কাংকিন কৗবাঙৰ চমু ইতিহাস আৰু বৰ্তমান
মন্টুৰাম টাইদ
হাতীয়েমৰা, লখিমপুৰ
“আজি কাংকিন কৗবাঙৰ মঞ্চত উপবিষ্ট হৈ এনে লাগিছে যেন মই জাপানৰ এজাক ফুৰ্তিবাজ ডেকা গাভৰুৰ মাজত আছো।”
- ড° ভুপেন হাজৰিকা
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ কাংকিন কৗবাং মঞ্চত উপস্থিত থাকি এনেদৰে কৈছিল। (৮ চেপ্তেম্বৰ, ১৯৮৬) ।
২০০১ চনটোৰ বাৰ্ষিক প্ৰকাশ 'গমুগ'ত সম্পাদক পদ্মলোচন দলেয়ে ২৫ পৃষ্ঠাত লিখিছে - 'কেইটামান সাম্প্ৰতিক চিন্তা, কাংকিন কৗবাঙ ' -
Língi língiuwé jaubon appuné
Kampo kangkané pi:mug appuné
Yauwg yauwgé bau-amdang a:mé
Anu sulliuwé Unte unteuwé .
এই গীতৰ সুৰেৰে শিল্পী অই আপ্পুন গনেশ পেগুৱে ১৯৭০ চনত ৬ চেপ্তেম্বৰত উত্তৰ লখিমপুৰ ন-পুৰনি মিচিং ছাত্ৰ- ছাত্ৰী চা - চিনাকী সভাত কাংকিন কৗবাঙ নামাকৰণেৰে শ্ৰুতিমধুৰ শব্দৰ সংযোজনা কৰি মিচিং সমাজৰ এক উৎসৱ শুভাৰম্ভ কৰিছিল ।
কাংকিন কৗবাং প্ৰথমবাৰৰ বাবে লক্ষীমপুৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় । উত্তৰ লক্ষীমপুৰ চহৰত অধ্যয়নৰত থকা কেইজনমান উদ্যোগী ছাত্ৰ ডেকাৰ সহযোগত ন- পুৰণি চিনাকী সভা পাতিবলৈ প্ৰস্তাৱ লৈছিল ।
১৯৭০ চনৰ ৬ চেপ্তেম্বৰ মাহ , ন- পুৰণি চিনাকী সভা অৰ্থাৎ " উত্তৰ লক্ষীমপুৰ ন- পুৰণি মিচিং ছাত্ৰ- ছাত্ৰীৰ চা- চিনাকী সভা"ষ উদ্বোক্তাসকল আছিল সভাপতি হেমচন্দ্ৰ পায়েং , সম্পাদক কমল চন্দ্ৰ টায়ে , গৌতম মিলি , গোবিন্দ টাইদ , গোপীনাথ পাংগিং , চণ্ডিৰাম পেগু আদি ব্যক্তি । মিচিং সমাজৰ বাৰে ৰহণীয়া ক'লা -কৃষ্টি এটি পদৰ্শনৰ বাবে আৰু বহুতো সুৰ -সংগীতৰ স্বাদ বিচাৰি মাজুলীৰ পৰা নিমন্ত্ৰণ কৰা হৈছিল গনেশ পেগু দেৱক ।
ন-পুৰণি সভাৰ সভাপতিত্ব কৰিছিল তেতিয়াৰ উত্তৰ লক্ষীমপুৰ চিভিল হস্পিতেলৰ মুৰব্বী চিকিৎসক আৰু মহকুমা স্বাস্থ্য বিষয়া ডাঃ নোমল চন্দ্ৰ পেগুদেৱে । উপস্থিত আছিল একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ মেদক , উপ - সভাপতি চক্ৰেশ্বৰ টায়ুং , অধিবক্তা বিৰাচন দলে , অধ্যাপক জলেন্দ্ৰনাথ মৰাং , আমন্ত্ৰিত শিল্পি সূৰ্য কুমাৰ চিন্তে আদি বিশিষ্ট ব্যক্তিসকল । তদুপৰি অনুষ্ঠানটোত চহৰবাসীৰ মিচিং ব্যক্তিসকল , ওচৰ চুবুৰীয়া ঠাইৰ পৰা অহা বহুতো লোক । আৰম্ভণী গীত পৰিৱেশন কৰিছিল নিমন্ত্ৰিত শিল্পী গনেশ পেগু দেৱে । মিচিং গীত আৰু মিচিং ভাষাৰে ভাষণ প্ৰদান কৰিছিল । জলেন্দ্ৰনাথ মৰাং দেৱে মিচিং ভাষা নেজানিছিল যদিও তেখেতৰ মিচিং ভাষা শিকাৰ স্পৃহা প্ৰশংসনীয় আছিল । ডঃ নোমল চন্দ্ৰ পেগুদেৱে উল্লেখ কৰামতে প্ৰথম কাংকিন কৗবাঙত বিপ্লবী শিল্পী , ঐ আপ্পুন সূৰ্য কুমাৰ চিন্তেই শুৱলা মিচিং ভাষাৰে ভাষণ দি আৰু গীত পৰিৱেশন কৰি আৰু নিমন্ত্ৰিত শিল্পী দৃৰবৃ নৌবৃং ঐ আপ্পুন গণেশ পেগু দেৱে নিজস্ব ৰীতিৰে গীত মাত পৰিৱেশন কৰিছিল ।
( ডাঃ নোমল পেগু ) উক্ত দিনাই " ন- পুৰণি চিনাকী পৰ্ব্ব " নামাকৰণটো মিচিং ভাষাত " কাংকিন কৗবাঙ " নামাকৰণৰ প্ৰস্তাৱ আগবঢ়ালে গনেশ পেগুদেৱে । উক্ত প্ৰস্তাৱ এইদিনাই ৰাজহুৱা বাবে গৃহীত হয় আৰু উত্তৰ লক্ষীমপুৰ চহৰেই প্ৰথম " কাংকিন কৗবাঙৰ জন্ম বুলি শিল্পী গণেশ পেগু দেৱৰ লিখনিৰ পৰা জনা যায় ।
১৯৭০ চনৰ জন্ম হোৱা কাংকিন কৗবাঙৰ উদ্দেশ্য আছিল উত্তৰ লক্ষীমপুৰ চহৰত থকা চিনাকী অচিনাকী কলেজীয়া স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ মাজত নিজৰ পৰিচয় , ভাৱ বিনিময় , ভাতৃত্ববোধৰ এনাজৰী নৱাগত সকলক শিক্ষা আহৰণত উৎসাহ উদ্দীপনা, ঐক্য সম্প্ৰীতিৰ মনোভাৱ নিজা পৰিচয় , নিজা প্ৰতিভা বিকাশৰ উদ্দেশ্য ( লিখক প্ৰগ্ৰেছ মেদকৰ ছাত্ৰ - ছাত্ৰীৰ পৱিত্ৰ মঞ্চ কাংকিন কৗবাং নামৰ প্ৰৱন্ধৰ পৰা ) …।
কাংকিন কৗবাঙৰ উদ্দেশ্য মহৎ। ইয়াত ৰাজনীতিৰ উদ্দেশ্যও নাই আৰু ৰাজনীতি চিন্তা-চর্চাও নাই। ইয়াৰ উদ্দেশ্য আৰু কামনা হ'ল কেৱল মিচিং সমাজত ভাষা, সাহিত্য আৰু সাংস্কৃতিকভাবে জঞ্জতি লোকসকলৰ পৰিচয় লোৱা আৰু নিজৰ পৰিচয় দিয়া। বিভিন্ন প্রান্তৰ পৰা পঢ়িবলৈ অহা, চাকৰি অথবা ব্যৱসায় কৰি থকা আপোন মানুহৰ মাজত পৰিচিত হৈ থাকিলে মনবোৰ ফৰকাল হয়, মন ফৰকাল হলেহে এজনে নজনা কথা আনজনৰ পৰা শিকিব পাৰে। জনা লোকে নজনা লোককো শিকাব পাৰে। লগতে সৰ্বতিকালে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ কাৰো খা- খবৰ কোনেও ল'বলৈ সময় নাপায়, কিন্তু এনেধৰণৰ ৰাজহুৱাভাৱে গোট খোৱা দিনতহে ইজনে-সিজনৰ কুশল বার্তা ল'ব পাৰে। তাতে ঠায়ে ঠায়ে সিঁচৰতি হৈ থকা ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ভিন্ন ভিন্ন ৰূপৰেখা বিলাক সকলোৱে জানিবলৈ, বুজিবলৈকো সুযোগ সুবিধা পায়। কাৰ কিমান, নতুন প্রতিভা আছে সেই কথাও জনা যায়। সেয়ে গল্প, কবিতা, ৰচনা প্রতিযোগিতা পতা হয় নৃত্য-গীত- মাত প্রতিযোগিতা পতা হয়। নৱপ্ৰজন্মৰ ন-পুৰুষসকলে ভৱিষ্যতে জীৱন গঢ়িবৰ বাবে এই সভাত আখৰা কৰিবলৈ সুবিধা পায়। জুইশালত গঢ়িলেহে কমাৰশালত গঢ়িবগৈ পাৰি। জীৱনত গ্রহণ কৰিব লগা প্রতিভাৰ জীৱিকাও এইদৰেই বাচি ল'ব পৰা যায়। কাংকিন কৗবাঙৰ যোগেদি গাঁৱৰ অথবা চহৰৰ ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ কাম চলাবলৈ শিকে। অনেক গাঁৱৰ ল'ৰা-ছোৱালী এক হয় বুজাবুজিৰ মাজেদি সমন্বয় সংহতিৰ হয়।
আৰম্ভণিৰে পৰাই গীত মাত ৰং -ৰইচৰ পৰা জন্ম হয় কাংকিন কৗবাং । বৰ্তমান কেৱল চা-চিনাকী পৰ্ব্বতে সীমাবদ্ধ নেৰাখি গীত , কবিতা , গল্প ক্ৰীয়া, নাটক , অভিনয় , অসম তথা ভাৰতবৰ্ষৰ বিশিষ্ট ব্যক্তি সকলক নিমন্ত্ৰণ জনোৱা , খেলৰ লগত জড়িত সকলকো নিমন্ত্ৰণ জনোৱা তথা বিভিন্ন প্ৰতিযোগিতাৰ উপৰিও স্মৃতি গ্ৰস্থ প্ৰকাশৰ দৰে সাহিত্যৰ দিশতো আগবঢ়াইছে । ২০০৯ চনত লখিমপুৰ চহৰতেই ( সভাপতি সঞ্জীৱ দলে সম্পাদক উৎপল মিলি ) প্ৰথমবাৰৰ কাৰণে Miss Kangkin আৰু Mister Kangkin প্ৰতিযোগিতামূলক অনুষ্ঠান অনুষ্ঠিত হৈছিল । সঞ্জীৱ দলেৰ নেতৃত্বত সেই অনুষ্ঠানে উঠি অহা প্ৰজন্মক উৎসাহিত কৰিছিল । বৰ্তমান সময়ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত Mister Kangkin আৰু Miss Kangkin অনুষ্ঠান আয়োজন কৰে । বৰ্তমান সেয়াই কাংকিন কৗবাঙৰ মুল অনুষ্ঠান বুলি কব পাৰি । এই অনুষ্ঠানে যথেষ্ট আমোদজনক আৰু নিজৰ প্ৰতিভাখিনি আনৰ আগত দেখুৱাই দিয়া , অৰ্থাৎ আনৰ আগত চিনাকী কৰা । মঞ্চত একেলগে এজন ডেকা আৰু এজনী গাভৰুৰ মাজন কথোপকথন তথা দুয়োজনৰ প্ৰতিভাখিনি দেখুৱাব পৰা । যি গৰাকীয়ে ভালদৰে প্ৰতিভাখিনি ৰাইজৰ আগত দেখুৱাব পাৰে তাৰেই ডেকা লৰাক Mister Kangkan আৰু গাভৰু জনীক Miss Kangkin বুলি কোৱা হয় ।
১৯৮৬ চনত লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত কাংকিন কৗবাঙত ড° ভূপেন হাজৰিকা দেৱক অংশ গ্ৰহণে ছাত্ৰ- ছাত্ৰীৰ মাজত অতিকৈ উৎফুল্লিত কৰি তোলে আৰু কৗবাঙখনি অতিকৈ আড়ম্বৰ পূৰ্ণ আছিল বুলি প্ৰগ্ৰেছ মেদকৰ লিখনিৰ পৰা জনা যায় । বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ বাহিৰেও কাংকিন কৗবাং উদযাপন কৰা দেখিবলৈ পাইছো এয়া আমাৰ কাৰণে গৌৰৱৰ কথা কাৰণ আমি একত্ৰিত হৈছো , সকলো অঞ্চলৰ পৰা আহি চিনাকি কৰিছোঁ , নিজৰ প্ৰতিভাখিনিও দেখুৱাব পাৰিছোঁ । আমাক নতুন দিগন্তৰ বাট দেখুৱাইছে কাংকিন কৗবাঙে ।
কাংকিন কৗবাং প্ৰিয় হওক ছাত্ৰ - ছাত্ৰীৰ মাজত !
কাংকিন কৗবাং প্ৰিয় হওক নৱাগত সকলৰ মাজত !
কাংকিন কৗবাং প্ৰিয় হওক প্ৰতিভাসম্পন্ন ব্যক্তি সকলৰ মাজত !!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment