সন্দেহ
বলিন বৰদলৈ
আলামি, গোলাঘাট
একো একোটা বিষাক্ত ভাইৰাছৰ দৰে
ওপঙি ফুৰিছে অদৃশ্য এটি শব্দ ‘সন্দেহ’
আমাৰ চৌপাশে বতাহত
যি ভাঙে মন, ভাঙে হৃদয়
খুলি খুলি খাই জীৱনক ভিতৰি ভিতৰি
আনে সংঘাত নিহত কৰে বিশ্বাস ।
ভাঙে সোণৰ ঘৰ-সংসাৰ
স্বপ্নক কৰে দু:স্বপ্ন
প্ৰেমে হেৰুৱায় এবুকু বিশ্বাস
মিত্ৰক কৰে শত্ৰু, শত্ৰুক কৰে মিত্ৰ
চিঙি যায় ককাই-ভাই, বাই-ভনী সম্পৰ্কৰ এনাজৰী।
মায়াজাল তৰি তেজ উতলা কৰিব পাৰে
সন্মানিত ও অপমানিত কৰিব পাৰে
কেঁকোৰা পোৱালিয়ে মাকক খুলি খোৱাৰ দৰে
আপোনাক,মোক খুলি খাব পাৰে।
এবাৰ মনত সন্দেহৰ বীজ ৰোপিত হ’লে
বিছাৰি উলিয়াব নোৱাৰিব সমাধান সূত্ৰ
বাৰিষাৰ বলিয়া বানৰ তাণ্ডৱে
নৈপৰীয়া বাসীক সৰ্বস্বান্ত কৰাৰ দৰে
জীৱনক কৰে সৰ্বস্বান্ত,
সন্দেহ এক জটিল অংক
যাৰ একোৱেই নাই সমাধান সূত্ৰ…।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment