কিতাপ
যতীন মিলি
টেবুলত পৰি আছে এখন কিতাপ
শব্দ পোহৰ আৰু মগজু সংযোগ হয় তাত।
দূৰণিৰ মণি মুকুতা জিলিকে
সঞ্চিত মুদ্ৰাৰ দৰে
তাৰ পাতে পাতে
কিতাপ অবিহনে অৰ্থহীন মনৰ সূচীবোৰ
সুখ দুখৰ পৃষ্ঠাবোৰ...
থাকিও অচল চকু বিকল মগজু
অহৰহ ধূসৰতাই আৱৰি ধৰে
অনাখৰিক শব্দবোৰে উবুৰি খাই পৰে
য'তে ত'তে
আমাক সকলোকে লাগে এখন কিতাপ
যাক জন্মৰ পৰা মৃত্যুলৈকে পঢ়িব পাৰি
আমনি নলগাকৈ…।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment