অসমীয়া ভাষাৰ অস্তিত্বকলৈ সংকট আৰু এক চিন্তন
প্ৰসঙ্গঃ নাগৰিকত্ব আইন
মাইনুল হক চৌধুৰী
নাগৰিকত্ব সংশোধনী আইন- ২০১৯ খনে অসমী আইৰ মূখৰ মাত ষাৰলৈ সঁচাকৈয়ে শংকা কঢ়িয়াই আনিব নেকি ? নহ’লে যে জাতীয় সংগঠনকে ধৰি বিৰোধী দল-সংগঠনবোৰৰ কা’ - আইন খনৰ বিৰুদ্ধে ইমানকৈ প্ৰতিবাদ।
মাতৃ ভাষা মাৰ দৰে। জাতি এটাৰ জীৱনী শক্তি হৈছে মাঁৰ মূখৰ ভাষা। মাতৃভাষা অবিহনে কোনো জাতিয়ে প্ৰতিষ্ঠাৰ সংগ্ৰামত আগবাঢ়িব নোৱাৰে। তথাপি অসমী আইৰ মূখৰ ভাষাটিক হৰণ কৰা হৈছিল ১৮৩৬ চনৰ ব্ৰিটিছ শাসিত অসমত। ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছৰে পৰা অসমত আহোমৰাজৰ বেলি ডুব গৈছিল। লগে লগে সমগ্ৰ অসমখন ব্ৰিটিছৰ অধীন হৈ পৰিছিল। তেতিয়াৰে পৰা কলিকতীয়া চতুৰ বঙালী বিষয়া- কেৰাণীসকলৰ কু- মন্ত্ৰণাত অসমৰ সকলো চৰকাৰী প্ৰশাসন যন্ত্ৰত চৰকাৰী ভাষা হৈ পৰিছিল বঙালী। ১৮৭৩ চনলৈ অসমৰ সকলো চৰকাৰী কাম- কাজত বঙালী ভাষাই চৰকাৰী ভাষা হিচাপে চলি থাকে। ইয়াৰ ফলত প্ৰায় চাৰিটা দশকৰ বাবে অসমীয়া ভাষাই অসমৰ সমাজ জীৱনৰ পৰা অপসাৰিত হোৱাত, সকলো ধৰণৰ স্কুল-কলেজ, অফিচ-কাছাৰী আদিবোৰত ৰাজভাষা হিচাপে বঙালী ভাষাই আধিপত্য বিস্তাৰ কৰে।
অসমীয়া ভাষাৰ এই দুৰ্দিনত ১৮৩৬ খ্ৰীষ্টাব্দ বেপ্তিষ্ট মিছনেৰীসকলৰ উদ্যোগত আৰম্ভ হোৱা 'অৰুণোদয়' আলোচনীখনৰ যোগেদি অসমীয়া লেখক আনন্দৰাম ঢেকীয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, লম্বোধৰ বৰা, ৰত্নেশ্বৰ মহন্ত আৰু বেপ্তিষ্ট মিছনেৰীসকলৰ আপ্ৰাণ চেষ্টাত ১৮৭৩ খ্ৰীষ্টাব্দত অসমীয়া ভাষাই পুনৰ চৰকাৰী ভাষা ৰূপে প্ৰতিষ্ঠা লাভ কৰে। কিন্তু অসমৰ অফিচ- কাছাৰীবোৰত তেতিয়াও কলিকতীয়া বঙালী বিষয়া- কেৰাণীসকলৰ প্ৰুভুত্ব ইমান সোনকালে শেষ হোৱা নাছিল। তেতিয়ালৈকে অসমীয়া ভাষাই ইতিমধ্যেই নিশকতীয়া হৈ পৰিছিল। অসমীয়া ভাষাৰ এই দুৰ্গতি ১৯৩১ চনলৈকে অব্যাহত থাকে। তেতিয়ালৈকে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অভিবাসী মুছলমান, বঙালী হিন্দু, চাহ বাগানৰ বনুৱা, নেপালী আদি সকলৰ গৰিষ্ঠ সংখ্যাকে নিজৰ নিজৰ মাতৃভাষাৰ দোৱানতে পৰিচয় দি আহিছিল। অসমৰ লোকপিয়ল আৰু বিদ্যালয়বোৰত ভাষা ব্যবহাৰৰ ক্ষেত্ৰত এক বিশৃংখলতাই বিৰাজ কৰিছিল।তেতিয়ালৈকে হয়তোবা মূলসুঁতিৰ অসমীয়াসকল নিজৰ মাতৃভাষাটোৰ দুৰ্গতিকলৈ বৰকৈ চিন্তিত নাছিল। কিন্তু যেতিয়া ১৯৩১ চনৰ লোকপিয়লত অসমীয়া ভাষাৰ অণুপাত ৩১.৪২ শতাংশলৈ হ্ৰাস পাইছিল, তেতিয়া অৱশ্যেই মূলসুঁতিৰ অসমীয়া জাতিটোৰ প্ৰতি দায়িত্ব থকাসকলৰ চিন্তা আৰু দায়িত্ব বাঢ়িছিল।
তাৎক্ষণিক পদক্ষেপ হিচাপে নামনি অসমৰ তেতিয়াৰ গোৱালপাৰা আৰু বৰপেটা লোকেল বৰ্ডৰ চেয়াৰম্যান ক্ৰমে শৰৎ চন্দ্ৰ সিংহ আৰু ধনীৰাম তালুকদাৰসকলে জিলা দুখনৰ পূৰ্ব বংগীয় মুছলমানসকলক পৰৱৰ্তী লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে লিখিবলৈ আৰু বিদ্যালয়বোৰত মাধ্যম হিচাপেও অসমীয়া কিতাপ পঢ়িবলৈ আহ্বান জনায়। চৰ-চাপৰিৰ মুছলমানৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী হিন্দু, চাহ-জনজাতি আৰু নেপালীসকলকো একেটা আহ্বানকে জনায় অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী, বাগ্মীবৰ নীলমণি ফুকন, ৰজনীকান্ত, বৰদলৈ, ছৈয়দুৰ ৰহমান, কালিৰাম মেধি, জ্ঞাননাথ বৰা আৰু তদানীন্তন অসম সাহিত্য সভাৰ সভাপতি ক্ৰমে বেণুধৰ ৰাজখোৱা, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, জ্ঞানদাভিৰাম বৰুৱা আদি জাতীয়তাবাদী নেতাসকলে।
অসমীয়া জাতীয়তাবাদী নেতাসকলৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই চৰ-চাপৰিৰ মুছলমান জনগোষ্ঠীৰ হৈ নগাঁৱৰ ফালৰ মৌলবী বন্দে আলী, ওচমান আলী সদাগৰ আৰু বৰপেটাৰ এম আতাউৰ ৰহমান, ইলিমুদ্দিন দেৱান আদি চিন্তা নায়কসকলেও নিজৰ জনগোষ্ঠীৰ মানুহসকলক অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উভয় পক্ষৰ এই আহ্বানৰ ফলত ১৯৫১ চনৰ লোকপিয়লত অসমীয়া ভাষাৰ অনুপাত হয় গৈ ৬১.৯% শতাংশ। ইয়াৰ পিছৰ লোকপিয়লবোৰত হাৰ হয় গৈ ক্ৰমে ১৯৬১ ত ৬২.৬%, ১৯৭১ ত ৬০.৮৯%, ১৯৯১ ত ৫৭.৮১%, ২০০১ ত ৪৮.৮১%, ২০১১ত ৪৮.৩৮%।
মন কৰিব লগীয়া যে অসম আন্দোলনৰ পিছৰ লোকপিয়লবোৰত অসমীয়া ভাষাৰ হাৰ ক্ৰমে হ্ৰাস পাব ধৰে। কিন্তু ইয়াৰ বিপৰীতে বঙালী ভাষাৰ হাৰ বৃদ্ধি পাব ধৰে, এইদৰে- ১৯৭১ ত ১৯.৭০%, ১৯৯১ ত ২১.৬৭%, ২০০১ ত ২৭.৫৪%, ২০১১ ত ২৮.৯২%।
১৯৫১চনৰ লোকপিয়লত অসমীয়া ভাষাৰ হাৰ পোনে পোনে ৩১% ৰপৰা ৬১.৯% পায় গৈ।একেকোবে দুগুণ। এই বৃদ্ধিৰ ধাৰাবাহিকতা ১৯৭১চনলৈ চলি থাকে। কিন্তু অসম আন্দোলনৰ পিছৰ পৰা ইয়াৰ বৃদ্ধিৰ হাৰ ক্ৰমে হ্ৰাস পাবলৈ ধৰে। ১৯৫১ চনত হঠাৎ লোকপিয়লত অসমীয়া ভাষাৰ বৃদ্ধি দুগুণ হোৱাৰ ক্ষেত্ৰত উল্লেখিত জনগোষ্ঠীবোৰৰ সহযোগ আছিল যদিও সিংহ ভাগ কৃতিত্ব চৰ- চাপৰিৰ মুছলমানসকলৰ। যিসকলক অত বছৰে বাংলাদেশীৰ নামত তুচ্ছ-তাচ্ছিল্য, অপমান-অপদস্ত, হাৰাশাস্তি কৰি অহা হৈছে।নিজৰ মাঁৰ মুখৰ ভাষাকো তুচ্ছ জ্ঞান কৰি অসমীয়া ভাষাকে নিজৰ মাতৃ ভাষা হিচাবে গ্ৰহণ কৰিও ন্যুনতম আদৰখিনিও নাপালে এই মানুহ খিনিয়ে। ইয়াৰ বিপৰীতে পালে, কেবল অপমান আৰু হাৰাশাস্তি ।
এই শ্ৰমজীৱী অসমীয়া মানুহখিনিয়ে এই অপমান স্বাধীনতাৰ আগৰ তদানীন্তন জাতীয়তাবাদীসকলৰ ফালৰ পৰা পোৱা নাছিল। এই অপমান আৰম্ভ হয় অসম আন্দোলনৰ একাংশ উগ্ৰ জাতীয়তাবাদী সকলৰ পৰা। কেবল অপমান আৰু হাৰাশাস্তিতে ক্ষান্ত নহৈ ‘৮০ ৰ চাউলখোৱা হত্যাকাণ্ড, ‘৮৩ৰ নেলীৰ হত্যাকাণ্ড, ‘কোকৰাঝাৰৰ একাধিক হত্যাকাণ্ড আদি সংগঠিত কৰিলে। তাৰ পিছতো এই নিৰ্যাতিত মানুহখিনিয়ে জীৱনে- মৰণে ভাল অসমীয়া হ'বলৈ যত্নৰ কোনো ত্ৰুটি কৰা নাই। এই মানুহসকলৰ জাতীয় সংগঠন আমছু’ৱেও আজি কালি বহুত পৰিপক্ব আচৰণ কৰিবলৈ শিকিলে। আছু’ৰ সকলোধৰণৰ অস্পৃশ্যতা, অপমান মূৰ পাতি লৈ নিজৰ জনগোষ্ঠীটোক সঠিক পথত বাট বুলোৱাত যত্নৰ ত্ৰুটি কৰা নাই। আমছু’ৱে অঞ্চলে অঞ্চলে সভা পাতি লোকপিয়লৰ সময়ত এই মানুহসকলক মাতৃভাষা অসমীয়া লিখিবলৈ তাগিদা দিয়াৰ লগতে “ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা” অভিযানো চলাই গৈছে।
ইমানৰ পিছতো এইখন অসমত এই মানুহখিনিয়ে বোলে কেবল সমস্যা। এই মানুহসকলক ভাল নালাগে। এওঁলোকে বাস কৰা ঠাইখনকো ভাল নালাগে। আকৌ বোলে এই মানুহসকলৰ ভোটকো নালাগে। এয়া স্বয়ং দিছপুৰৰ সাংবিধানিক পদত থকাসকলৰ কথা। আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে স্বয়ং আছুৰ উপদেষ্টাজনে নিজেই কয়, “এওঁলোককতো আমি খাটনি ধৰা নাই লোকপিয়লত অসমীয়া লিখিবলৈ বা অসমীয়া হ'বলৈ।” আকৌ চৰকাৰৰ মুৰব্বীজনেও কয়, “আমি তেওঁলোকক অসমীয়া লিখিবলৈ নকও, অসমীয়া লিখিবলৈ যাতে বাধ্য হয়, তাৰ ব্যবস্থাহে কৰিম।”
অথচ আইন বনাই হ’লেও অমুছলমান বিদেশীক নাগৰিকত্ব দিবলৈকে অসমত কা’ বলবৎ কৰাত কোনো আপত্তি নাই। আপত্তি কেবল চৰ-চাপৰিৰ সেই খাটি খোৱা শ্ৰমজীৱী সহজ-সৰল ন-অসমীয়া মুছলমান খিনিক লৈহে। অথচ এই মানুহখিনিয়ে ইতিমধ্যেই অসমীয়া ভাষা- সংস্কৃতিক নিজৰ বুলি গ্ৰহণ কৰিছে। ইমানৰ পিছতো এই চৰ- চাপৰিৰ মানুহখিনিক যদিহে ধৰ্মৰ নামত দূৰলৈ ঠেলি কা’ ৰ জড়িয়তে অসমত বিদেশীক নাগৰিকত্ব দিয়া হয়, অসমীয়া ভাষা- সংস্কৃতিলৈ কিবা নেতিবাচক প্ৰভাব পৰিব পাৰে নেকি ? কা’ আইন বলবৎ হোৱাৰ লগে লগে ছবছৰীয়া বিশ্ব খ্যাত অসম আন্দোলন, ৮৫৫ ছহিদ, অসম চুক্তি, এন আৰ চি আদি সকলো ভুল আৰু মিছা আছিল বুলি প্ৰমাণ হ’ব নেকি ? কাৰণ এইবোৰ কৰা হৈছিল বিদেশীক খেদিবলৈহে। ধৰ্মৰ নামত বিদেশীক নাগৰিকত্ব দিবলৈ নহয়।
এতিয়া নিবন্ধটোৰ আৰৰ মূল চিন্তাটোলৈ অহা যাওঁক। ধৰা যাওঁক, অসমৰ চৰ-চাপৰিৰ এই ন-অসমীয়া মুছলমানসকলক সদায় অবিশ্বাস আৰু তেওঁলোকৰ অবদানক অস্বীকাৰ কৰিয়ে গৈ থকা হ'ব। এই মানুহসকলক সদায়ে সন্দেহজনক বুলি কৈ থকা হ'ব আৰু অসমীয়াৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰা হ'ব। কিন্তু এওঁলোকৰ পৰা লোকপিয়লত মাতৃভাষা অসমীয়া লিখাটো বিচৰা হ'ব। অথচ এই মানুহসকল শতাধিক বছৰ পূৰ্বেই বৃটিছ শাসিত অখণ্ড ভাৰতৰ এটা অংশৰ পৰা আহি ভাৰতেৰে অংশ অসমত বসবাস কৰা মানুহ হয়। কেবল আৰু কেবল মুছলমান হোৱা বাবেই এওঁলোকক অসমীয়া নাগৰিক বুলি মানি ল'ব পৰা নাযায়। অপৰাধ এটাই, এওঁলোক মুছলমান। অথচ কেবল স্বধৰ্মী হোৱা বাবেই আইন কৰি হ’লেও সদ্য অনুপ্ৰবেশকাৰী অমুছলমান বিদেশীসকলক নাগৰিকত্ব দিয়া হ’ব।
এনে সুলভ নাগৰিকত্বৰ সুযোগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাহিৰৰ একাংশ বঙালী সম্প্ৰসাৰণবাদী সকলে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহক লোকপিয়লত মাতৃভাষা বঙালী লিখিবলৈ উচটাব পাৰে। কাৰণ ন-অসমীয়া মুছলমানৰ মাজতো একাংশ উগ্ৰ আৰু আবেগিক মিঞা মানুহো নথকা নহয়।যিসকলে খঙতে আকৌ পূৰ্বৰ বঙালী ভাষালৈ বা বঙালী দোৱানলৈ ঘূৰি যোৱাৰ পক্ষে কাম যে নকৰিব তাক নুই কৰিব পৰা নাযায়।কাৰণ এওঁলোকৰ কোনো ধৰণৰ অবদান আৰু ত্যাগৰে যিহেতুকে কোনো মূল্য নাই। গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাহিৰৰ একাংশ বঙালীৰ উচটনিত ন-অসমীয়াৰ মিঞা ভাষা সম্প্ৰসাৰণবাদীৰ একাংশই সাধাৰণ মিঞা মানুহৰ একাংশক লোকপিয়লত মাতৃ ভাষা বঙালী লিখিবলৈ উচটাব পাৰে; তাক নুই কৰিব নোৱাৰি। যিটো অঘটন ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বঙালী আৰু ন-অসমীয়া মুছলমানৰ সচেতন মহলৰ কোনেও বিচৰা নাই। এনেকি ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বঙালীও ন-অসমীয়াৰ দৰে অসমীয়া হৈ গ'ল। এওঁলোকৰো কোনেও আৰু এতিয়া কা আইনৰ অনুগ্ৰহত নাগৰিকত্ব লাভৰ বদনাম ল’ব খোজা নাই।
এতিয়া প্ৰশ্ন হ’ল, মূল সুঁতিৰ একাংশ উগ্ৰ সাম্প্ৰদায়িক অসমীয়াৰ দীৰ্ঘ দিনৰ ঘৃণা, অপমান কঢ়িয়াই লৈ ফুৰা এই সহজ-সৰল ন- অসমীয়াৰ (বঙালী আৰু মিঞা) একাংশই বঙালী সম্প্ৰসাৰণবাদী হিন্দু আৰু মিঞা ভাষা সম্প্ৰসাৰণবাদী মুছলমানৰ উচটনিত আত্মঘাতী পথেৰেগৈ লোকপিয়লত বঙালী লিখি দিবও পাৰে। তাকে হ’বলৈ হ’লে, ই হ’ব, আমাৰ সকলোৰে বাবে এক বিপদজনক ঘটনা। পৰিণয়ত হয়তো অসমীয়া ভাষাৰ সংকট হ’ব। তেতিয়া হয়তো কোৱা হ’ব, এই মিঞাসকলে লোকপিয়লত মাতৃভাষা বঙালী লিখি অসমীয়া ভাষাৰ এই বিপদ নমাই আনিলে। তেতিয়া দুয়ো পক্ষৰ মাজত সন্দেহ-অবিশ্বাস আৰু বাঢ়িব।শত্ৰুতা অধিক হ’ব। দূৰত্বও অধিক বাঢ়িব। আৰু বহুতো…….!
নিশ্চয়, এনে এক অনাকাংক্ষিত দিন কাৰোৰে কাম্য নহয়। সেই অবাঞ্ছিত দিনটোলৈ অপেক্ষা নকৰি, ইয়াক এৰাই চলিবলৈ বিগ ব্ৰাদাৰ হিচাবে মূলসুঁতিৰ চৰকাৰ আৰু জাতীয় দল- সংগঠনবোৰে এই ন-অসমীয়া মুছলমান আৰু ন-অসমীয়া হিন্দু বঙালীসকলক আস্থা আৰু বিশ্বাসত লৈ আগবাঢ়িলে আমি অসমীয়া জাতিটোৱে ধুনীয়াকৈ চলি যাব পাৰি। আৰু এখন সুস্থ-সবল অসম গঢ়িব পৰা যাব।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment