উঁইচিৰিঙা গাঁত এটাৰ পৰা
ৰঞ্জন বর্মন
বগীনদী, লখিমপুৰ
মেঘে মুখ ওন্দোলাই বোবা যেন হৈ
ওলমি থকা কাণিমুনি সন্ধিয়া
তোমাক বুটলি আনিছিলোঁ উঁইচিৰিঙা গাঁত এটাৰ পৰা।
তোমাৰ দেহত উঁইচিৰিঙাৰ আঁচোৰ
দুগালত শুকাই কৰাল মৰা দুটি মৰা নৈ।
বুকুত উমি উমি জ্বলি আছিল
একুৰা তুঁহ জুই
যি জুইৰ তীব্ৰতাই সপ্তাশ্বকো জ্বলাই ছাই কৰিব পাৰে।
তোমাৰ দুচকুত জুমি চাওঁতে দেখিছিলো
লঠঙা ডালত চিটিকা লাগি ওলমি থকা আঁউসীৰ মৰা
শেতা জোন।
তোমাৰ বাবেই
মই দাদুৰী হৈ চিঞৰি চিঞৰি নমাই আনিলো
মৰুবৃষ্টি।
যি বৃষ্টিৰ জলে ধুই দিলে তোমাৰ কৰাল মৰা গাল
উঁইচিৰিঙাৰ আঁচোৰ।
ক্ৰমশঃ তুঁহ জুইৰ পৰিৱৰ্তে তোমাৰ বুকুত গজি উঠিল
শাওনৰ এডৰা সেউজীয়া ঘাঁহনি।
বতাহত ঘাঁহ পাতবোৰ হালে কি জালে
সুনয়নৰ দুচকুৰ টোপনি সৰে।
সুনয়ন দাদুৰী
দাদুৰী সুনয়ন
এটা নিমিলা অংক।
জোনাকত বহি
তুমি পানী ৰঙৰ ছবি এখন আঁকিছা
য’ত মই মোক বিচাৰি নাপালো।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment