অমানিশা
ৰঞ্জু গায়ন (বৰুৱা)
নামৰূপ
চঞ্চলা পখিলাজনী যৌৱনে গঢ়কাত আৰু দুগুণ দীপ্-লিপ হৈ পৰিল। তাই এতিয়া আগৰ দৰে চঞ্চল নহয় গহীন গম্ভীৰ লগতে নিজৰ সৰু পৰিয়ালটিৰ কথাও চিন্তা কৰিব পৰা হ’ল। খেতিয়ক দেউতাকে তাই কাৰণে আৰু কিমান কষ্ট কৰিব সেয়েহে তাই টিউচন কৰি যি এটকা-দুটকা পায় নিজৰ পঢ়া-শুনাত খৰচ কৰে। তাইৰ সপোন আছিল দেশৰ কাৰণে আৰু মাক-দেউতাকৰ কাৰণে কিবা এটা কৰাৰ। সেই বাবে তাই প্ৰতিটো কাম খুব মনোযোগেৰে কৰিছিল। কিন্তু; এদিন হঠাৎ তাই জীৱনলৈ কাল অমানিশা নামি আহিল। কোনো অচিনাকি দুৰ্বৃত্তই ধৰ্ষণ কৰি তাইৰ পাখি দুখন কাটি পেলালে ফলত তাইৰ লগতে পৰিয়ালটো নিমিষতে ধ্বংস হৈ গ’ল।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment