মোবাইল
জাহ্নৱী দাস
তিনিচুকীয়া
মোবাইল মোবাইল আৰু মোবাইল। সাম্প্ৰতিক সময়ছোৱাত মানুহৰ সৰ্তা, কৰ্তা, বিধাতা এই মোবাইল ফোন। মুকলি কুইজ প্ৰতিযোগিতাৰ যেনেকৈ প্ৰতিযোগীৰ অংশগ্ৰহণৰ বয়সৰ কোনো সীমা নাই ঠিক তেনেকৈ মোবাইল ব্যৱহাৰকাৰীৰ কোনো বয়সৰ সীমা নাই। শিশুৰ পৰা বৃদ্ধ লৈকে মোবাইল হাতত। সকলোৱে তৰহে তৰহে পষ্ট দি ফট মৰাত, ভিডিঅ’ বনোৱাত ব্যস্ত। বৰ্তমান সামাজিক মাধ্যমত মনোৰঞ্জন আৰু চেলিব্ৰিটীৰ কোনো অভাৱ নাই। কেৱল কেইটা -মান লাইক,ভিউজৰ বাবে কিমান কি যে কৰা নাই মোবাইলৰ প্ৰেমত অন্ধ জনসাধাৰণে। আৱেগ, ভালপোৱা, নৈতিক শিক্ষা সকলো ভৰিৰে মুচৰি দিছে এচাম মোবাইল প্ৰেমী মানুহে। কথাটে কয় নহয় “অধিক ভোজন পেটলৈ বেয়া”। মোবাইল প্ৰেমী কিছুমান মানুহ ইমান তললৈ নামি গৈছে যে ৰিলছৰ নামত কিছুমান নিৰ্লজ্জ ভিডিঅ’ বনোৱা, জীৱনৰ আটাইতকৈ বেয়া আৰু দুখৰ সময় কবলৈ গ'লে মানুহৰ জীৱনৰ এক অভিশপ্ত সময় “মৃত্যু”, সেইসময়ত মোবাইলৰ আমেজ ল'বলৈ এৰা নাই একাংশ মোবাইল প্ৰেমীয়ে। অন্যৰ কথা বাদেই দিছো নিজৰ তেজৰ সম্পৰ্ক থকা মাক, দেউতাকৰ মৃত্যুৰ পৰ্যন্তত চিতাত দিয়াৰ সময়ত, বন্তি প্ৰজ্বলন সময়ত ফট, ভ্লগ বনাই চচিয়েল মিডিয়াত আপলোড কৰিবলৈ এৰা নাই কিছুমান নিলাজ মোবাইল প্ৰেমীয়ে। মানৱীয়তা, দুখ, সহানুভূতি, দয়া সকলো শিক্ষিত মুখা পিন্ধি থকা মানুহৰ মাজত একেবাৰে হেৰাই গৈছে। এনে কাৰ্যৰ ফলত নৱপ্ৰজন্মৰ ওপৰত কিমান বেয়া প্ৰভাৱ পেলাব পাৰে সেয়া আমি ঢুকি পাবও নোৱাৰো। ৰাক্ষস-ৰাক্ষসীৰলৈ পৰিৱৰ্তন হৈছে বৰ্তমান আমাৰ সমাজৰ মানুহবোৰ। অৰ্থনৈতিক, প্ৰযুক্তি বিদ্যাৰ দিশত বিকাশ লাভ কৰিলেও কিন্তু সামাজিক আৰু নৈতিক শিক্ষাৰ দিশত সমাজখন আগবাঢ়িব পৰা নাই । কিন্তু এটা কথা নিশ্চিত যে যেতিয়ালৈকে নৈতিক শিক্ষাৰ মানুহে আহৰণ তেতিয়ালৈকে এখন উন্নত ৰাষ্ট্ৰ বা সমাজ গঠন হ’ব নোৱাৰে। নৱপ্ৰজন্ম আমাৰ দেশৰ ভৱিষ্যত। তেওঁ লোকে যদি সৰুৰে এনেকুৱা বেয়া জ্ঞান পায় তেনে উন্নতি অসম্ভৱ। গতিকে সময় থাকোঁতেই মানুহে নিজক সলনি কৰিব পাৰিলে ভাল নহ'লে যি পৰিস্থিতি হ’ব তাক বাধা দিব পৰা সামৰ্থ্য কিন্তু কাৰো নাথাকিব।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment