বিষণ্ণ
তাপ্তী দুতি বৰা
বিশ্বনাথ
আধুনিক সমাজ, ব্যস্ততাৰ পথ,
পাহৰি যায় পূৰ্বৰ অনুশীলন;
গচকি মোহাৰি দিয়ে
উচিত কাৰু-কাৰ্য্য,
সাবটি লয় ভণ্ডামি ধৰ্ম।
আধুনিক সমাজত যুৱপ্ৰজন্ম
সভ্যতা সংস্কৃতিৰ নামত
চলাই কিছুমান মন্তব্য,
য'ত নাই চিন চাপ
অতীত সভ্যতাৰ পাত্ৰ।
সকলো দিশতে জ্ঞানৰ নদী বৈ গৈছে,
আকৌ জোলোঙাত কিয় দেখিছো
ভেনামাখিয়ে আশ্ৰয় লৈছে?
আধুনিকতাৰ নিশাৰ আলিবাট,
হৈছে সকলো উন্নত
চাৰিওদিশে সভ্যতা সভ্যতা এটা গোন্ধ,
তথাপি কিয় লাগে ভয়
মাজৰাতি অকলে খোজ কাঢ়িব ?
সজাইছে বিশাল অট্টালিকাৰ ওপৰত অট্টালিকা,
পদূলিয়ে পদূলিয়ে প্ৰভাৱশালী আকাশী বন্তি,
জ্বলা নাই কেৱল সেই ঘৰত
যি ঘৰত টোপা-টোপে সৰি আছে
বৰষুণ মিশ্ৰিত চকুপানী।
সময়বোৰ সলনি হয়
সলনি নহয় মানুহৰ চিন্তাবোৰ,
নিৰ্মল বতাহজাকো
আজি প্ৰদূষিত হ’ল।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment