শাওনৰ ৰিমজিম হ’লো মই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

শাওনৰ ৰিমজিম হ’লো মই

 

শাওনৰ ৰিমজিম হ’লো মই 


                                               নাছিৰ আহমেদ 

                                  শিমলাবাৰী, গোৱালপাৰা


শাওনৰ ৰিমজিম হ’লো মই 

বুকু তিঁয়াই যায়,

হিয়াৰ যাতনাবোৰ

মোক বাৰে বাৰে সোঁৱৰায়। 


মন মোৰ শাওনৰ মেঘ হ’ল 

তোমাৰ সজল আঁখিযুৰি

বন্যাৰ ধল হৈ নামি

মোক বাৰে বাৰে কন্দুয়ায়!


শাওনৰ ৰিমজিম হ’লো মই 

বুকু তিঁয়াই যায় 

হিয়াৰ যাতনাবোৰ 

মোক বাৰে বাৰে সোঁৱৰায়।


মই হ’বতো নোৱাৰোঁ 

শেৱালিৰ সুবাস,

কোকিলৰ মিঠা মাত,

হ’বতো নোৱাৰোঁ 

সূৰুযৰ ৰাঙলী আভা;

ভঙা- চিঙা জীৱনৰ বীণ মোৰ 

বাৰে বাৰে বিনায় মাথোঁ বিনায়!

তোমাৰ বিদায় বেলাত !!


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages