বনস্পতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, November 1, 2024

বনস্পতি



 বনস্পতি


                     জুনু বুঢ়াগোহাঞি

                               গুৱাহাটী


সকলো প্ৰস্তুত হৈ উঠাৰ পিছত

নাম এটা নাই

অনামী

বোকোচাত কঢ়িয়াই ফুৰা নামটো

য'তেই যাওঁ ত'তেই দেখোঁ

নমাই দিলোঁ বোকোচাৰ পৰা।


শিৰোনামহীন, এটা ধুনীয়া নাম

নাম নোহোৱাকৈ জীণ যাব পাৰি

গুচি যাবও পাৰি

আনক তললৈ পেলাই

সাজি লোৱা নাম এটাৰে

পৰিচয় দিয়াৰ মন নাই

মন নাই নামৰ বজাৰত

ৰাহি নোহোৱাকৈ চাহিদা বঢ়াবলৈ

সেয়েহে

চুক এটাত বহি চাই আছোঁ

দৌৰি থকা নামবোৰ।


সৰুতে বাইছাই (আইতা)

ৰাতিৰ আকাশলৈ আঙুলিয়াই কৈছিল

সেইযে জিলিকি আছে তৰাবোৰ

সিহঁতৰ নাম নাই

উদাৰ আকাশখনৰ অংশীদাৰ

সিহঁতো।


তেওঁ মাটিৰে লেপা নাম এটা দিছিল

থৈ দিছোঁ

:

সযতনে

তাকে গজাই চাবলৈ মন এটা আছে


গজে বা নগজে


বনস্পতিতো নহয়

ফুল নুফুলাকৈ গুটি গজি

গছ হ’বলৈ।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages