পৰিৱৰ্তন
চন্দনা ভাগৱতী
নিকিয়ে চোতালৰ একোণত মূঢ়া এটাত বহি আমন-জিমনকৈ কিবা ভাবি আছে।আজি কেবাদিনৰে পৰা অৱশ্যে নিকিৰ মনটো বেয়া।বায়েক মিকিয়ে পাঁচ জুনত হ'বলগীয়া পৰিবেশ দিৱস উদ্দেশ্যে সিঁহতৰ স্কুলত দিবলগীয়া ভাষণটো পঢ়ি পঢ়ি চোতাললৈ ওলাই আহি নিকি তেনেদৰে আমন-জিমনকৈ বহি থকা দেখি সুধিলে,ঐ নিকি কি হ'ল-?কিনো ভাবি আছ-?
:নাই এনেয়ে।নিকিয়ে ক'লে।মিকিয়ে পুনৰ সুধিলে,এনেয়ে তই গোমোঠা মাৰি বহি নাথক দে।কোনোবাই কিবা কৈছে নেকি মোক ক'চোন-।
: মা ক'ত গৈছে-?তাই প্ৰশ্নৰ উত্তৰ নিদি মাক ক'লৈ গৈছে সুধিলে।
: কিয়,সদায় য'লৈ যায় তালৈ গৈছে।
:তাকেইতো...।এটা দীঘলকৈ তাই হুমুনিয়াহ কাঢ়িলে।
:মানে-!
: মা আৰু তালৈ যাব নোৱাৰিব বা।আমি বাৰু তেতিয়া কেনেকৈ চলিম তাকে ভাবি ভাবি মোৰ মনটো বেয়া লাগি আছে।
: কিয়-?কি হ'লনো-?
:বা,তই চাগে নাজান-!আমি খৰি বুটলি অনা হাবিতলীয়া ঠাই ডোখৰত হেনো বৰ ডাঙৰ ডাঙৰ বিল্ডিং হ'ব।
:কি-?তই ক'ত শুনিলি-?
:অ' বা।আমি সোনটি,লিজা,কণমইনা আৰু মই সৌসিদিনা স্কুললৈ গৈ থাকোতে কেইজনমান ডাঙৰ ডাঙৰ মানুহে তাত বিল্ডিং বনোৱাৰ কথা আলোচনা কৰি থকা শুনিছিলোঁ।
: অ' হয় নেকি-?তেনেহ'লেতো বৰ ডাঙৰ কথাই হ'ব।কিবা এটা কৰিব লাগিব ৰ...।মা আহি লওকচোন।এটা সান্ত্বনা দিয়াৰ সুৰত মিকিয়ে ভনীয়েকক ক'লে।
:অ' বা।বেলি লহিয়ালেই।মা আহিবৰ হৈছে।
: অ' তই আকৌ মা আহিলে এই বিষয়ে তৎক্ষণাত একো নকবি বুলি বুজাই মিকিয়ে পুনৰ ভাষণটো পঢ়িব ধৰিলে।
নিকি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী হ'লেও বহুত কথা বুজে।
মিকি নৱম শ্ৰেণীৰ ছাত্ৰী।তাই যথেষ্ট ধৈৰ্যশীল,গম্ভীৰ আৰু জ্ঞানী ছোৱালী।পঢ়াত দুয়োজনীয়ে বেচ চোকা।চৰকাৰী স্কুলত পঢ়ে।
ইতিমধ্যে মাকে এবোজা খৰি মূৰত লৈ আহি পালে।মাকৰ মুখতো হাঁহি নাই।মলিন বদন।দুয়োজনীলৈ এবাৰো ঘূৰি চোৱা নাই।আনদিনা হ'লে দুয়োজনীয়ে দিনৰ দিনটো ক'লৈ যায়,কি কৰিলে,স্কুলৰপৰা কেতিয়া আহিল,কি খালে আদি কথাবোৰ শুধিহে গা ধুবলৈ যায়।আজি খৰিবোজা পোনে পোনে পিৰালিত থৈ তাৰডালত মেলি থোৱা তিয়নি কাপোৰখন লৈ গা ধুবলৈ গ'ল।লাহে লাহে সন্ধিয়া নামি আহিল।সোণালী পথাৰবোৰক সন্ধিয়াৰ ছায়াই আবৰি ধৰিছে।ঝিলি পোকৰ চি চি কৈ মতা তীব্ৰ মাতত কিবা ভাবত তন্ময় হৈ গা ধুই থকা অৰুণিমাই উচপ খাই উঠিলে।তাই বুকুখনত থপৰিয়াই সন্মুখৰ পথাৰখনলৈ চালে।পথাৰৰ সিপাৰৰ সৰু সৰু ঘৰবোৰৰ পৰা চাকিৰ ক্ষীণ জান নেজান পোহৰ কিছুমান উফৰি আহিছে।কিমান সহজ,কিমান সৰল যে এই মানুহবোৰ-!এখন সৰু সংসাৰেৰে এখন সৰু ঘৰ।নিজ কৰ্মক লৈ জীয়াই থকা এই মানুহজাক।প্ৰায়খিনি মানুহেই পথাৰত কাম কৰি পেট প্ৰৱৰ্ত্তায়।তাৰ মাজতেই মিকি-নিকিৰ লগতে অৰুণিমাইয়ো সংসাৰখন কোনোমতে টানি নিছিল।দিনবোৰ সঁচাকৈয়ে সমানে নাযায়।তাইৰ আজি কন্দৰ্পলৈ বৰকৈ মনত পৰিছে।বহুত মৰম কৰিব পৰা এটি মৰম আকলুৱা মন আৰু এখন বহল হৃদয় লৈ অৰুণিমাই কন্দৰ্প লগত প্ৰেম বিবাহ হৈছিল।বৰ সুখৰ সংসাৰ আছিল সিঁহতৰ কিন্তু এটি প্ৰলয়ে সিঁহতৰ সুখৰ সংসাৰ ভাঙি চিঙি থানবান কৰি দিলে।একমাত্ৰ ল'ৰা কন্দৰ্পৰ মাক-দেউতাকো তাৰ আঠ কি ন বছৰ বয়সতে ঢুকাইছিল।প্ৰথমতে ওচৰৰ মানুহৰ ঘৰত দুই এটা কাম কৰি সি চলিছিল।সেই অঞ্চলৰ সকলো মানুহেই তাক বৰ ভাল পাইছিল তাৰ সেই অমায়িক স্বভাৱটোৰ বাবে।সঁচাকৈ সি বৰ ভাল ল'ৰা আছিল।সৎ স্বভাৱৰ তথা কৰ্ত্তব্যনিষ্ঠা তাৰ বৰ ডাঙৰ গুণ।পিছলৈ সি গাড়ী চলোৱা কাম শিকি ট্ৰাক ড্ৰাইভাৰ হিচাপে কাম কৰিবলৈ লয়।আৰু অৰুণিমাকো এদিন নিজৰ কৰি ললে।এনেদৰে সময়বোৰ সুখেৰে গৈ থাকে।দুটি সন্তানৰো দুয়ো পিতৃ-মাতৃ হয়।কিন্তু বিধাতাই ইমান সুখ এনেদৰে যেন সহ্য নকৰে।কপালৰ সেন্দুৰখিনিৰ আয়ুস বোলে স্বামীৰ আয়ুসৰ লগত সমান।বাস্তৱ বৰ নিষ্ঠুৰ,সময় বৰ নিষ্ঠুৰ।এদিন ট্ৰাক ড্ৰাইভাৰ হিচাপে কৰ্মৰত কন্দৰ্প শইকীয়া গুৱাহাটীৰ পৰা দুলিয়াজানলৈ বস্তু বাহানিৰে সৈতে গৈ থাকোতে সংঘটিত হোৱা দুৰ্ঘটনাত থিতাতে নিহত হয়।অৰুণিমাৰ কপালখনত যেন কোনবোবাই বগা ৰং এসোপাহে সানি দিলে।তাইৰ সকলো শেষ হৈ গ'ল।সকলো উকা।তথাপিতো জীয়াই থাকিবই লাগিব।কেনেবাকৈ হ'লেও এমুঠি খোৱাৰ যোগাৰ কৰিবই লাগিব সন্তান দুটিৰ মুখলৈ চায়।
সঁচাকৈ মানুহৰ সমগ্ৰ জীৱনটোৱে এক দীঘলীয়া মাৰাথন,য'ত অনিচ্ছাকৃত অবিৰত সংগ্ৰাম আৰু সাধনাই কৰি থাকিব লাগে।কণমানি ছোৱালী দুজনীৰ লগত অৰুণিমাই চাৰিওদিশে ধোৱাকোৱা দেখিলে।সন্মুখত পাহাৰ যেন জীৱন।তাই কি কৰিব,কি নকৰিব দিক-বিদিক হেৰুৱাই প্ৰথমতে ইঘৰ-সিঘৰত দুই এটা কাম কৰিব ল'লে।কাম বুলিবলৈও সেই অঞ্চলত কেতিয়াবা বতৰৰ ভূই ৰোৱা,ৰোৱা তোলা,ধান দোৱা,ধান বনা,চাউল কঢ়া ইত্যাদিহে।গতিকে চলিবলৈ বৰ দিগদাৰ হয়।কিবা এটা ভাল উপাৰ্জন কৰিব পৰাকৈ তাইৰ লেখা-পঢ়াও নাই।ছোৱালী দুজনীকে পঢ়াই শুনাই কিবা এটা কৰাৰ আশা এটা মনতে পুহি নিজৰ বাৰীতে হোৱা দুই এটা শাক-পাচলি বিকি নিমখ তেলৰ খৰচটো উলিয়াইছিল।তাৰ মানুহখিনি প্ৰায় মধ্যবিত্ত পৰিয়ালৰ।গেছ চিলিণ্ডাৰৰ ব্যৱহাৰো সেই অঞ্চলত প্ৰায় নথকাৰ দৰেই।প্ৰায় পৰিয়ালতে খৰিৰ ব্যৱহাৰেই সৰ্বাধিক।গতিকে তাই নিজৰ বাৰীত থকা খৰি বুটলি আৰু ওচৰৰে হাবিতলীয়া ঠাইটুকুৰাত খৰি বুটলি সেইবোৰকে বিক্ৰি কৰিবলৈ ল'লে।পিছলৈ সিঁহতৰ জীৱন নিৰ্বাহৰ একমাত্ৰ ভৰসাই হ'লগৈ খৰি।
মা,ইমান পৰেনো কি কৰি আছ-?গা ধোৱা হোৱাই নাই নে-?মিকিৰ মাতত অ'তপৰে ভাৱত বিভোৰ হৈ থকা অৰুণিমাই তিয়নিখন তাৰডালতে মেলি দি কাপোৰসাজ সলাই মিকিক পানী অকণ চৌকাটোত উঠাই দিবলৈ ক'লে।তাইৰ ডিঙিটো একেবাৰে শুকাই যোৱা যেন লাগিছে।পেটটতো কলমলনি এটা উঠিছে।পুৱাতেই কেইটামান পানী দি থোৱা ভাত নিমখ জলকীয়াৰে খাই খৰি লুড়ীবলৈ গৈছিল।প্ৰথমতে কলহটোৰ পৰা এগিলাচ ঠাণ্ডা পানী খাই তাই আকাশ-পাতাল ভাবি বহি পৰিল। মিকিয়ে গৰম পানীৰ কেটলিটো চৌকাটোত উঠাই দিলে।এবাটি লাল চাহ আৰু মূৰি কেইটামান খাই অৰুণিমাই পেটটো অলপ শান্ত কৰি ল'লে।অ'ত সময় মূঢ়াটোত বহি থকা নিকিক বায়েকে ঘৰৰ ভিতৰলৈ মাতিলে।ঘৰ মানে এখন টিনৰ চালিহে মাথোন।একোণত চৌকা এটা বনাই পাকঘৰ সাজি লৈছে আৰু আনফালে এখন বিছনা,টেবুল-চকী।মাকে পীৰা এখন পাৰি বহি লৈ দুয়োজনীকে ওচৰলৈ মাতিলে।ইতিমধ্যে ঘৰটো ঘন কলা এন্ধাৰে গিলি পেলাইছে।মিকিয়ে চৌকাটোৰ ওচৰত থকা কেৰাচিনৰ চাকিটো জুইশলা কাঠি এডালেৰে জ্বলালে।মাকে বাহিৰৰ ঘন কলা এন্ধাৰখিনিলৈ চাই চাই যেন ক্ৰমান্বয়ে আন্ধাৰৰ ভিতৰলৈ সোমাই গৈ থাকিল।এখন যেন, গভীৰ অৰণ্য।কোনোদিনেই পোহৰৰ মুখ নেদেখা এখন গভীৰ জংঘলেৰে ভৰা ডাঠ অন্ধকাৰ অৰণ্য।সেই অৰণ্যৰ মাজত দিক-বিদিক হেৰুৱাই তাই যেন হেৰুৱাই পেলাইছে নিজৰ গন্তব্য স্থান।অন্ধকাৰে যেন গ্ৰাস কৰি পেলাইছে নিজৰ জীৱনটো।হঠাৎ নিকিৰ মাতত উচপ খাই উঠিল আৰু বাস্তৱলৈ ঘূৰি আহিল।
: মা,কি ভাবি আছানো-?নাই অ' একো ভবা নাই বুলি মাকে এটা হুমুনিয়াহ কাঢ়িলে।
: অ' মা, কথা এটা জানানে-? কম-নকম কৈ নিকিয়ে কথাখিনি উলিয়ালে।
: কি কথা-?
আজি কেইদিনমান আগতে আমি ,তুমি খৰি বুটলা হাবিখনৰ কাষৰ ৰাষ্টাটোৰে স্কুললৈ গৈ থাকোতে কেইজনমান মানুহে কোৱা-কুই কৰা শুনিছিলোঁ যে হাবিখনত হেনো এটা প্ৰকাণ্ড বিল্ডিং হ'ব।তেতিয়াহ'লে তুমি ক'ত খৰি বুটলিবা-?আমি কেনেদৰে চলিম-?
: কথাষাৰ ময়ো শুনিছোঁ।মাকে পুনৰ হুমুনিয়াহ কাঢ়ি কথাষাৰ ক'লে।
: মা,আমি আৰু তাত থকা মধুৰী,জলফাই,আমলখি বগৰী আদি খাব নোৱাৰিম।-নিজৰ মাতত যেন জড়তা।মা,তাত থকা চৰাইবোৰৰ তেতিয়াহ'লে কি অৱস্থা হ'ব-?হে হৰি-!এই কথাটো মই ভবাই নাছিলোঁ।এতিয়াহে মনলৈ আহিছে।কৰ্দ্দৈ জোপাত যে ভাটোবোৰ আহি কেনেদৰে কৰ্দ্দৈ খাই খাই আপোনভোলা হৈ থাকে।বিল্ডিং বনাব লাগিলেতো গছ-গছনিবোৰ কাটি পেলাব লাগিব।গছ-গছনিবোৰ কাটি পেলালে সিঁহতৰ ঘৰ বাৰীবোৰ নাইকিয়া হৈ যাব।সিঁহত বাৰু তেতিয়া ক'ত থাকিব-?কি খাব-?অ' মা কি হ'ব তেতিয়া সিঁহতৰ-?বহুত প্ৰশ্নই যেন নিকিৰ মন জোকাৰি গৈছে।মাকৰ মনতো বহুত প্ৰশ্ন-।সিঁহতে নিজেই কেনেকৈ চলিব,কি কৰিব,নতুন কাম পটককৈ কি পাব-?আনৰ ঘৰত কাম কৰিবলৈও বিচাৰিব লাগিব ইত্যাদি নানান কথাই মনৰ মাজত ভিৰ কৰিলেহি।দুচকু চলচলীয়া হ'ল।মাকে দুইজনীকে বুকুৰ মাজলৈ টানি আনি সাবটি ধৰিলে আৰু ক'লে-পৰিবৰ্ত্তন অ' মাজনী।পৰিবৰ্ত্তন...।এয়া সময়ৰ পৰিবৰ্ত্তন,যুগৰ পৰিবৰ্ত্তন।মই শুনিব পাইছোঁ ইয়াত হেনো কিবা এটা অফিচ বহিব।সেয়ে এচাম ধুৰন্ধৰ লোভী মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে ফ্লেট নে কি এইবোৰ বনাই আমাৰ দৰে দুখীয়া মানুহক মৰিয়াই মাৰিছে।
অৰুণিমাই আটাহ পাৰি চিঞৰি কান্দিব নোৱাৰিলেও মনত দগমগাই থকা ভাবখিনি যেন এক অস্ফুট আৰ্ত্তনাদ হৈ দুচকুৰে নিগৰি আহিল।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment