সিন্ধু সভ্যতাৰ ছবিয়ে কি কয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 1, 2024

সিন্ধু সভ্যতাৰ ছবিয়ে কি কয়


 সিন্ধু সভ্যতাৰ ছবিয়ে কি কয়


পদ্মেশ্বৰ নৰহ

ৰাংকপ, ধেমাজি


সিন্ধু সভ্যতাৰ লিপিক আজিলৈকে পঢ়িব পৰা নাই, গতিকে এই সমাজৰ ৰাজনীতি, ধৰ্ম- সংস্কৃতি ,আৰ্থ - সামাজিক  বিষয়ক তথ্যৰ সম্যক জ্ঞান পাব পৰা নাই।

 সেই সভ্যতাত ব্যৱহৃত ছীলত খোদিত ছবিয়ে ভাৰতীয় ধৰ্ম-সংস্কৃতিৰ লগত জড়িত বহু কথা কয়। পৰৱৰ্তীকালত ৰচিত বেদ পুৰাণত এই ছবিৰ কাহিনী বৰ্ণনা কৰিছে। তলত দুটামান সিন্ধু সভ্যতাৰ ছবিৰ  বিৱৰণ দাঙি ধৰা হ'ল : 

সিন্ধু সভ্যতাৰ ছীল নং ১২ ত এজন মানুহ এটা গছৰ ওপৰত আছে আৰু তলত এটা বাঘ আছে–   প্ৰাচীন পুৰাণত উল্লেখ এক কাহিনী অনুসৰি লোপধক নামৰ  চিকাৰী এজনে এদিন  চিকাৰ , খৰি সংগ্ৰহৰ বাবে হাবিলৈ যায় , তেওঁ গভীৰ অৰণ্যত বাট পাহৰি যায়, ৰাতিত বাঘৰ ভয়ত তেওঁ এটা বেল গছৰ ওপৰত আশ্ৰয় লয় , ৰাতিত তেওঁ যাতে শুই নাযায় তাৰ বাবে তেওঁ বেল গছৰ পাত এটা এটাকৈ চিঙি থাকে এনেতে এই গছজোপাৰ তলত থকা শিৱলিঙ্গৰ‌ ওপৰত বেল পাত পৰাত ভগৱান শিৱই তেওঁৰ ভক্তিক স্বীকাৰ কৰে আৰু তেওঁক দেখা দি বৰদান প্ৰদান কৰে।

তেতিয়াৰ পৰাই শিৱৰাত্ৰিত শিৱলিঙ্গৰ ওপৰত বেল পাতেৰে পূজা কৰা প্ৰথা প্ৰচলিত হ'ল বুলি জনা যায়। প্ৰতিটো শিৱৰাত্ৰিত ভক্তগণে এই কাহিনীৰ চৰ্চা কৰি শিৱ মহিমাৰ বৰ্ণনা কৰে। যদি কোনো সঁচা অন্তৰেৰে শিৱৰাত্ৰি দিনা ভক্তি কৰে ,  সত্য ন্যায়ৰ আচৰণ কৰে ভগৱানে তেওঁৰ প্ৰতি অপাৰ মৰম আৰু আশীৰ্বাদ দিয়ে ।

   সেই কাহিনী হয়তো সিন্ধু সভ্যতাৰ লোকসকলৰ মাজত যথেষ্ট প্ৰচলিত আছিল। পিছলৈ এই কাহিনীয়ে পুৰাণত স্থান পায়। 

আন এটা ছীলত পোৱা ছবি য'ত এটা ম'হক এজনে বিশেষ এটা অস্ত্ৰৰ আঘাত কৰিছে, ওচৰত এজন‌ যোগী ধ্যান মগ্ন অৱস্থাত  আৰু এটা ঘৰিয়াল  কাষতে আছে। বিভিন্ন জনে ইয়াৰ ব্যাখ্যা আগবঢ়াইছে , মাৰ্ক কেনয়াৰ ব্যাখ্যা বিশেষ উল্লেখযোগ্য।

এই ছবিখনে পুৰাণত বৰ্ণিত মহিষাসুৰ বধৰ কথা কৈছে –  অস্ত্ৰধাৰী গৰাকী মা দুৰ্গা আৰু ম'হটো  সেইযুগৰ কুখ্যাত আতংক ৰাক্ষস মহিষাসুৰ । যোগী জন ভগৱান শিৱ আৰু  এটা সময়ত সিন্ধু সৰস্বতী নদীত ঘৰিয়াল যথেষ্ট পৰিমাণে পোৱা গৈছিল, ইয়াত ঘৰিয়ালে এই নদীৰ পাৰত এইখন যুদ্ধ হৈছিল বুলি কৈছে। আন এক কাহিনী ম'তে মহিষাসুৰ বধৰ বাবে সমস্ত দেৱতাৰ পৰা এটা এটাকৈ শক্তিৰ সংগ্ৰহীত কৰি শক্তি দেৱীৰ সৃষ্টি কৰিছিল, ইয়াত ধ্যান মগ্ন যোগী এই প্ৰক্ৰিয়া প্ৰকাশ কৰিছে লগতে মহিষাসুৰ বধৰ সময়ত পৃথিৱীৰ আন আন ঠাইত লুকাই থকা অসুৰৰ বধৰ বাবে ইন্দ্ৰই ঘৰিয়াল ৰূপ ধাৰণ কৰি  আন আন অসুৰক বধ কৰে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages