নাৰী দিৱস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 1, 2024

নাৰী দিৱস



 নাৰী দিৱস


মিনু হাজৰিকা


  বিশ্বৰ বিভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপনৰ লক্ষ্য পৃথক পৃথক। কোনো কোনো ঠাইত নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা উদযাপনৰ মুখ্য বিষয় হয় আৰু কোনো ঠাইত আকৌ মহিলা সকলৰ আৰ্থিক ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ কথা বোৰে বেছিকৈ গুৰুত্ব পোৱা দেখা যায়। নাৰী দিৱসৰ ইতিহাস অধ্যয়ন কৰিলে পোৱা যায় যে এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ কথা জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰি বৈষম্য কৰ্মঘন্টা নিৰ্দিষ্ট কৰা কামৰ অমানবিক পৰিবেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে আন্দোলন কৰিছিল আৰু সেই আন্দোলনক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজ তান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্ব প্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা আছিল এগৰাকী জাৰ্মান ৰাজনীতিবিদ। ইয়াৰ পিছত ১৯১০ চনত ডেনমাৰ্কত অনুষ্ঠিত হয় দ্বিতীয় আন্তৰ্জাতিক নাৰী সন্মিলন। এই নাৰী সন্মিলনত ১৭ খন দেশৰ ১০০ গৰাকী নাৰী প্ৰতি নিধিয়ে অংশগ্ৰহণ কৰিছিল। আৰু এই সন্মিলনতেই অভিজ্ঞ ৰাজনীতিবিদ ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে আৰু সেই প্ৰস্তাৱ অনুসৰি ১৯১১ চনৰ পৰা নাৰী সকলৰ সম অধিকাৰ দিৱস উদযাপন কৰে। অৱশেষত ১৯৭৫ চনৰ ৮ মাৰ্চ দিনটো আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। লগে লগে ৮ মাৰ্চ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰিবলৈ ৰাষ্ট্ৰ সংঘই বিভিন্ন ৰাষ্ট্ৰক আহ্বান জনায়। তাৰ পিছৰ পৰাই প্ৰতিবছৰে গোটেই বিশ্বই পালন কৰি আহিছে। এয়াই ইতিহাস নাৰী দিৱসৰ।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages