কণ্টকময় পথৰ অবিনাশী আলোক ‘বিবেক’ - Doksiri

Post Top Ad

Monday, September 30, 2024

demo-image

কণ্টকময় পথৰ অবিনাশী আলোক ‘বিবেক’

Responsive Ads Here

 

কণ্টকময় পথৰ অবিনাশী আলোক ‘বিবেক’

ড° দেৱজিৎ পেগু 

সহকাৰী অতিথি অধ্যাপক 

দৰ্শন বিভাগ 

গোগামুখ মহাবিদ্যালয় 


জীৱনৰ পুৱতি বেলা তমসাময় চেতনাৰে আবৃত হতাশা দোষ বেদনাৰে সিক্ত জীৱনৰ আগলি যাত্ৰা।

মনুষ্যৰ অন্তহীন জীৱন যাত্ৰা শুভাৰম্ভ দুখৰ দলিচাত 

মণিষীৰ জীৱন পৰিসমাপ্তি  বিবেকৰ অনাবিল আনন্দত!!!

অবুজ কোমল আৱেগত অগণন অচিনাকিৰ আছোঁৰ 

ব্যতিব্যস্ত কৰে জীৱনৰ গতিময় পৰিক্ৰমাক।

নিৰাশাৰে দিশহাৰা জীৱনৰ চাকনৈয়াত 

জীনৱক বিষময় কৰে এচাম মুখা পিন্ধা আধুনিকতাৰ ভদ্ৰ লোক। 

নদীৰ সোঁতৰ বিপৰীতে সাঁতোৰা অতি কষ্টকৰ 

তথাপি এই সাঁতোৰৰ সফলতাই কৰে জীৱনক মাদকতা আৰু সৌন্দৰ্যতা।

অসংযত আৱেগৰ সোঁত অতি প্ৰবল জীৱনক কৰে তচ-নচ

অসংযত আৱেগে কৰে বিবেকক ব্যতিব্যস্ত, ভয়, ভীতি, ভাবুকি আৰু কৰে জীৱন নিঃশেষ কৰাৰ হুংকাৰ।

জীৱন পৰিক্ৰমা অন্তহীন সংগ্ৰাম আৱেগ আৰু বিবেকৰ অহৰ্নিশে 

ক্ষণিক অসংযত আৱেগিক সোঁতে টলাবলৈ অক্ষম বিবেকৰ সুঠাম স্তম্ভক।

বিবেকৰ গম্ভীৰ শাশ্বত স্বৰত শৃংখলিত হয় জীৱনৰ গতি।

মনুষ্যৰ অবিনাশী সংগমস্থল বিবেকৰ বিশাল বক্ষত আলোকিত

জীৱনৰ পৰম পৰমাৰ্থ সত্য-শিৱ-সুন্দৰৰ জ্যোতি।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Pages