আমি খাদ্যৰ নামত কি খাই আছো ? - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, November 1, 2024

আমি খাদ্যৰ নামত কি খাই আছো ?


 

আমি খাদ্যৰ নামত কি খাই আছো ?


নৱজ্যোতি বৰা


       আমাৰ ভাৰত বৰ্ষত ষাঠিৰ দশকত দেশৰ কৃষি খণ্ডত সেউজ বিপ্লৱ আৰম্ভ হৈছিল। সেউজ বিপ্লৱৰ ফলত ভাৰতীয় কৃষি খণ্ডত নতুন জলসিঞ্চন পদ্ধতি, আধুনিক যন্ত্ৰ-পাতি, বৰ্ণসংকৰ জাতৰ বীজ, ৰাসায়নিক সাৰ আৰু বিভিন্ন কীটনাশক ব্যৱহাৰ সহজলভ্য হৈ পৰিল। এটা কথা থিক যে কৃষি আধুনিকীকৰণৰ ফলত বিশ্বত খাদ্যৰ অভাৱ বহু পৰিমাণে হ্ৰাস কৰিলে। কিন্ত ইয়াৰ সমান্তৰালভাৱে অধিক শস্য উৎপাদনৰ স্বাৰ্থত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মানৱ জীৱনলৈ ভয়ানক সংকট নামি আহিছে। আজি আমি দৈনিক খাদ্যৰ নামত বিষাক্ত ৰাসায়নিক দ্ৰব্য কিছুমান ভক্ষণ কৰি আছো।

   সম্প্ৰতি অসমৰ  খেতিয়কে নানা শাক-পাচলি আৰু ফলৰ খেতিৰে আত্মসংস্থাপনৰ পথ মুকলি কৰিছে। যেনে - জিকা- জাতিলাউ, অমিতা, বেঙনা,  ৰঙালাউ, আপেল বগৰী, তৰমুজ,  কল, পটল, মূলা, ফুলকবি, বন্ধাকবি, ওলকবি, ফৰেছবিন ইত্যাদি খেতি কৰি লাভৱানো হৈছে। এনে খেতিত অত্যাধিক পৰিমাণত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা কথাবোৰ উলাই পৰিছে। বহু কৃষকে অধিক উৎপাদনৰ আশাত প্ৰয়োজনতকৈ অধিক পৰিমাণত সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাত উৎপাদিত শাক-পাচলি, ফল-মূল আদি খোৱাৰ অনুপযোগী হৈ আহিছে। আনকি বজাৰত বেপাৰি সকলে বেছিবলৈ অনা বিভিন্ন সতেজ দেখা পাচলি কিনি অনি ঘৰত এটা ৰাতি ৰাখিলেই সেই পাচলি গেলি যোৱাতো তেনেই সাধাৰন কথা হৈ পৰিছে। যদি আমি ভালদৰে ইয়াৰ কাৰণ বিশ্লেষণ কৰিবলৈ যাও তেতিয়া দেখিম যে অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰৰ ফলত এইদৰে কৃষিজাত খাদ্য দ্ৰব্য অতি সোনকালে নষ্ট হয়। ৰাসায়নিক সাৰ অত্যাধিক ব্যৱহাৰৰ ফলত দিনক দিনে মানুহৰ গাত  বৃদ্ধি পাবলৈ ধৰিছে  মধুমেহ ৰোগ, কৰ্কট ৰোগ, টিউমাৰ, কিডনী বিকল, ষ্টোক, গেছৰ সমস্যা, হাট এটেক’ৰ লগতে বিভিন্ন প্ৰকাৰৰ বেমাৰ।

    মানৱ স্বাস্থৰ পক্ষে প্ৰচণ্ড ভাবুকিস্বৰূপ হোৱা ২৮ বিধ ৰাসায়নিক কীটনাশক উৎপাদন, আমদানি আৰু ব্যৱহাৰ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিছিল। কিন্ত পৰিতাপৰ কথা যে নিষিদ্ধঘোষিত  কেইবাবিধো কীটনাশক আজিও আমাৰ অসমত ব্যৱহাৰ হৈ আছে। গেমেক্মিড, এক্সিটস্কিন, ডেচ্চি, এন্দ্ৰ'ছালফেন, ডি ডি টি, এল ড্ৰিন, নাইট্ৰ'ফেন, কাৰ্বোফুৰান মিথাইল ১২.৫ শতাংশ আদি বৰবিহস্বৰূপ নিষিদ্ধ কীটনাশক অসমৰ কৃষিভূমিত নিৰ্বিবাদে ব্যৱহাৰ কৰি থকা হৈছে। আমাৰ খেতি পথাৰত উপাদিত বিভিন্ন ধৰনৰ পাচলিৰ কম সময়ত শ্ৰীবৃদ্ধিৰ বাবে অক্মিটাস্কিন ব্যৱহাৰ কৰা হয়। যাৰ ফলত তেনে পাচলি খোৱাৰ ফলত মানৱ শৰীৰত কৰ্কট ৰোগ হোৱাৰ লগতে অন্যান্য শাৰীৰিক বিসংগতি দেখা দিয়ে। আমি যি দ্বৰে বিষাক্ত শাক-পাচলি খাও থিক সেই দৰে মাছো আমাৰ অসমীয়াৰ প্ৰিয় খাদ্য। আজি যি মাছ অন্য ৰাজ্যৰ পৰা আনি অসমৰ বিভিন্ন জিলাৰ বজাৰত (যাক আমি ছালানী মাছ বুলি কওঁ) বিক্ৰি কৰি আহিছে সেই মাছৰ দেহত  ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰিছে। ফৰ্মেলিনক মৃত জীৱ গেলি-পচি নাযাবৰ বাবে ব্যৱহাৰ কৰা হয়। দৰাচলতে  প্ৰকৃতিভাৱে আমাৰ তেজত ০.১ মিলিম’লাৰ ফৰ্মেলিন থাকে। তাতকৈ যদি অধিক ফৰ্মেলিন সেৱন কৰা হয় তেন্তে ই আমাৰ দেহত এচিড’চিছ নামৰ এবিধ ৰোগৰ সৃষ্টি কৰি ৰোগীক মৃত্যু ঘটাব পাৰে। ফৰ্মেলিনে মানুহৰ কিডনী বিকল কৰাৰ লগতে মানুহৰ ডি এন এনৰ লগত সংযোজিত হৈ মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বিলুপ্ত ঘটাব পাৰে। এতিয়া ভয়ংকৰ কথাটো হ’ল, এতিয়া খাদ্য সংৰক্ষণৰ নামত চালানী মাছ, বিভিন্ন ধৰনৰ ফল-মূল, পেকেট খাদ্য ইত্যাদিত ফৰ্মেলিন ব্যৱহাৰ কৰি আহিছে। অকল যে ফৰ্মেলিনেই নহয় আনকি কেচা ফল-মূল পকাৱৰ বাবে ব্যৱহাৰ কৰা কাৰ্বাইড, বিভিন্ন খাদ্য সংৰক্ষণৰ বাবে ব্যৱহ্নত নাইট্ৰাইট, ছালফাইড, বিউটাইলছ, বিউটাইল হাইড্ৰক্সি এনাইছি'ল ৰাসায়নিখ যৌগও শৰীৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ লগতে  আমি খোৱা খাদ্য-সামগ্ৰীত ব্যৱহ্নত বিভিন্ন প্ৰকাৰৰ ৰঙো শৰীৰৰ বাবে মাৰাত্মক। আজিৰ সময়ত কৃষকে উৎপাদনৰ স্বাৰ্থত জধে-মধে ৰাসায়নিক সাৰ-কীটনাশক প্ৰয়োগৰ ফলত বজাৰত স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক খাদ্য, বিভিন্ন প্ৰকাৰৰ শাক-পাচলি, ফল-মূলেৰে উভয়নদী হৈ পৰিছে।

    এটা কথা থিক যে কৃষকে কৃষিকাৰ্যত লাভৱান হ’বলৈ কিছু সাৰ প্ৰযোগ কৰিব লাগিব। সেই বুলি জধে-মধে লগাতকৈ অধিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰাটো অনুচিত। আজি কালি সামাজিক তথা টিভিত প্ৰায়ে দেখা যায় যে আমি ব্যৱহাৰ কৰা কিছু খাদ্যত চিৰিঞ্জৰ দ্বাৰা বেজি দি ৰাতিটোতে লাউ, বেঙনা, কবি’ৰ লগতে মাছতো দি ডাঙৰ কৰা বিভিন্ন অভিযোগ দেখাই থাকে। যদি এনেবোৰ অভিযোগ সঁচা হয় তেন্তে আচলতে আমিবোৰে খাদ্যৰ নামত কি খাই আছো এই কথাটো এবাৰ ভাবিৱৰ হ’ল। কৃষি অধিক উৎপাদনৰ বাবে কৃষক সকলে বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিবই লাগিব। কিন্ত তাৰ লগে লগে কৃষক সকলে এটা কথা সদায় মন কৰিব লাগিব এইদৰে খেতি কৰিবলৈ গৈ যাতে পথাৰত খাদ্যৰ পৰিবৰ্তে বৰবিহৰ উৎপাদন কৰা নহয় সেই কথাটো কৃষক সকলে মন দিয়াটো উচিত হ’ব। আমাৰ অসম চৰকাৰখনে কেৱল গুৱাহাটীতে প্ৰাকৃতিক কৃষি সন্মিলন অনুষ্ঠিত কৰি বাহ বাহ ললেই নহ’ব, ইয়াৰ লগতে ৰাজ্যৰ কৃষিপ্ৰধান অঞ্চলসমূহত কৃষক সকলক লগত লৈ প্ৰাকৃতিক কৃষি পদ্ধতি তথা জৈৱিক কৃষি পদ্ধতিৰেও যে কৃষকসকল লাভৱান হ’ব পাৰি সেই কথা কৃষক সকলক অৱগত কৰি মানৱ স্বাস্থ্যসন্মত বিপল্প কৃষি খেতিৰে কৃষক সকল লাভাম্বিত হ’ব পাৰি সেই কথা   সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি সকলোকে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগ বন্ধ কৰি জৈৱিক সাৰ আৰু প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা কীটনাশক পৰ্যাপ্ত পৰিমানে খেতিত ব্যৱহাৰ কৰিও যে সু-ফল পাৱ পাৰি এই কথা প্ৰমান কৰিব পাৰিলেহে মানুহ বিষাক্ত খাদ্যৰ পৰা পৰিএান পাৱ পাৰিৱ। নহ’লে অনাগত দিনত ইয়াৰ ফল আৰু অধিক ভয়াবহ হ’ব ই কিন্তু ধৰুপ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages