শৰতৰ বেদনা
ৰুণু দেৱী শৰ্মা
শেৱালিজোপাৰ পৰা এটা ফুল
হঠাতে পৰিল মোৰ কাষত
মোৰ মনত পৰিল হঠাতে
শাৰদী ৰাণীৰ সুশোভিত ধৰাৰ কথা,
গোপনীয় সেই সোনোৱালী ৰহস্য
মনত পৰিল স্মৃতিৰ এখিলা পাতত, তৰাবোৰে যেতিয়া কথা পাতে, ৰোৱণী-দাৱনীবোৰ
লুকাই যায়,
নিৰবধি নৈখনে মিচিকি হাঁহিৰে
আকাশখন চাই থাকে দুৰৰ পৰাই, আহিনৰ চোতালত
শৰতৰ মৌন আভৰণ,
পুৰ্ণিমাৰ ৰাতি শাৰদীয চন্দ্ৰমাৰ কুসুম ফুলা আকাশত শেৱা লিৰ কোমল সুবাসত
দাপোনত মুখ চাই চাই
কোনোবা ৰূপহীৰ আপোন ৰূপত
মুগ্ধ হৈ বিৰহী কবিয়ে কবিতাৰ
সপোন ৰচে,
গছৰ ডালত বহি সখিয়তি চৰায়ে
কেতেকীৰ হিয়াভঙা কান্দোন শুনেনে?
উষাৰ প্ৰভাতি কিৰণে আকি দিয়া ধৰিত্ৰীক
নিতৌ নতুন সৃষ্টিৰে সন্ধিয়াৰ
কোটি কোটি তৰাৰ দিপাৱলীৰে
আকাশ কুসুম ফুলে!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment