ক্ৰমবৰ্ধমান ৰূপত শিশুৰ এক জটিল স্নায়ুবিকাশ জনিত বিকাৰ আৰু ইয়াৰ প্ৰতিকাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 1, 2024

ক্ৰমবৰ্ধমান ৰূপত শিশুৰ এক জটিল স্নায়ুবিকাশ জনিত বিকাৰ আৰু ইয়াৰ প্ৰতিকাৰ

 


ক্ৰমবৰ্ধমান ৰূপত শিশুৰ এক জটিল স্নায়ুবিকাশ জনিত বিকাৰ আৰু ইয়াৰ প্ৰতিকাৰ


সঞ্চিতা শর্মা


     সাম্প্রতিক সময়ত শিশুৰ বিকাশজনিত বিকাৰ সমূহৰ মাজত সততে শুনিবলৈ পোৱা এক বিকাৰ হৈছে অটিজিম স্পেকট্রাম ডিজঅর্ডাৰ (Autism Spectrum Disorder) বা চমুকৈ এ.এছ. ডি. (A.S.D)। ই হৈছে শিশুৰ জটিল স্নায়ুবিকাশজনিত এক বিকাৰ যাৰ লক্ষণ সমূহ সাধাৰণতে শিশুৰ ছয় মাহ মান বয়সৰ পৰাই দেখা দিয়ে আৰু শিশুটিৰ তিনি বা চাৰি বছৰ বয়সত সম্পূর্ণতা পায়। ASD ত আক্রান্ত শিশুৰ বেছি সংখ্যকৰে জীৱনৰ প্রথম কেইমাহ মানৰ ভিতৰতে ভবিষ্যতৰ লক্ষণ সমূহ দেখা দিয়ে। আন কিছুমানৰ ক্ষেত্রত চৌব্বিছ মাহ বা তাতকৈ অধিক সময়ৰ পিছত লক্ষণ সমূহে দেখা দিব পাৰে। এনে শিশুৱে ওঠৰৰ পৰা চৌব্বিছ মাহ মান বয়সলৈকে স্বাভাৱিক ভাৱে বিকাশ হোৱা যেন লাগে যদিও তাৰ পিছত তেওঁলোকে নতুন দক্ষতা বিকাশ কৰা বন্ধ কৰে বা পূর্বতে আহৰণ কৰা দক্ষতা হেৰুৱাই পেলাই। ASD ব লক্ষণ সমূহ আজীৱন স্থায়ী হৈ থাকিব পাৰে যদিও কিছু কিছু ক্ষেত্রত সময়ৰ লগে লগে লক্ষণ বোৰৰ তীব্ৰতা কিছু কমিব পাৰে। ASD বিকাৰগ্রস্ত শিশু সকলৰ সামাজিক সম্পর্ক স্থাপন কৰাৰ অক্ষমতাৰ লগতে ভাৱ বিনিময়ত অপাৰগ হয়। ASD আন আন প্রধান লক্ষণ সমূহ তলত বিশদভাৱে আগবঢ়োৱা হ’লঃ


    (১) অতি সূক্ষ্ম কিছুমান শব্দৰ প্ৰতি তেওঁলোকক যথেষ্ট আগ্রহী হোৱা দেখা যায় অথচ খুব ডাঙৰ শব্দকো তেওঁলোকে আওকাণ কৰিব পাৰে। উদাহৰণ স্বৰূপে, শিশুটিক ঘড়ীৰ কাঁটা ডালৰ টিকটিক শব্দই আগ্ৰহী কৰিব পাৰে কিন্তু ওচৰতে খুব ভাঙৰকৈ বাচন- বর্তন পৰি শব্দ হলেও তেওঁৰ মনোযোগ আকর্ষণ নকৰে। ফলত বহুতো পিতৃ-মাতৃয়ে শিশুটিৰ শ্ৰৱনত প্রতিবন্ধকতা থকা বুলি ENT বিশেষজ্ঞৰ কাষ চপা দেখা যায়।

   (২) একেটা বাক্য বা একেটা শব্দকে পুনঃ পুনঃ ভাৱে আওৰাই থাকে। কোনো ব্যক্তিয়ে যদি এনে শিশুক সোধে, “তোমাৰ নামটো কি?”, শিশুটিয়ে ওলোটাই নামটো কোৱাৰ সলনি তেওঁক সুধিব পাৰে ‘তোমাৰ নামটো কি?’।

   (৩) একেধৰণৰ আচৰণ যেনে হাত দুখন সঘনাই মাৰি থাকে, জঁপিয়াই থাকিলে জঁপিয়াই য়ে থাকে।

  (৪) সর্বনাম বোৰ ব্যবহাৰ কৰোতে ভুল কৰে, যেনে “মোক পুতলা এটা লাগে”  বুলি কোৱাৰ সলনি “তোমাক পুতলা এটা লাগে” বুলি ক’ব।

  (৫) কোনো বস্তুলৈ সঠিককে আঙুলিয়াই দেখাব নোৱাৰিব পাৰে।

  (৬) এনে শিশুৱে চকুলৈ চাই কথা ক’ব নোৱাৰে।

  (৭) আৱেগ অনুভূতি প্রকাশ কৰিবৰ ক্ষমতা প্রায় নাথাকে।

  (৮) কিছু কিছুৰ ক্ষেত্ৰত ভাষা বিনিময়ত অক্ষমতাৰ লগতে বৌদ্ধিক অক্ষমতাও দেখা যায়। ফলত বন্ধুত্ব কৰিবও নোৱাৰে।

  (৯) এনে বিকাৰগ্ৰস্ত শিশুয়ে আন শিশু ৰ দৰে কল্পনা কৰি কোনো খেল খেলিব নোৱাৰে।

     ওপৰোক্ত সকলোবোৰ ASD ৰে লক্ষণ যদিও প্রতিজন শিশুৰ ক্ষেত্রত এই সকলোবোৰ লক্ষণ দেখা নিদিবও পাৰে। ‘Spectrum’ শব্দটিয়ে উনুকিয়াইছে ASD ৰ প্রকাৰৰ বিভিন্নতাৰ কথা। প্ৰকাৰ অনুসৰি লক্ষণবোৰ ভিন ভিন। ASD ৰ প্রধান প্রকাৰ কেইটামান তলত উল্লেখ কৰা হ’ল-

   (১) ক্লাছিক অটিজিম (Classic Autism): অটিজিমৰ আটাইতকৈ সাধাৰণ ৰূপটোৱেই হৈছে ক্লাছিক অটিজিম। এনে শিশুৰ সাধাৰণতে  ভাষাৰ ক্ষেত্রত যথেষ্ট বাধা থাকে। ভাৱ বিনিময়ত অপাৰগতা প্রকাশ পোৱাৰ লগতে বৌদ্ধিক অক্ষমতা আৰু অস্বাভাবিক আচৰণ প্রকাশ কৰাটোও এনে বিকাৰগ্ৰস্ত শিশুৰ অন্যতম লক্ষণ।

  (২) এছপাৰগাৰ চিনড্রম (Asperger's syndrome): এনে চিনড্রম থকা শিশুৰ লক্ষণ বোৰ মৃদু। সামাজিক সম্পর্ক স্থাপনত অক্ষমতা আৰু অস্বাভাৱিক তথা পুনৰাবৃত্তিমূলক আচৰণ দেখুৱাই যদিও এনে শিশুৰ ভাষাৰ আৰু বৌদ্ধিক অক্ষমতা নাথাকে।

  (৩) পাৰ্ৰভেছিভ ডেভেলমেন্টেল ডিজঅর্ডাৰ (Pervasive Develomental Disorder): ইয়াক এটিপিকেল অটিজিম বোলা হয়। যিসকল শিশুৰ অটিজিম ডিজঅর্ডাৰ আৰু এছপাৰগাৰ চিনড্রম দুয়োবিধৰে কিছু কিছু মৃদু লক্ষণ দেখা পোৱা যায় যদিও সকলোবোৰ লক্ষণ দেখা নাযায়, তাকেই সাধাৰ ণতে এই শ্রেণীত অন্তর্ভুক্ত কৰা হয়। ইয়াৰ লক্ষণ সমূহ সাধাৰণতে ভাষাত প্রতিবন্ধকতা সৃষ্টি ৰ লগতে সামাজিক অক্ষমতা তে সীমাবদ্ধ।

     এতিয়া আহো কাৰণ সমূহলৈ। ASD ৰ ওপৰত এতিয়াও যথেষ্ট গৱেষনা কৰি থকা হৈছে। বর্তমানলৈকে পোহৰলৈ অহা কাৰণ সমূহৰ ভিতৰত অন্যতম হৈছেঃ

   (১) জেনেটিকঃ শিশুটিয়ে বংশানুক্রমিক ভাবে অটিজিম লাভ কৰিব পাৰে। পিতৃ-মাতৃ বা তেওঁলোকৰ আগৰ  প্রজন্মৰ কাৰোবাৰ অটিজিম থাকিলে শিশুটিৰ অটিজিম হোৱাৰ আশংকা থাকে।

   (২) গর্ভস্থ অৱস্থাত মাতৃ গৰাকীৰ পৰিপুষ্টি ৰ অভাৱৰ বাবেও অটিজিম হব পাৰে।

  (৩) শিশুটি গৰ্ভত থাকোতে মাতৃ গৰাকীয়ে কোনো কথাত মানসিক চাপ পালে শিশুটিৰ অটিজিম হ’ব পাৰে। 

   (৪) গর্ভত থাকোতে ইউটেৰাছত যিকোনো ধবণৰ ইনফেক্সন হ’লে বা শিশুটিয়ে গর্ভত অক্সিজেনৰ পৰিমাণ কমকৈ পালে তেনে শিশুৰ অটিজিম হোৱাৰ সম্ভাৱনা থাকে।

   (৫) শিশুটিয়ে গর্ভস্থ অৱস্থাত তাতে পায়খানা কৰিলেও ভবিষ্যতে শিশু টিৰ অটিজিমৰ আশংকা থাকে।

   (৬) গর্ভৱতী মহিলাই বেছিকৈ মাবাইল ব্যৱহাৰ কৰিলে তাৰ পৰা নির্গত বিদ্যুৎ চুম্বকীয় ৰশ্মিয়ে গর্ভত থকা শিশুটোৰ আটিজিম হোৱাত অৰিহণা যোগায়।

  (৭) জন্মৰ পিছত শিশুটিয়ে পোৱা পৰিবেশ, মাক-দেউতাকৰ হায়-কাজিয়া, শিশু টিৰ লগত কম কথা পতা, সময় নিদিয়া আদিও অটিজিমৰ উল্লেখযোগ্য কাৰণ।

  (৮) শেহতীয়া গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি টি.ভি, ম’বাইল আদিত বেছিকৈ সময় দিয়া শিশুৰ অটিজিম হোৱাৰ সম্ভাৱনা অধিক। আচৰিত যেন লাগিলেও মবাইলতকৈ টি.ভি ৰ পৰা হোৱা ক্ষতিয়ে বেছি বুলি গবেষণাই কৈছে।

     আচলতে আজিৰ এই জটিলতাৰ যুগত গর্ভৱতী অৱস্থাৰ পৰাই মহিলা সকলে সন্তানৰ ভৱিষ্যতে হব পৰা সকলো ধৰণৰ ক্ষতিৰ বিষয়ে অৱগত হৈ সচেতনতা অৱলম্বন কৰিব লাগে। ব্যস্ততাৰে পৰিপূর্ণ জীবনবোৰত আজিকালি পিতৃ-মাতৃ দুয়ো নিজ নিজ কৰ্ম ক্ষেত্ৰলৈ গুচি যাব লগীয়া হয় যদিও ঘূৰি আহি যিমান পাৰে সিমান বেছি সময় নিজৰ সন্তানৰ লগত কটোৱাৰ চেষ্টা কৰিব লাগে। কাৰণ পিতৃ-মাতৃৰ সৈতে সম্পর্কৰ বান্ধোনটো গঠন কৰোঁতেই শিশুটিয়ে সামাজিক সম্পর্ক স্থাপন, ভাষাৰে ভাৱ বিনিময়, আকাৰ-ইংগিত বুজা আদি বহু খিনি কথাৰ আদিপাঠ লাভ কৰে। দামী খেলনা সামগ্রী বা ব্ৰেন্ডেড সাজ-পোচাকতকৈ পিতৃ-মাতৃয়ে দিয়া সময়হে সন্তানৰ প্রকৃত উপহাৰ তথা অটিজিমৰ দৰে বিকাৰ ৰ পৰা নিজ সন্তানক আতৰত ৰখাৰ উপায়। এই বিকাৰৰ হাৰ আজিকালি বৃদ্ধি পাইছে যদিও ই হাজাৰত তিনিটি শিশুৰ হোৱা বুলিহে সমীক্ষাত প্রকাশ পাইছে। ইয়াৰে ভিতৰত ল'ৰা আৰু ছোৱালীৰ অনুপাত 4:1 অর্থাৎ প্ৰতি চাৰিজন ল'ৰাৰ বিপৰীতে এজনী ছোৱালীৰ হে অটিজিম হোৱা দেখা যায়। বলিউডৰ My Name Is Khan, Barfi, Main Aisa Hi Hoon আদি ছবিত অটিজিমক চিত্রিত কৰা হৈছে। মূলতে সজাগতাইহে এই বিকাৰগ্রস্ততাৰ পৰিমাণ কমাব পাৰিব বুলি আশাবাদী।


ঠিকনাঃ

সঞ্চিতা শর্মা

সহঃ শিক্ষয়িত্রী, দিল্লী চাহ বাগিচা আদর্শ বিদ্যালয়, নামৰূপ, ডিব্ৰুগড়

মোবাইলঃ 8638331335


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages