মিচিং জাতীয় সংগঠনক লৈ মোৰ চিন্তাধাৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 1, 2024

মিচিং জাতীয় সংগঠনক লৈ মোৰ চিন্তাধাৰা

 

মিচিং জাতীয় সংগঠনক লৈ মোৰ চিন্তাধাৰা


নিউটন পেগু


    প্ৰতিটো জাতিৰে নিজৰ জাতীয় সংগঠন‌‌‌ থকাটো অতি প্ৰয়োজন। নিজৰ জাতীয় সংগঠন‌‌‌ গোটেই জাতিটোৰ বাবে প্ৰাণকেন্দ্ৰ স্বৰূপ।

TMPK মিচিং জনগোষ্ঠীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। গতিকে তাক শক্তিশালী কৰাটো সকলো মিচিং যুৱ প্ৰজন্মৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। নিজৰ জনগোষ্ঠীক সৰ্বাংগীন দিশত শক্তিশালী কৰি তুলিবলৈ জাতিটোৰ এটা শক্তিশালী সংগঠন থকাটো অতি প্ৰয়োজন।যাতে জাতিটোৰ জাতীয় সমস্যাবোৰ শক্তিশালী ৰূপত চৰকাৰ আগত দাঙি ধৰিব পাৰে। গতিকে সকলোৱে ঐক্যবদ্ধ হৈ নিজৰ জাতিটোৰ জাতীয় সংগঠনক শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব।

        জাতীয় সংগঠনক আমি কিয় আৰু কেনেকৈ শক্তিশালী কৰিব পাৰি-

১/জনসাধাৰণৰ সহযোগীতা:- ব্যক্তিৰ সমষ্টিয়েই হ'ল সমাজ আৰু ব্যক্তি অবিহনে সমাজৰ অস্তিত্ব নাথাকে। গতিকে এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ প্ৰত্যেক জন ব্যক্তিৰ সহযোগীতা নিতান্তই প্ৰয়োজন। ঠিক তেনেদৰে জাতীয় সংগঠনো হ'ল জাতিটোৰ স্বাৰ্থ পূৰণ কৰিবলৈ গঠন কৰা ব্যক্তিৰ গোট বা সমষ্টি। গতিকে জাতীয় সংগঠনক শৃংখলাবদ্ধ আৰু শক্তিশালী কৰিবলৈ জনসাধাৰণৰ সহযোগীতা অতি প্ৰয়োজন।

       TMPK কাৰোবাৰ পৈতৃক সম্পত্তি নহয়। গতিকে TMPK ৰ লগত জড়িত কোনো লোক বা সদস্য বেয়া হ'লেই TMPK বেয়া বুলি কোৱাটো অযুক্তিকৰ কথা।TMPK ভাল কৰিব কোনে? কোনো এটা সংগঠন বা সংন্থা নিজে নিজেই গঢ় লৈ নুঠে।TMPK ৰো কেতিয়াবা কিছুমান নীতি নিয়ম আদৰ্শগত ভুল হ'ব পাৰে কিন্তু এইবুলিয়ে TMPK বেয়া হৈ নাযায়। যদি ভুল হয় , তাক শুধৰাই আমিয়েই সুস্থিৰ আৰু শক্তিশালী ৰূপত নিজৰ জাতীয় সংগঠনটোক শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। ভাৰতীয় সংবিধানকো পৰিস্থিতি সাপেক্ষে মাজে মাজে সংশোধন কৰিব লগিয়া হয়।

         ২/নেতৃত্ব:- ইতিহাস সাক্ষী হৈ আছে নেতৃত্বৰ দুৰ্বলতাৰ বাবে কেনেকৈ শ শ সংগ্ৰাম বিফলতাৰ সন্মুখীন হ'ব লগা হৈছিল। গতিকে TMPK ক শক্তিশালী কৰিবলৈ হ'লে সংগঠনটোক নেতৃত্ব দিয়া প্ৰত্যেকজন সদস্য-সদস্যাই নেতৃত্বশীল আৰু দায়িত্বশীল হ'ব লাগিব। জাতিটোক আগুৱাই নিবলৈ আগৰ পৰা নেতৃত্ব দিব লাগিব। ইত্যাদি।।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages