পৰীক্ষাৰ অনুভূতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

পৰীক্ষাৰ অনুভূতি


 পৰীক্ষাৰ অনুভূতি

সায়নী পাল 

ডিব্ৰুগড় 

অসম চিকিৎসা মহাবিদ্যালয়


    হোষ্টেল জীৱন কিন্তু বৰ ৰঙীন, এটি অসাধাৰণ অনুভূতি,যিটো অনুভূতি জীৱনত কেৱল এবাৰ মাত্ৰ অনুভৱ কৰিব পাৰি।।হোষ্টেল জীৱনটোৰ সব স্মৃতি এটি বেলেগ  আকৰ্ষণ, হলেও পৰীক্ষাৰ জাননী এটি বেলেগ পৰিবেশৰ সৃষ্টি কৰে। চাৰিও ফালে যেন ভয়ৰ সমাবেশ, পৰীক্ষা আগন্তুক অতি সোনকালেই, অলপ অলপ ভয় লাগি থাকে যদিও মনত অকণমান ভাললগাৰ অনুভূতিও আছে, কাৰণ পৰীক্ষা আৰম্ভণি হলেই সমাপ্তও হ’ব। তাৰ উপৰি পৰীক্ষাত সফল হোৱাৰ আনন্দও অনুভৱ কৰিব পাৰিম বুলি কিবা ভাললাগি থাকে হেনো।  পৰীক্ষা পালেই হোষ্টেল খনত অকল নিস্তব্ধতা বিৰাজমান হৈ পৰে, সকোলোৱেই যেন নিজ নিজ কক্ষে পঢ়াত মগ্ন। এই দৃশ্য দেখিবলৈ যে অকণমানো ভাল নালাগে। জাকজমকেৰে উদুলি মুদুলি হৈ থকা হোষ্টেল খন এনে নিস্তব্ধ হৈ পৰিলে বৰ কষ্ট হয়। মানুহৰ সমাগমেৰে ভৰ্তি হৈ থকা কৰিদৰ খন নিজান হৈ পৰে। কিন্তু আমি যেন অপেক্ষা কৰি থাকোঁ কেতিয়া অন্ত হব আমাৰ এই পৰীক্ষাৰ যাত্ৰা এইটো আশা লৈয়ে দিন কটাই থাকে হোষ্টেল বাসিন্দা....


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages