ইনজেকচন
মফিজুদ্দিন চৌধুৰী
নগাঁও
ইনজেকচন এটা মাৰিব লগা আছিল নহয়! এই ৰহমানকে মাতি দিব নেকি? - শাহু আইৰ শহুৰৰ ওচৰত আপদাল।
সময় ৰাতিপুৱা। স্থান মোৰ ঘৰৰেই বৈঠক খানা। আমি সকলোৱে পুৱাৰ চাহ খাই উঠিছোঁহে মাত্ৰ।
: কি দৰকাৰ ৰহমানক মাতিবলৈ? দিয়া, ময়ে মাৰি দিওঁ। - শহুৰৰ নিৰ্বিকাৰ উত্তৰ।
শহুৰৰ বেজী দিয়াৰ অলপ অলপ অভ্যাস আছে। মাজে মাজে প্ৰয়োজন অনুসৰি ঘৰৰেই আক তাক বেজী মাৰি থাকে।
: নাই, নহ’ব, আপুনি মাৰিলে দুখ পাওঁ! তাকেই মাতি দিয়কনা! - শাহু আইৰ মিনতি।
: কি কলা? মই মাৰিব নাজানো নেকি? - উতলি উঠা চাহ চচপেনৰ পৰা বাগৰি পৰাৰ দৰে কথাষাৰে শহুৰৰ স্বাভিমানত আঘাত কৰিলেগৈ।
তেখেত গৰজি উঠিল,— ইমান দিনৰ পৰা ময়েই ইনজেকচন দি আহিলোঁ, কোনো কম্প্লেইন নহ’ল। আজি তেখেতৰ ৰহমান নহ’লে নহয়। চাওঁ চিৰিঞ্জটো দিয়া।
ৰাতিপুৱাই পৰিৱেশটো বেয়া হৈ অহা দেখি মই স্বাভাৱিক সুৰত শহুৰক উদ্দেশ্য কৰি ক’লোঁ - মায়ে যেনেকৈ বিচাৰিছে তেনেকৈয়ে লবলৈ দিয়কচোন। ময়ে ৰহমানক মাতি আনোগৈ।
জ্বলি উঠা জুইকুৰাত যেনিবা ঘিউহে ঢালিলোঁ। শহুৰে ঘপহকৈ বহাৰ পৰা উঠি গৈ চিৰিঞ্জটো হাতত লৈ ভোৰভোৰাই খামটো ফালিবলৈ ধৰিলে,
: ইনজেকচন আজি ময়ে মাৰিম, নহ’লে মাৰ্ডাৰ কৰি দিম। চিনি পোৱা নাই মোক।
কথাখিনি শাহু আইক উদ্দেশ্য কৰি ক'লেও মোকেই কোৱা হ’ল।
লাজত, অপমানত মোৰ কাণ-মূৰ ৰঙা হৈ পৰিল। শ্ৰীমতীৰ ফালে চালোঁ। তেওঁৰ অৱস্থাও পানীত জুবুৰিওৱা মেকুৰীজনীৰ দৰে হ’ল। দুয়ো দুয়োৰে পুতৌ লগা অৱস্থা দেখি দুয়ো বিতত হ’লোঁ। এনে বিব্ৰত অৱস্থাতে কিমান সময় পাৰ হৈ গ'ল তলকিবই নোৱাৰিলোঁ।
সন্ত্ৰস্ত শাহু আইৰ কোমল মাততহে আকৌ সম্বিৎ ঘূৰি আহিল।
: আজি ইমান ধুনীয়াকৈ বেজীটো মাৰিলে, গমেই নাপালোঁ।
শহুৰে সম্পূৰ্ণ পৌৰুষত্বৰে গাম্ভীৰ্য্যতা বজাই ৰাখিবলৈ সমৰ্থ হৈছে। শাহুৰ এই তোষামোদৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment