আশাৰ ৰেঙনি
লখিমী শৰ্মা
যোৰহাট
সৰুতেই মাক দেউতাকক হেৰুৱাই অকলশৰীয়া জ্যোস্নাই আজি নিজেই ঘৰ এখন চলাই ভায়েক ভনীয়েকক পোহ পাল দি জীৱনটো কোনোমতে কটাই আছে। কাপোৰ চিলাই কৰাৰ লগতে লোকৰ ঘৰত বন কৰাৰ পৰা আদি কৰি দুই এটা টিউচন কৰি গাঁৱে গাঁৱে শাক - পাচলি দুই এটা বেচিও জীৱন নিৰ্বাহ কৰি আছে। তাই স্কুলত পঢ়ি থকা সময়ত তাইৰ দেউতাকে এদিন এখন চাইকেল উপহাৰ হিচাপে দিছিল তাইৰ জন্মদিনত।
ঘৰৰ নিজা বাৰীতে জ্যোস্নাই লগোৱা শাক পাচলিবোৰৰ ভিতৰত বিলাহী, বেঙেনা, জিকা, জলকীয়া, নেমু টেঙা, ভেণ্ডী, লাইশাক, পালেংশাক, কোমোৰা, ৰঙালাউ, জাতিলাউ আদি দেউতাকে কিনি দিয়া চাইকেলখনত উঠাই লৈ গৈ গাঁৱে গাঁৱে বিক্ৰী কৰে। ইমান কষ্টৰ মাজতো তাই তাইৰ ভায়েক আৰু ভনীয়েকক পঢ়ুৱাইছে তাই নিজেই পঢ়া-শুনা নকৰি। গাঁৱত এদিন শুনিবলৈ পালে চহৰত বোলে চাকৰিৰ ইনটাৰভিউ ওলাইছে, খবৰটো শুনা পাই জ্যোস্নাই ভাবিলে ইনটাৰভিউ দিবগৈ বুলি। ভবামতেই তাই আগবাঢ়িলে ইনটাৰভিউ দিবলৈ বুলি। কিছুদিন যোৱাৰ পিছত খবৰ পালে যে জ্যোস্নাই চহৰত চাকৰি পাইছে। খবৰটো শুনি তাইৰ আনন্দৰ চকুলো বৈ আহিল লগা লগ। তাইৰ আশা আজি পুৰন হ’ল। এতিয়া আৰু তাই ইমান এটা কষ্ট কৰি জীৱন কটাব নালাগে। ভগৱানে উদ্ধাৰ কৰিলে তাহাঁত তিনিওকে।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment