বৰষুণত তিতা পৃথিৱী
অংকুৰণ আৰ্ফ
বৰষুণ দিছে
বাহিৰতো/ভিতৰতো
বৰষুণত তিতি আছে সময়
বৰষুণত তিতি আছে প্ৰণয়
বৰষুণত তিতি আছে হৃদয়
বৰষুণত তিতি আছে
আমি এৰি থৈ অহা প্ৰাচীন চহৰৰ আটাইবোৰ
সোঁৱৰণীৰ সৰাপাত
বৰষুণত তিতি আছে
আমি বহা পাৰ্কৰ বেঞ্চ
ফুলবোৰ
নিয়ন লাইটবোৰ
আমি পতা কথাবোৰ
চেঁচা বতাহৰ বাঁহী হৈ তাত
এতিয়া অনুৰণিত হৈ আছে
শূন্যতাৰ সুৰত
বৰষুণত তিতি আছে
ঘৰবোৰ
নদীবোৰ
পাহাৰবোৰ
গান গোৱা চৰাইবোৰ
প্ৰিয় মুখ আৰু চকুবোৰ
আমি দুয়ো উঠি যোৱা ৰিক্সাবোৰ ৰাস্তাবোৰ
মুঠতে বৰষুণত তিতি আছে
এতিয়া সকলো প্ৰিয় ৰঙ আৰু হৃদয়ৰ সংগীতময় সময়
বৰষুণ দিছে
বাহিৰতো/ভিতৰতো
মাত্ৰ কথাটো এইটোৱে যে
বাহিৰৰ বৰষুণজাক তুমি দেখিছা
কিন্তু তুমি দেখা নাই
মোৰ মনৰ ভিতৰৰ
চকুলোৰ বৰষুণজাক!!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment