দুটুকুৰা আহিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

দুটুকুৰা আহিন

 


দুটুকুৰা আহিন


                          বিমান দত্ত

                             মাজুলী


(১) 

মাথোঁ ভাল পালেই নহয় এই জীৱন

আহিনত কোমল লাহি-পাহি কহুঁৱা ফুলা দেখিছা?

প্ৰণয়েৰে সাবটি হেঁপাহৰ উম দি পাৰিছানে ক’ব –

কহুঁৱা তুমি অশান্ত কৰিলা যৌৱন। 

পাৰিছা! 


(২) 

গছৰ সেউজীয়াখিনি মাটিত ওন্দোলি পৰোতে তুমি শুনানে গছৰ উচুপনি! 

আহিনৰ ভৰপক ভালপোৱাক বুকুত নাসামৰি তুমি যে সহি থাকা অলেখ কাহিনী! 

আহিনৰ কবিতা এটাকে ৰচা

আহিন আহিন গোন্ধটোৱে তোমাকো ভাল পাব চাবা। 

বুজিছা!


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages