কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা
প্ৰৱীণ ৰাজবংশী
জাজৰি, মৰিগাঁও
১৯০৯ খীষ্টাব্দত ৩১ জানুৱাৰীত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বেঙ্গল প্ৰেসিদেন্সিত ঢাকাত (বাংলাদেশ) জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ মুছাহাৰী। মুছাহাৰী দেৱে বড়ো জনগোষ্ঠীৰ হ’লেও ৰাভা পৰিয়ালত ডাঙৰ হোৱা হেতুকে তেওঁ পিছলৈ ৰাভা উপাধি গ্ৰহণ কৰে। ৰাভাদেৱে সেনা বিভাগত স্কুলিয়া শিক্ষা আৰম্ভ কৰিছিল যদিও পিতৃৰ মৃত্যুৰ পিছত তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা ১৯২৬ খীষ্টাব্দত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীন হয়। তাৰ পিছত ঢাকাৰ কাৰমাইকেল কলেজত নাম লগাই আই এচ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ৰিপন কলেজত নাম লগাই তেতিয়াৰ পৰাই স্বাধীনতা সংগ্ৰামত নামি পৰে।
১৯৩৯ খীষ্টাব্দত কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে। ১৯৩৫-৩৭ খীষ্টাব্দত জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ জয়মতীত নৃত্য পৰিচালনা কৰে আৰু সুনিত কোৱৰী নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তোত কৰে ১৯৪৬ খীষ্টাব্দত কলিকতাত চিৰাজ ছবিৰ কাম কৰে। তেখেতে বহু কালজয়ী গীত ৰচনা কৰি থৈ গৈছে । তেখেতে লিখা গীতবোৰ ৰাভা সংগীত নামে পৰিচিত। তেজপুৰত বাণ ৰংগমঞ্চৰ নিয়মিয়াকৈ অভিনয় কৰাৰ পিছত যাত্ৰা পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ ওপৰিও কেইবাখনো ছবিত অভিনয় কৰিছিল। তেখেতৰ অভিনীত ছবি সমুহ জয়মতী, এৰা বাটৰ সুৰ, চিৰাজ। চিৰাজ ছবিখন ফণী শৰ্মাৰ লগত যুটীয়াভাৱে পৰিচালনা কৰিছিল। ৰাভাদেৱে গীত নাটকৰ ওপৰিও বহু কবিতা গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক প্ৰৱন্ধ পুথি ৰচনা কৰি গৈছিল। উপন্যাস সোনপাহি মিচিং কানেং, নাটক গেঙনী ৰেঙনী, প্ৰবন্ধ অসমীয়া কৃষ্টিৰ চমু আভাষ, অতীত অসম, মুক্তি দেউল গল্পসমুহ মামীৰ হাৰ, কুৰী বছৰ জেইল, জালকেচ, হিয়াৰ পুং, ফুংকা (বড়ো ভাষাত ৰচিত)। ১৯৪৫খীষ্টাব্দত ভাৰতীয় বিপ্লবী কমিনিষ্টদলৰ সংস্পৰ্শ লৈ আহে। ১৯৪৮ চনত এই দলটো নিষিদ্ধ হোৱাত ১৯৪৮ খীষ্টাব্দৰ পৰা ১৯৫২ খীষ্টাব্দলৈ আত্মগোপন কৰি থাকে। সেইসময়ৰ বিষ্ণু মেধি চৰকাৰে তেওঁৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষনা কৰে। ১৯৫২ খীষ্টাব্দৰ গোৱালপাৰাৰ ঘিলামৰা গাওঁৰ পৰা তেওঁৰ সপত্নীক গ্ৰেপ্তাৰ কৰে তেতিয়াই তেওঁ এবছৰৰ কাৰণে কাৰাবাস খাটে। ১৯৫৭ খীষ্টাব্দত বৰপেটা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। ১৯৩৭ খীষ্টাব্দৰ ২৪ নবেম্বৰত যোৰহাটৰ গায়িকা প্ৰিয়বালাৰ লগত বিবাহ পাশত আবদ্ধ হয়। বিয়াৰ কিছুদিন পিছত সান্নিপাত জ্বৰত তেখেত আক্ৰান্ত হোৱাত তেখেতৰ মৃত্যু হয়। তাৰ পিছতে নিৰুপমা দেবীৰ সান্নিধ্য লৈ আহে যদিও ৰাভা দেৱে আনুষ্ঠানিক ভাৱে বিবাহ পাশত আবদ্ধ নহ’ল তাৰ পিছতে কনক লতা মেধীক বিয়া পাতে। তেওৰ দুই পুত্ৰ পৃথ্ৰীৰাজ ৰাভা (থুন থুন) হেমৰাজ ৰাভা (মুন মুন)। তাৰ পিছতেই কনকলতা দেবীৰ মৃত্যু হোৱাত মোহিনী বালা বসুমতাৰীৰ বিয়া কৰাই তেওৰ ফালৰ পৰাও দুটি সন্তান হয় যদিও ছোৱালী জনীৰ মৃত্যুৰ পিছত লৰা মেণ্ডেলা ৰাভা থাকে। ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰু দেৱে মৃত্যুক সাৱটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগৰ বাৱে তেখেতক অসমবাসী ৰাইজে হেৰুৱাবলগীয়া হ’ল।
তেখেতৰ মৃত্যুত অসমৰ সাহিত্য, সংস্কৃতিৰ অপূৰণীয় ক্ষতি হৈ ৰ’ল। তেখেতৰ স্মৃতিত ২০ জুন তাৰিখে ৰাভা দিৱস হিচাপে পালন কৰা হয়। তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ) আৰু বিষ্ণু ৰাভা পুনৰ আহিব উভতি শীৰ্ষক দুখন জীৱনী লিখি উলিয়ায়। ৰাভা দেৱে আমাৰ সাহিত্যৰ পথাৰখন চহকী কৰি থৈ গৈছে। ৰাভা দেৱক শতকোটি প্ৰণাম।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment