ক:জোম ক:জে বা অঙহ তাকাৰ সভ্যতাৰ কথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

ক:জোম ক:জে বা অঙহ তাকাৰ সভ্যতাৰ কথা

 ক:জোম ক:জে বা অঙহ তাকাৰ সভ্যতাৰ কথা


পদ্মেশ্বৰ নৰহ

ৰাংকপ, ধেমাজি


আঃবাং হ'ল তানি বৰ্গৰ ( আদি, নিছি, মিচিং, গাল', আপাতানি...)  লোক গীত । অতি প্ৰাচীন কালৰ বহু তথ্য এই লোকগীতত সংৰক্ষিত হৈ আছে। ভাৰতৰ ঋগ্বেদৰ লগত ইয়াক তুলনা কৰিব পাৰি। বেদৰ ওপৰত যথেষ্ট চৰ্চা হয় , বাবে বেদ সকলোৰে পৰিচিত। বেদৰ কথা তথ্যৰে ভাৰতৰ প্ৰাচীন কালৰ ইতিহাস জানিব পাৰি। সিন্ধু সভ্যতাৰ পৰা গংগা সভ্যতা, ব্ৰঞ্জ যুগৰ পৰা লৌহ যুগৰ কথা এই বেদৰ যোগেদি জানিব পাৰিছে। বেদ উপনিষদ বা পৰৱৰ্তী কালত সৃষ্ট মহান গ্ৰন্থবোৰত সিন্ধু সভ্যতাৰ কথা স্পষ্টকৈ উল্লেখ কৰা নাই যদিও ভিন্ন নামেৰে বা কাহিনীৰে সেই সিন্ধু সভ্যতাৰ কথা বাৰ্তাও যে প্ৰাচীন বেদ পুৰাণ, মহাকাব্যত আছে এই কথা বহু ইতিহাসবিদে স্বীকাৰ কৰিছে। 

 বেদৰ সমসাময়িক আঃবাং আবুতানিৰ বংশধৰ সকলৰ বাবে পবিত্ৰ সম্পত্তি। ইয়াৰ যোগেদি আমি অতীতৰ প্ৰব্ৰজন, যুদ্ধ বিগ্ৰহ আদিৰ বিষয়ে জানিবলৈ পাওঁ। আঃবাংত সৃষ্টিৰ পৰা আদি কৰি কেনেকৈ মানুহে আজিৰ অৱস্থা পালেহি এইবোৰ লোকগীতৰ পৰম্পৰাৰে জীৱিত কৰি ৰাখিছে। আজি মই ক'ব বিচাৰিছোঁ  আদি আঃবাং কজোম ক'জেৰ কথা –

কজোম ক'জে আছিল পৃথিৱীৰ প্ৰথম মানৱ সভ্যতা । হাবি , গুহা এৰি নদীৰ পাৰত বহি ঘৰ-বাৰী , সমাজ পাতি গাঁৱ‌ চহৰ , নিৰ্মাণ কৰি নতুন জীৱন শৈলী সৃষ্টি কৰিছিল।সেই সভ্যতাৰ লোকসকলে সুখেৰে বসবাস কৰিছিল, চাৰিওঁফালে সুখ সম্পত্তিৰে ভৰা। এদিন কজোম ক'জেৰ‌ লোকসকলে উৎসৱ উদযাপনৰ বাবে নদী‌ত মাছ মাৰিবলৈ যায় আৰু নদীৰ সাম্ৰাজ্যৰ আঙুৰ পটুংক ধৰি লৈ যায় , উৎসৱত তাক মাৰি খায় পেলায়। সেই নদী সাম্ৰাজ্যৰ নাম আছিল ছিল্লী ছিদং/ সিদং আৰু তাৰ ৰজা বা ভগৱান আছিল বিৰি ব'তে। আংঙুৰ পটুংৰ নোহোৱাত সমগ্ৰ ছিল্লী ছিদং শোকত আছিল তেওঁক বিচাৰি হাইৰান। এনেতে সেই কজোম ক'জেৰ‌ উৎসৱলৈ অতিথি হিচাপে অহা কৰো পনছোং এ মনে মনে ছিল্লী ছিদং ৰ মাতৃক জনায় যে তেওঁৰ পুত্ৰক কজোম ৰাইজে হত্যা কৰিলে। এই খবৰ ছিদংৰ চাৰিওঁফালে বিয়পি পৰে, পানীৰ দেৱতা বা ৰজা বিৰি ব'তেই কজোম আক্ৰমণৰ পুৰ্ণ প্ৰস্তুতি চলালে, চাৰিওঁফালে আগুৰি ধৰি পানী, ধুমুহা   , বৰষুণ , তৰোৱালেৰে আক্ৰমণ কৰে, প্ৰথম অৱস্থাত কজোম ৰাইজে কিছু পৰিমাণে নিজৰ দেশ , জাতিক ৰক্ষা কৰিবলৈ সক্ষম হ'লেওঁ , এই মহা বিধ্বংসী আক্ৰমণক প্ৰতিৰোধ কৰিব পৰাকৈ তেওঁলোকৰ লগত আৰু অধিক শক্তি নোহোৱা হ'লগৈ। বিৰি ব'তেৰ আক্ৰমণে কজোম ক'জেৰ দেশক  ধ্বংস কৰি পেলালে।

কজোমৰ মানুহক কাটি মাৰি শেষ কৰি পেলালে, কজোমৰ দেশ পানীত ডুবিল । এনেকৈয়ে শেষ হৈছিল পৃথিৱীৰ প্ৰথম মানৱ সভ্যতা। এই কথা মানুহে পাহৰি পেলাইছিলেগৈ, কিন্তু সেই কজোম ক'জেৰ পৰিয়ালৰ এগৰাকী নাৰী যিয়ে এই মহাদুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছিল, তাই পুনৰ এই কাহিনী মানুহৰ মাজলৈ লৈ যায়। ন্যাগী ম্যীতে নামৰ  দিব্য নাৰী পৰা আবুতানি বংশধৰ সকলে পৃথিৱীৰ প্ৰথম মানৱ সভ্যতাৰ কথা জানিল বুলি আঃবাংত উল্লেখ আছে। 

এতিয়া প্ৰশ্ন হয় - এই আঃবাংৰ কাহিনীটো সঁচানে ,যদি সঁচা হয় তেন্তে কোন আছিল সেই সভ্যতাৰ সৃষ্টি কৰোঁতা। 

আঃবাং সদায় ইতিহাসৰ সাক্ষ্য হিচাপে অটল হ'ব বিচাৰে । অতি প্ৰাচীন আঃবাংত কিছু ঐশ্বৰিক তত্ত্ব নিহীত পিছৰ পৰ্যায়ৰ আঃবাংত ইতিহাসৰ স্পষ্ট লক্ষণ দেখা যায়। যেনে ডাংগ নৰহ আঃবাং , য'ত উল্লেখ আছে ডাংগ নৰহে কেনেকৈ পাহাৰ এৰি সমতলভূমি ভূমিলৈ আহিল।

কজোম ক'জে আঃবাং আচলতে সিন্ধু সভ্যতাৰ পতনৰ কথাহে ক'ব বিচাৰিছে। তানি বৰ্গৰ লোকসকলে তিব্বত হৈ কৈলাস মানসৰোবৰ (যাক ক'জে পাঃতাং বুলি তানি লোক কথাত উল্লেখ আছে ) পথেদি সেই সময়ৰ বিখ্যাত হৰপ্পা সভ্যতাৰ দেশৰ সংস্পৰ্শলৈ আহিছিল । এই আঃবাংত এই যুগৰ সামাজিক ৰাজনৈতিক কিছু সংকেত স্পষ্টকৈ প্ৰকাশ পাইছে। এই আঃবাংত উল্লেখ কৰা নদী কেন্দ্ৰীক সাম্ৰাজ্যৰ নাম আছিল ছিল্লী ছিদং/ সিদং  যাক বেদ পুৰাণত সপ্ত সিন্ধু বা সৰস্বতী সিন্ধু বুলি উল্লেখ আছে। এই সৰস্বতী সিন্ধু অঞ্চলত আৰ্য লোকসকলে প্ৰথমতে থিতাপি লৈছিল বুলি বেদত উল্লেখ আছে। 

আঃবাংত উল্লেখ থকা কৰো পনছোং আচলতে কোৰো পাঞ্চালক বুজাইছে। সাগৰ দেৱতা বৰুণ যাক আঃবাংত পানীৰ দেৱতা বিৰি ব'তে‌ বুলি উল্লেখ কৰিছে, তেওঁৰ নেতৃত্বত হৰপ্পা সভ্যতাক আক্ৰমণ কৰিছিল ছাগে। আঙুৰ পটুংক সম্ভৱত  অনু/ পোৰো/ পাকটা আদি ৰাজ্যক কৈছে । সম্ভৱত হৰপ্পাৰ লোকসকলে উৎসৱ বা যজ্ঞৰ বাবে অনু/ পোৰো/পাকটাক আক্ৰমণ কৰি লুট পাট কৰি ধ্বংস কৰিছিল। এইবাবেই সিন্ধু অঞ্চলৰ অন্য ৰাজ্য একত্ৰিত হৈ বৰুণ দেৱৰ( তেওঁ ৰাজাধীৰাজ আছিল আৰু বাকীবোৰ সৰু সৰু তলতীয়া ৰাজ্য আছিল) নেতৃত্বত কোৰো পাঞ্চালৰ সহযোগত হৰপ্পা আক্ৰমণ কৰিছিল। সেই সময়ত বান্ধ নিৰ্মাণ কৰি নদীৰ পানী গতিপথ সলনি কৰা, বা বান্ধ এৰি চহৰ গাঁৱ ডুবাই দিছিল। এই কাৰণে বৰুণ দেৱতাক সাগৰ দেৱতা উপাধি প্ৰদান কৰিছিল ছাগে। বৰুণে তানিৰ উচ্চাৰণত বিৰি হ'ল। 

আঃবাংৰ মতে কজোম ক'জে ৰ আন এটা নাম আছিল অঙহ তাকাৰ অৰ্থাৎ অঙহ মানে মাছ আৰু তাকাৰ মানে তৰা। সিন্ধু সভ্যতাৰ ছীলত যিবোৰ ধৰ্মীয় আৰু সাংস্কৃতিক বিষয়ক আছিল এইবোৰত সৰ্বাধিক মাছৰ ছবি অংকিত আছিল। তৰাক বুজাবলৈ মাছৰ ছবি অংকন কৰিছিল। এইকাৰণে এই দেশখনৰ সাংস্কৃতিক পৰিচয় স্বৰূপে অঙ তাকাৰ বা মাছ তৰাৰ দেশ বুলি জনা গৈছিল। যিহেতু মেছুপ'থেমিয়া সভ্যতাৰ উল্লেখত হৰপ্পা সভ্যতাক মেলোহা/ মেলোকা বুলি উল্লেখ আছে। ইয়াৰ উৎপত্তি স্পষ্ট নহয় তথাপিও ক'ব পাৰি যে , সুমেৰীয়/ চুমেৰিয়ান ভাষাত – মোল ( তৰা) আৰু কু(মাছ) বুজায় , গতিকে এই মেলোকা, মোল-কু ৰ পৰা আহিছে বুলি ক'ব পাৰি। 

 কজোম ক'জে আচলতে কম্বোজ বা জম্বূ দ্বীপৰ অপভ্ৰংশহে। ইয়াৰ যোগেদি ক'ব পাৰি যে হৰপ্পা সভ্যতাত কম্বোজ/ জম্বূ আদিয়ে আছিল মূল ৰাজ্য।

 ( উৎস : আদি আঃবাং , মৌখিক আখ্যান আৰু মিথক কথা , মামাং ডাই )


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages