অসমৰ ইতিহাসত নাৰীৰ ভূমিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

অসমৰ ইতিহাসত নাৰীৰ ভূমিকা

 

অসমৰ ইতিহাসত নাৰীৰ ভূমিকা 


প্ৰতীক্ষা শৰ্মা

কটন বিশ্ববিদ্যালয়

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता:। यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफला क्रिया:।।

 য'ত নাৰীক পূজা কৰা হয় তাত দেৱতাই বাস কৰে ।

য'ত নাৰীক অনাদৰ কৰা হয় ,তাত কোনোৱে ফল লাভ নকৰে — শ্ৰীমদ্ভগৱতগীতা


 ব্ৰহ্মা , বিষ্ণু, মহেশ্বৰাদিৰ সৰ্বশক্তি প্ৰয়োগেও মহিষাসুৰৰ উপদ্ৰৱৰ পৰা পৃথিৱীক উদ্ধাৰ কৰিব নোৱাৰাত তেওঁলোকৰ নিশ্বাসে নাৰীৰূপ লৈ সেই অপশক্তিক নাশ কৰিছিল ।সেই স্বমহিমাই আছিল‌ মা দূৰ্গা ,যাৰ অবিহনে ধৰ্মীয় আখ্যানৰ আৰম্ভণি আধৰুৱা ।ঠিক তেনেই এক স্থান নাৰীয়ে এই অসমত জন্মসূত্ৰে লাভ কৰিছিল । সৰ্বশক্তিভূ মা কামাখ্যাক শ শ শতিকাজুৰি বিশ্বৰ সমস্ত ভক্তই কৰা পূজা, শ্ৰদ্ধাৰ যোগেদিৱে উপৰোক্ত কথাষাৰিৰ প্ৰমাণ পোৱা যায় । বৈদিক যুগৰ অসমীয়া নাৰীৰ সামাজিক ভূমিকাসম্পৰ্কে কোনো প্ৰামাণিক তথ্য পোৱা নাযায় যদিও  ভাৰতীয় সুঁতিৰ অন্যতম মূল আধাৰ মহাভাৰতত ভালেখিনি তথ্যৰ সম্ভেদ পোৱাটো উল্লেখযোগ্য ।ভানুমতীৰ পৰা আৰম্ভ কৰি ৰুক্মিণী;হিড়িম্বাৰ পৰা আৰম্ভ কৰি চিত্ৰাংগদাৰ স্বকীয় কাৰ্যৰ বিবৰণ উক্ত আধাৰ কীৰ্তিখনত পোৱা যায় । তেওঁলোকে ৰাজনীতি , সমাজনীতি আৰু সাংস্কৃতিক দিশত পৰোক্ষ তথা প্ৰত্যক্ষভাৱে  যে নিজৰ অৰিহণা যোগাইছিল তাৰ ই এক প্ৰমাণ । বিভিন্ন সময়ত বিভিন্ন ত্যাগী মহিলাই নিজৰ ত্যাগেৰে আমাৰ অসম দেশক ধন্য কৰি আহিছে । তেওঁলোকৰ কৃতিৰ প্ৰখৰতাত সৃষ্ট বিভিন্ন জতুৱা ঠাঁচ, গীত-মাত আদিয়ে তেওলোকৰ বীৰত্বৰ গাথা যুগ যুগান্তকাৰলৈ গুণ গুণাই যাব—

 

অসমীয়া মহিলাৰ ৰাজকাৰ্য্য, সামাজিক কৰ্মাদিত বাধা নিষেধ তুলনামূলকভাৱে আন ঠাইতকৈ কম আছিল । ইতিহাস প্ৰমাণিত  আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ভৰি দিলে প্ৰথমেই অসমী কন্যা অমৃতপ্ৰভাৰ নাম উল্লেখ কৰাটো বাঞ্ছনীয় ,যি নিজ গুণৰ বলত কাশ্মীৰৰ ৰাজপটেশ্বৰী হৈছিল। খ্ৰীষ্টীয় প্ৰথম শতিকাত সুদূৰ কাশ্মীৰত বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে কলহনৰ ৰাজতৰঙ্গিনী আৰু চীনা পৰিব্ৰাজক ঔ কংৰ কাশ্মীৰ বিবৰণৰ পাতত এক বিশেষ স্হান দখল কৰিছিল।

সতী জয়মতী::

 জয়মতী কুৱঁৰীৰ কথা বৰ্ণনা কৰিবলগীয়া বিশেষ একো নাই তেওঁৰ ত্যাগেই তেওঁৰ অহোপুৰুষাৰ্থৰ জীয়া সাক্ষী। স্বামী গদাপাণি তথা সমস্ত আহোমজাতিক ৰজাৰ স্বৈৰাচৰিতাৰ পৰা বচাবলৈ তেওঁ নিজৰ প্ৰাণত্যাগৰ যি এক স্বাক্ষৰ জেৰেঙা পথাৰত দি গ'ল ‌তাক লৈ এজনী অসমীয়া নাৰী হিচাপে মই গৰ্বিত।

মূলা গাভৰু::

একৰাতিতে বৈ ওলোৱা বিশ্বাসজনিত কবচখনক বব নোৱাৰাৰ বাবে স্বামীৰ মৃত্যুক নিজে গা পাতি লৈ যুদ্ধলৈ বুলি ওলোৱাজনে হ'ল মূলা গাভৰু । শত্ৰুসেনাক পিছহুহোকাবলৈ বাধ্য কৰোৱা এনে দূৰ্দান্ত মহিলাই দেখাই দিছিল যে অসমীয়া নাৰী কোনো গুণে কম নহয়।

মাতৃ দেবো ভব: —জন্মদাত্ৰীৰ ঋণ আমি কোনোটো জনমতে পূৰাব নোৱাৰোঁ বাবেই তেওঁৰ পূজন দেবতাৰো আগত হয় । পৃথিৱীত একমাত্ৰ মাতৃয়েহে নিজৰ প্ৰাণতকৈও নিজৰ সন্তানক চেনেহ যাচে । আহোম ৰমণীয়ে মাতৃস্নেহৰ বশবৰ্তী হৈ স্বয়ং স্বৰ্গদেউৰ আগত আঙুলি টোৱাই প্ৰশ্ন নিক্ষেপ কৰিছিল তথা ৰজাক প্ৰশ্নৰে থকা-সৰকা কৰি উপায়ন্তৰ হ'বলৈ বাধ্য কৰাইছিল এইখন অসমতে ।


স্বাধীনতাকালৰ সময় কি ?বা তাৰ উত্তৰ সময়ত ভাৰতীয়ৰ অবদান, ত্যাগাদি কি আছিল ? বৰ্তমান এনে প্ৰশ্নৰ অবতাৰণাই সেই সংগ্ৰামীসকলৰ নিস্বাৰ্থ দেশপ্ৰেমৰ অপমান কৰা বুজাব । গান্ধীৰ নেতৃত্বত ভাৰতৰ আন আন অঞ্চলৰ মহিলা কস্তুৰবা,বিজয়লক্ষ্মী সভাপণ্ডিত , সৰোজিনী নাইডু আদিয়ে পুৰুষৰ কান্ধত কান্ধ মিলাই আন্দোলনত জঁপিয়াই পৰাৰ তেজ অসমীয়া নাৰী জন্মগতভাবেই লাভ কৰিছিল ।কনকলতা ,ভোগেশ্বৰী ফুকননীয়ে  দেশস্বাধীনতাৰ  অংগীকাৰেৰে  নিজৰ পতাকাৰ প্ৰতি দেখুওৱা শ্ৰদ্ধাক আমি ইয়াৰ  পৰাই নমন কৰোঁ ।


 বৰ্তমানৰ অসমীয়া সমাজত নাৰীৰ ভুমিকা :


নতুনত্বৰ প্ৰভাৱে সকলোকে স্পৰ্শ কৰিছে । এইক্ষেত্ৰত অসমৰ নাৰীও ব্যতিক্ৰম নহয় । ৰাজনীতিৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক,খেল আদিৰ শীৰ্ষস্থান দখল কৰিব পৰাটো অসমীয়া নাৰীৰ এক সফল অধ্যায়ৰ আৰম্ভণি ।এনে ক্ষেত্ৰত অজন্তা নেওগ, ৰীমা দাস , হিমা দাস , লাভলীনা বৰগোহাঁই আদিৰ নাম উল্লেখযোগ্য । অসমীয়া নাৰীয়ে অসমৰ স্বাভিমান গামোচাক বিশ্বৰ বুকুত দাঙি ধৰক সেইয়াই আমাৰ আশা ।

 

বৰ্তমানৰ সমাজত অসমীয়া নাৰীৰ প্ৰত্যাহ্বান :

समता सर्वभूतेषु

एतद् मुक्तस्य लक्षणम् ।

সকলোতে সমানতা এইয়াই মুক্ততাৰ লক্ষণ — স্বামী বিবেকানন্দ ।


 নীতিনিৰ্ধাৰণকাৰী পুৰুষৰ একচেটিয়া দখলত যে বৰ্তমান নাৰীয়ে উজুতি খাইছে সেইটো এক বিচাৰ্যৰ বিষয় । ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাৰ পুৰুষৰ সমানে  সমাধিকাৰ পোৱাটো এক সদৰ্থক কথা । উদাহৰণস্বৰূপে যৌতুক প্ৰথাৰ কথা কব পাৰোঁ ।আন ৰাজ্যত যৌতুক প্ৰথাৰ বাবে শাৰীৰিক- মানসিক কষ্ট পোৱাৰ বিপৰীতে অসমত এই প্ৰথা সম্পূৰ্ণভাবে নিষেধ হোৱাটোয়ে অসমীয়া সমাজত মহিলাৰ স্থিতি দৰ্শায় । কিন্তু আধুনিকতাৰ স্পৰ্শত সামাজিক কামসমূহত নতুনত্ব অনাৰ বিপৰীতে কিছুমান ক্ষেত্ৰত  বিকৃত মানসিকতাৰ স্বৰূপ উদঙাই দিয়াটো অসমবাসীৰ বাবে এক ভাল লক্ষণ নহয়। অৱশ্যে নাৰী পদে পদে লঞ্চিত বুলি এষাৰ কথা আছে ,সেইয়া লাগিলে ইতিহাসলব্ধ ক্ৰুটিয়ে হওঁক  বা বৰ্তমানৰ চচিয়েল মিডিয়া। জয়মতীয়ে জীয়াতু নিৰ্যাতন ভুগিলে কিন্তু পাটৰাণীৰ সুখ ভোগ কৰিলেনে ? মুলাগাভৰুয়ে গিৰিয়েকক বচাব নোৱাৰাৰ অনুতাপত ৰণভূমিত নিজৰ প্ৰভূত্ব আগবঢ়ালে কিন্তু কেইজন অসমীয়াই তেওঁক মনত ৰাখিলে ?  ৰমণীগাভৰুয়ে নিজৰ দেশ ৰক্ষাৰ্থে মোগল ৰাজদৰবাৰত নিজৰ বাসৰ স্থায়ীত্ব স্থিৰ কৰিছিল , কিন্তু মোমায়েক লালুকসোলা বৰফুকনৰ অভিসন্ধিক ৰোধ কৰিব পাৰিলেনে ? যিগৰাকী মন্ত্ৰী পত্নীয়ে নিজৰ সন্তানৰ ৰক্ষাৰ্থে ৰজা আৰু নিজৰ স্বামীৰ বিপক্ষে যাবলৈ সাহ কৰিলে, সেইগৰাকী গাভৰুকনো কেইজন অসমীয়াই মাতৃৰ আদৰ্শ হিচাপে স্থান দিছে। উক্ত আহোম বংশাৱলীৰ ইতিহাসক বাদ দি আমি যদি আন ক্ষেত্ৰসমূহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়াও লিংগবৈষম্যৰ আভাষ পাও ।আজি কবিতা -গল্পজগতৰ ইতিহাস খুঁচৰি ৰমন্যাসবাদ, আধুনিকতাবাদ তথা উত্তৰ আধুনিকতাবাদৰ বিবৰণৰ খিৰিকী মেলি চালে দেখিম সকলোখিনি একপক্ষীয়ভাৱে পুৰুষৰ হাতত পোখা মেলিছে ।তাৰ মাজতে নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ,মামণি ৰয়ছম গোস্বামী আদি মহীয়সী নাৰীয়ে নিজৰ কৰ্মদক্ষতাৰে অসমীয়াৰ ভড়াল পূৰ্ণ কৰিছে ।অসমীয়া সাহিত্য সভাত হোৱা এক অপ্ৰীতিকৰ পৰিস্থিতিক নলিনীবালা দেৱীয়ে চম্ভালিছিল।কথা হ'ল সেইসময়ত আন প্ৰভাৱশালী মহিলা লেখক নাছিল নে ?নাৰীৰ জীৱন নিৰ্দিষ্ট সূত্ৰত বান্ধি নিদি , পুৰুষৰ  সমপৰ্যায়েৰে ব্যক্তিসত্তাক সন্মান জনোৱা এক সুস্থ সমাজৰ অলকানন্দা বোৱালেহে অসমীয়া নাৰীয়ে আকাশৰ সুউচ্চ শিখৰত উপনীত হ'ব।


                             Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

            


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages