিৰা পান কৰি মাতাল ডেকাবোৰে
জুৰি যায় পৰাণৰ গান
সেই গান তুমি চহৰক শুনিবলৈ নিদিয়া
চহৰখন নীলা হৈ পৰিব বুলি মুঠিতে লুকুৱা।
তুমি জানো শুনিছা প্ৰেমৰ মাত
শুনি জানো হাঁহিছা ?
মোক তোমাৰ চহৰলৈ নামাতিবা
মোৰ কলমত অনবৰতেই নীলাবোৰ কঢ়িয়াই ফুৰো
দুটোপাল পৰিলে দাগ মচিব নোৱাৰিলে
তুমি এনেই বদনামি হৈ পৰিবা।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment