বানপানী
শৰৎ হাজৰিকা
“মানুহহালৰ মাত—বোলেই নাইকিয়া হ’ল অ’। পেটত কিবা এটা পৰাটো দূৰৰে কথা। শোক সাগৰত আধ্যা পৰিলে” বংশীদাইটিয়ে কথাকেইটা নগৰীয়া মনজিতক কওঁতে তেওঁৰো শেষৰফালে মাতটো থোকাথুকি হৈ গৈছিল। যাবৰে কথা। হঠাৎ মথাউৰিটো ভাঙি বৈ অহা পানীৰ ঢলটোত খেলি থকা পল চকুৰ পচাৰতে ক’ত হেৰাই গ’ল কোনোৱে ততেই ধৰিব নোৱাৰিলে।
এতিয়া সৌৱা বেচেৰা মাক বাপেকহালে কেৱল হিয়া ঢাকুৰি কান্দি আছে ৷অথচ এই পৰ্যন্ত বাঢ়নী পানীৰ বাবে SDRF বাহিনীয়েও উদ্ধাৰ কৰিব পৰা নাই। কেৱল কান্দোনত এটাই কথা “মোৰ ল’ৰাটোক বিচাৰি দিয়ক।”
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment