ভীমা শংকৰ দ্বাদশ জ্যোতিলিংগৰ আবিৰ্ভাৱ চমু ইতিবৃত্ত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 1, 2024

ভীমা শংকৰ দ্বাদশ জ্যোতিলিংগৰ আবিৰ্ভাৱ চমু ইতিবৃত্ত


 ভীমা শংকৰ দ্বাদশ জ্যোতিলিংগৰ আবিৰ্ভাৱ চমু ইতিবৃত্ত 


ৰঞ্জিতা ৰাণী বৰা


     ‌‌শিৱ পূৰাণ মতে পুৰণি কালত ভীম নামেৰে এজন মহা পৰাক্ৰমী ৰাক্ষস আছিল। সেই মহা উৎপীড়ক, ধৰ্মদ্ৰোহী ভীমে মাতৃ কৰ্কটীৰ লগত সহ্য নামৰ পাহাৰত বসবাস কৰিছিল। বাল্যকালত এদিন ভীমে মাতৃক তেওঁৰ পিতৃৰ বিষয়ে জানিব বিচাৰিছিল।‌তেতিয়া‌ কৰ্কটীয়ে কলে যে মোৰ মাৰ নাম পুষ্কসী আৰু পিতৃৰ নাম কৰ্কট। তেওঁলোকে মোক বিৰাধ নামৰ এজন ৰাক্ষসলৈ বিবাহ দিছিল। কিন্তু শ্ৰী ৰাম চন্দ্ৰ ই তেওঁক বধ কৰিছিল।

  ‌‍   সেই বননিতে সু তীক্ষ্ণ নামৰ এজন মুনিয়ে তপস্যা কৰিছিল। এদিনাখন মোৰ পিতৃ মাতৃয়ে তাত তেওঁক দেখা পা‍য় ভক্ষণ কৰিবলৈ উদ্যত হোৱাত মুণিয়ে তেওঁলোকলৈ ক্ৰোধ দৃষ্টি নিক্ষেপ কৰাত তেওঁলোকৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা ম ই অকলেই এই পৰ্বতত সুখেৰে বসবাস কৰি আছিলো। সেই সময়তে ৰাৱণৰ কনিষ্ঠ ভ্ৰাতৃ কুম্ভকৰ্ণই দিগ্বি জয় কৰিবলৈ আহি মোক পত্নী ৰুপে সম্ভোগ কৰি লঙ্কালৈ পুনৰ গমন কৰিছিল। কিন্তু মহাবলী কুম্ভকৰ্ণকো শ্ৰী ৰাম চন্দ্ৰ ই বধ কৰিছিল। তেতিয়াৰ পৰাই মই তোমাৰ লগত ইয়াতে বাস কৰি আছো।

   ‌  মাতৃ কৰ্কটীৰ মুখে সেই কাহিনী শুনি ৰাক্ষস ভীম ক্ৰোধিত হৈছিল।হৰিয়েই যে শ্ৰী ৰাম অৱতাৰৰ ধাৰণ কৰি তেওঁৰ মাতৃ কৰ্কটীৰ দুয়োজন স্বামীক বধ কৰিছিল সেই কথা জানিব পাৰি ভীম ৰাক্ষস প্ৰতিশোধ পৰায়ন হৈছিল। তেওঁ পিতৃ বধৰ প্ৰতিশোধৰ বাবে ব্ৰহ্মাৰ উদ্দেশ্যে এখন ভৰিত থিয় হৈ উৰ্দ্ধ বাহুৰে সূৰ্য্যলৈ প্ৰণাম জনাই কেইবাবছৰো কঠোৰ তপস্যাত মগ্ন হৈছিল।কেইবা বছৰমান তেনেদৰে কঠোৰ তপস্যা কৰাত ভীম ৰাক্ষসৰ মূৰৰ পৰা অতীব ভীষণ তেজ বৰ্হিগত হৈ উৰ্দ্ধদিকে গমন কৰিছিল। সেই তেজত(শক্তি, জ্যোতি‌, প্ৰচণ্ড উত্তাপ দেৱগণ অৰ্দ্ধদগ্ধ হৈছিল। তেওঁলোকে সেই তেজ ক'ৰ পৰা নিৰ্গত হৈছে বুজিব নোৱাৰি তেওঁলোকক ৰক্ষা কৰিবৰ বাবে ব্ৰহ্মাদেৱৰ ওচৰত প্ৰাৰ্থনা জনালে। তেতিয়া ব্ৰহ্মাদেৱে ধ্যান কৰি জানিব পাৰিছিল যে সেই তেজ ভীম

 ৰাক্ষসৰ ঘোৰ তপস্যাৰ প্ৰভাৱত জন্ম  হৈছে। সেই কথা দেৱগণক কোৱাত দেৱগণৰ অনুৰোধ মৰ্মে তেওঁ ভীম ৰাক্ষসৰ আগত প্ৰকত হল আৰু ভীমে বিচৰা মতে 'মহাবলী'হবৰ বাবে ভীমক বৰ দিলে। ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি ভীম ৰাক্ষস মাক কৰ্কটীৰ ওচৰলৈ গৈ মাকক প্ৰণাম কৰি প্ৰথমে পৃথিৱীৰ কামৰূপ ৰাজ্যৰ ৰজাক পৰাজিত কৰি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। কামৰূপ ৰজা পৰম শিৱ ভক্ত আছিল। তেওঁ ৰাণীৰ সৈতে কাৰাগাৰতে অতি যত্নৰে এটি শিৱলিংগ সাজিছিল। বন্দী অৱস্থাত ৰজা ৰাণীয়ে অনবৰতে শিৱমন্ত জপ কৰিয়েই দিন অতিবাহিত কৰিছিল।

‌‍     ভীম ৰাক্ষসে‌ এই কথা জানিব পাৰি ৰজাক অত্যাচাৰ কৰিবলৈ ধৰিলে। তেতিয়াই ভগৱান শিৱ আবিৰ্ভাৱ হৈ ভক্তৰ ৰক্ষাৰ বাবে ভীম ৰাক্ষসৰ লগত যুদ্ধত অৱতীৰ্ণ হয়। শেষত তেওঁ ক্ৰোধ ভাবে তৃতীয় নেত্ৰ মেলিছিল। সেই নেত্ৰৰ পৰা ভয়ানক অগ্নি বাহিৰ হৈ ভীম ৰাক্ষসৰ লগতে সকলো ৰাক্ষস সৈন্য‌ ভস্মীভূত হৈছিল। তাৰ পাছত শিৱ ই ৰাক্ষসৰ ভষ্মবোৰ ফুৱায় অৰণ্যৰ মাজত পেলাই দিছিল। সেই ভষ্মৰ পৰা যথা সময়ত অৰণ্যৰ মাজত নানা ধৰণৰ ঔষধি গছ লতাৰ জন্ম হৈছিল। ঔষধি গছ লতাৰ জন্ম দিয়াৰ পিছতো কিন্তু শিৱৰ ক্ৰোধ সম্বৰণ হোৱা নাছিল। অৱশেষত নাৰদ আৰু দেৱগণৰ প্ৰাৰ্থনা আৰু অনুৰোধত ভগৱান শিৱই শান্ত হৈ সেই ঠাইতে সকলোৰে হৃতৰ অৰ্থে ভীমা শঙ্কৰ নামেৰে অৱস্থাত কৰিলে। সেই ভীমাশঙ্কৰ ‌মন্দিৰ‌‌ কামৰূপ জিলাৰ অন্তৰ্গত পামহিৰ ডাকিনী পাহাৰত আজিও বিদ্যমান।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages