ঐনিঃতমৰ দেশ
প্ৰবীণ কুমাৰ মিলি
প্ৰথম অধ্যায়
(১)
মাৰকালিয়ে চাপৰিৰ ম’হখুঁটিলৈ আজি বহুদিনৰ মূৰত গৈছিল। গাঁথি খৰচৰ বাবে এশ-দুশ টকা সপ্তাহত এবাৰ দি আহিলে কাঞ্চা মানুহজন সাংঘাতিক ভাল পায়। কাঞ্চাই বৰ্তমান তেওঁৰ একমাত্ৰ ভৰষা। নহ'লে ম'হবোৰ চাই দিওঁতা কোননো আছে আৰু! দুটাকৈ ল'ৰা। চাকৰিসূত্ৰে দূৰৈত থাকে। অৱশ্যে, দুখে-সুখে কেতিয়াবা আহে। তেওঁলোকৰো ব্যস্ত জীৱন, মূৰতুলি চাবৰ সময়েই বা ক’ত? ক’ব নাপাই, বোৱাৰী দুজনীও বৰ ভাল। কিন্তু, ল'ৰাবিলাকৰ প্ৰাইভেট স্কুল, এই এক্সজাম্ , এই টিউচন, এই এচক্ৰাশ্বন, এই হ'মৱাৰ্ক, এই ষ্টুডেণ্ট-পেৰেণ্ট-টিচাৰ মিট, এই টিফিন। আমাৰ সাধাৰণ গাঁৱৰ মানুহে কোনদিনে নুশুনা, বেচেৰা ভাৰস্তৰ জঞ্জাল। কেতিয়াবা আহিলেও নিজা ঘৰ বুলি এদিনো শান্তিৰে থকা নহয়গৈ। ল’ৰাৰ হেনো এবশ্বেন ক’লিং আহিয়ে যায়। আৰু শুনিছোঁ- এটেনডেনছৰো কথা আছে। ফুল্ এটেন্ নাথাকিলে মাৰ্ক-চাৰ্ক কমি যাব পাৰে। ইংলিছ ষ্টাইল। আজিকালি সঘন আলোচনাৰ বিষয় হ’ল- ইংলিছ নাজানিলে কম্পিটিশ্বন এক্সজাপ্ বিলাকত ভাল ৰিজাল্ট কৰিব নোৱাৰে। মাৰকালিয়ে ভাৱে-মোৰ ল’ৰা দুটাই গাঁৱলীয়া ইংলিছ শিকি চাকৰি কৰাত অসুবিধা পাইছে কিজানি, এয়ে বৰ্তমান নিজৰ ল'ৰাৰ হাই-ফাই শিক্ষা ব্যৱস্থা।
- চেঃ, কি কথাবোৰ যে মনলৈ আহে। এই নিৰ্মল সন্ধ্যা বেলাত নভৱা কথাবোৰ এনেকৈ আহিব লাগেনে বাৰু। -মাৰকালিয়ে নিজে নিজে ভোৰভোৰাই উঠে। ককতগত আপং চাকি থকাৰ পৰা আপোন মানুহজনৰ সমস্ত কাৰু-কাৰ্য কাম্পতিয়ে চাই থাকে। মানুহজন যেন কিবা অন্যমনস্ক হৈ পৰিছে। অতি মোলায়েমকৈ তাই মানুহজনক সোধে- কি হ’লনো মানুহজন ? অথনিৰে পৰা আপোন মনে ভোৰভোৰাই আছে যে। ম’হবোৰৰ কিবা আলাই-আথানি হৈছেনেকি? নে কাঞ্চাই ম’হ নেৰাখোঁ বুলিছে ! -কাম্পতিৰ কথাত মাৰকালিয়ে উচপ খাই উঠে। যেন বেয়া সপোন এটাকে দেখিলে। -এহ্, একো হোৱা নাই দে। -তেওঁ লৰালৰিকৈ উত্তৰটো দি সহজ হ’বলৈ মৃদু হাঁহি এটা মৰিলে। অতিশয় সৰলমনা কাম্পতিয়ে আৰু বেছি একো নকৈ পুনৰ আপং চকাত মনোনিবেশ কৰিলে। মাৰকালিয়েও দেৰি নকৰি খৰিকাত দিয়া পোৰা মাছখিনি ইফাল-সিফাল কৰি জুইৰ অঙঠাত একান্তমনে তাপ দি থাকিল।
আচলতে কালিলৈ আলি আঃয়ে লৃগাং। যিদৰে এই কেইদিন ফাগুনৰ উতনুৱা বতাহে প্ৰকৃতিক নৃত্যৰতা আৰু উন্মনা কৰি তুলিছে ঠিক তেনেদৰেই মিচিং য়াঃমে-মৃমবৃৰহঁতৰ মন-মগজুবিলাকো চঞ্চলময় হৈ উঠিছে। ঠিক যেন হৃদয়ৰ ডেউকামেলি শিমলু সাগৰত চিলনী সাঁতোৰাদি সাঁতুৰিছে। এইমুহুৰ্তত, মাৰকালি মিলিৰ ঘৰৰ জপনাৰ নিচেই কাষত ঢোলটি বাজি উঠিল। ঠিক কালিৰ আহিব লগীয়া লৃগাঙৰ বাবে আজি ৰাতিত পূৰ্ব আখৰা। গুমৰাগ, গুমৰাগ, কেকনলক গুমৰাগ, কেকনচক গুমৰাগ...কিন্তু ঢোলটোত সঠিক চাপৰ যেন পৰা নাই, তেনে যেনেই লাগিল মাৰকালিৰ। তেওঁৰ মনটো উচপিচাই উঠিল। আজিকালি ল'ৰাবোৰ কি ঢোল বজাইহে। কুতুলুক কুতুলুক... এয়ানো ঢোলৰ ছেও হ'লনে? মাৰকালিয়ে হাতত সাৰে, ভৰিত সাৰে অতীতৰ সেই ৰক্তিম দেশলৈ অনায়াসে উৰা মাৰে।
- অই তুবজেৰ, তই আৰু ঢোল বজাব নেলাগে। মাৰকালি ককাইদেউক ঢোলটো দে। মাৰকালি ককায়ে ঢোল নবজালে নাচিব নোৱাৰি দেই। -ঐপুলিয়ে চিঞৰি উঠে। আজি ৰাতি মিয়ুমৰ য়াগে চঃমান। গাঁৱৰ জীয়ৰী- বোৱাৰী, ডেকা-বুঢ়া সকলো হিলদল ভাঙি আহিছে। ৰেইবা, ৰেইবাকৈ চিঞৱৰ ধ্বনিত গাঁওখন মুখৰিত হৈ পৰিছে। ইফালে মাৰকালিৰ মন উগুল-থুগুল। কাম্পতি এতিয়াও অহা নাই। কাম্পতি নহালৈকে তেওঁ ডেকাজাকৰ আঁৰত লুকাই থাকিব খুজিছিল। কাৰণ, হিয়াৰ আপোন প্ৰিয়াজনী নহ'লে হাতত যে ঢোলৰ ছেওৰ ছন্দ নুঠে। মনত যেন ৰিক্ত জবা ফুলে। অইন দহজনী কাঁটলফুলীয়া ছোৱালীৰ অনুপম সৌন্দৰ্যৰ অনাবিল বৰষুণেও গাত নপৰে। তেনেকুৱা লাগে। নীলা হৃদয়ৰ অতল চুকত জাগি থকা এই সুপ্ত বিৱৰণ কোনো ধাৰাবাহিক উপন্যাসৰ দৰেও আনক শুনাব নোৱাৰি। -ছিঃ ঐপুলিজনী আৰু ! চিঞৰ-বাখৰ কৰি ধৰা দিয়াব এতিয়া। এনেও যিহে মুকলিমূৰীয়া ছোৱালী, নকওঁ বুলি পেটত একো নথয়। ঘপহকৈ কাম্পতি আৰু মোৰ প্ৰেমৰ কথা কৈ দিবও পাৰে। অৱশ্যে ঐপুলিজনী নহ'লে সিহঁত দুয়োৰে প্ৰেমিক চৰাইৰ মনৰ বাৰ্তা কোনে দিব। একমাত্ৰ তাইৰ কৌশলী কাৰবাৰতে আমাৰ শুভ্ৰ প্ৰেমে গেঁৰধৰি উঠিছে। তথাপি, মুখচোকা ছোৱালী, ইফালে যিহে সাহসী! সঁছা কথা এটাক কোনো কেৰেপ নকৰাকৈ পুকাচ নকৰিব বুলিয়ো ক'ব নোৱাৰি। -এই শংকাতে জুমৰ মাজৰ পৰা মনে মনে আঁতৰি গৈ মাৰকালিয়ে ঘোপমৰা বাঁহনিৰ ছাঁৰ এন্ধাৰত নিজকে লুকাই দিয়ে। বাঁহনিৰ আঁৰত মুহুৰ্তৰ বাবে দীঘলকৈ উশাহ টানি পুনৰ তেওঁ ভাৱে- কি হ’ল কাম্পতিৰ, ঘৰৰ মানুহে বাধা দিয়া নাইতো? যদি কেনেবাকৈ মোৰ লগত প্ৰেমৰ সম্পৰ্ক ৰখা বুলি জানে তেন্তে কাম্পতিক ঘৰৰ মানুহে বৰ অথন্তৰ কৰিব। কাৰণ, সৰহ মানুহৰ দৃষ্টিভংগীত আঢ্যৱন্ত বংশৰ ছোৱালীয়ে ভিকহু এটাক ভালপোৱাটো এক ডাঙৰ অপৰাধ। তেওঁৰ মনৰ পদূলিত নেৰানেপেৰাকৈ বৰষুণ পৰি যেন নিৰ্ভেজাল চকুৰ পৃথিৱীক জেপজেপীয়া কৰি তুলিলে।
মাৰকালি হ’ল কেওকিছু নাইকিয়া ল’ৰা। যেনেকৈ- তেনেকৈ ডাঙৰ হৈ বৰ্তমান কজেৰ পেগুৰ ম'হ ৰখীয়া হৈ কিছু ধন ঘটিব পাৰিছে। চখতে তেওঁ ঢোল এটাও কিনিছে। ম’হখুঁটিতে ঢোলৰ বিভিন্ন ছেওবোৰ তেওঁ শিকি লৈছে। কজেৰ পেগুৱেও তেওঁৰ আগ্ৰহ দেখি মাজে মাজে কিছু চাপৰ মাৰি দেখুৱায়। এতিয়া তেওঁ অঞ্চলৰ পাকৈত আৰু অতি আগৰণুৱা ঢুলীয়া। একপ্ৰকাৰ কজেৰ মানুহজন মাৰকালিৰ গডফাদাৰ। কজেৰ পেগু নোহোৱা হ'লে তেওঁৰ কি হ'লেহেঁতেন বাৰু ? - এদিন মাৰকালিৰ মাক-দেউতাকৰো সেউজবুলীয়া জীৱন আছিল। অভাৱে চুব নোৱাৰা শইচ-পথাৰ আছিল। ভঁৰালত দোঁখাই আছিল বিবিধ নামৰ ধানৰ সুগন্ধি। চোতাল-বাৰীত ফুলিছিল জীৱনৰ মাধৈ-মালতী। কিন্তু এনিশাৰ সংহাৰি বানে তেওলোকৰ সেই সমস্ত সুখৰ উশাহ জোৰ কৰি কাললৈ কাঢ়ি নিলে। ৰাতি শুই থাকোতে মাৰকালিৰ মাক-দেউতাকক অকস্মাতে মথাউৰি ভাঙি অহা বৰলুইতৰ বলীয়া বানে ঘৰৰ সৈতে উটুৱাই লৈ গ’ল। গ’ল যি, কোনোদিন ঘূৰি নাহিল। ভাগ্যক্ৰমে, সেই সময়ত মাৰকালিয়ে দক্ষিণৰ মিলনকুৰ গাঁৱৰ মোমায়েকৰ ঘৰত থকাৰ কাৰণেহে বাচিল। মোমায়েকৰ তাতো মামীৰ কঠোৰ ব্যৱহাৰত তিষ্ঠিব নোৱাৰি তেওঁ এদিন আপোন গাঁৱলৈ পলাই আহিল। ইয়াতো বানে ধোৱা জেগাত কোনে কাক চাব! কেনেবাকৈ এদিন এঘৰত, এদিন সিঘৰত খাই থকা, কেতিয়াবা অনিদ্ৰা- অনাহাৰে থকা দিনত কজেৰ পেগু ক’ৰ পৰা আহি জানো ক’লে- তই কাৰ ল’ৰা? দেখিছোঁ, তুমি ফুকন মিলিৰ ল’ৰাজন নহয় জানো। - হয়, মই তেওঁৰে ল’ৰা। মোৰ কেওকিছু নোহোৱা হ’ল। কি কম, ভোকত মৰিম এতিয়া। কাৰ পৰা খুজি খাম, চবৰে একেই দশা! কজেৰ পেগু এই গাঁৱৰ লোক নহয়। চাপৰিত ম’হখুঁটি বান্ধি আছে মাত্ৰ। হ’লেও তেওঁ মোৰ সমগ্ৰ অবৰ্ণনীয় কাহিনীৰ পটভূমি ভালকৈয়ে জ্ঞাত। তেওঁ আৰু বেছি কথা ক’ব নিদি মাৰকালিক খুঁটিলৈ লৈ গ'ল। তেতিয়াৰ পৰা সি ম’হৰ ঘণ্টা, অৰণ্যৰ সিঁসিঁয়নি, নৈ, চৰাইৰ কলৰৱ, নাৱৰ টিঙৰ শব্দ, ৰাতি বাঘৰ গোজৰণি, বনৰীয়া ম'হৰ গুৰু-গম্ভীৰ খোজৰ ধ্বনি আৰু ম'হ-গাখীৰৰ ৰৌদ্ৰোজ্জল গোন্ধত পৰিচিত হৈ পৰিল।
মাৰকালিয়ে জীৱনৰ আপদীয়া কথাবোৰ ভাৱি থাকোতে, চঃমান ক্ষেত্ৰৰ পৰা এটি মিঠা ঐনিঃতম ভাঁহি আহিল। এয়া কোন ? ধেৎ কোনো হ’ব নোৱাৰে! এয়া দীপলিপ যেন ধুনীয়া কাম্পতিৰ হৃদিক বিননিৰ কল্লোল। কি মিঠা বেদনাকাতৰ ঐনিঃতম। মোকে যেন বিচাৰি বিচাৰি নেপাই তাই অতি বিৰহ-কাতৰে ঐনিঃতম ফাঁকিটি জুৰিছে। সি সুৰুকীয়া বাঁহনিৰ ছাঁৰ এন্ধাৰ ফালি দৌৰ মাৰি যোৱাদি চঃমানৰ দিশে আগবাঢ়িল। হুৰমূৰকৈ আহি তুবজেৰৰ পৰা ঢোলটিক টানি লৈ বৰতিৰে গোঁঠা ৰচিডাল বাঁও ডিঙিয়েদি সোমোৱাই কান্ধত লৈ জোৰকৈ চাপৰ মাৰিছোঁ বোলোতে নিজৰ তপিনাতে তীব্ৰ কোবটো পৰিল। আহ্ ! মাৰকালিয়ে হঠাতে গেঙনি মাৰি উঠিল। -হেই কি হ’ল ? বৰকৈ দুখ পালেনেকি ! কি যে হয়। গৰম খৰিকাই পুৰিলে নেকি ? নে গাত জুই শিখা পৰিল ? - কাম্পতিয়ে আপং চকা এৰি ৰৃচৃঙৰ বৰপীৰাত বহি বিষত কেঁকাই থকা মাৰকালিৰ কাষলৈ খৰদৰকৈ গুচি আহিল। মাৰকালি এই মুহুৰ্তত অমোঘ বাস্তৱলৈ ঘূৰি আহি কোনো দিনেই নেদেখা স্বৰ্গৰ অপেশ্বৰীক চোৱাদি কাম্পতিলৈ চাই থাকিল...
ক্ৰমশঃ.....
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:
Post a Comment