এটা সুপ্ত শৰতৰ গৰম কবিতা
লক্ষী প্ৰসাদ ৰেগন
এইবেলি আহিনৰ বুকুত ৰ’দৰ প্ৰচণ্ড গোৰ
আহিনক ভাল পোৱা মানুহৰ মনত উৎকন্ঠা
ক’ত কি হৈছে
প্ৰকৃতিৰ নিৰ্বোধ আচৰণ
অশান্ত কঁহুৱাৰ মনত অনাহুত শেল
অনাবৃষ্টি। মানুহবোৰে মূৰত সূৰ্য শিখা লৈ
অ’লৈ ত’লৈ গৈছে
নৈতিক চিন্তাধাৰা
নৈমিত্তিক কাৰ্য
আৰু কেইবছৰমানৰ পাছত
বাসোপযোগী হ’বনে এই সুমিষ্ঠ পৃথিৱী
নে হনুমানে লংকা দাহ কৰাৰ দৰে ৰ’দৰ তাপেও
পৃথিৱীক ছাই কৰিব
হেৰাই যাব মানুহৰ অস্তিত্ব
আৰু পৃথিৱীৰ সৌন্দৰ্য। কোনেও নেদেখিব কাৰো সুখ
কাৰো দুখ
পাছত ৰং বিৰঙ্গ আৰু ডাঙৰ ডাঙৰ অট্টালিকাবোৰ দেখি
আত্মাবোৰে ক’ব
মানুহবোৰ আগতে ইয়াতে আছিল
আমাক মিছা কথা দি
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment