প্ৰতীক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

প্ৰতীক্ষা

 

প্ৰতীক্ষা

আল্পনা দলে

বীৰকুছী, গুৱাহাটী 


        প্ৰেমত বঞ্চিত হোৱা জনে জীৱনৰ একো সোৱাদ নোপোৱা হয় ৷ কেতিয়াবা যমুনাই নিজেই নিজক সান্তনা দিয়ে যে তাইৰ লগত যি হৈছে সেয়া বহুতৰে জীৱনত হৈছে৷ তাই অকলশৰীয়া নহয়৷ কিন্তু নিশা যেতিয়া অকলশৰীয়া হৈ যায় তেতিয়া মনটো হতাশাই আগুৰি ধৰে৷ পৰিয়ালৰ পাঁচ জন ল’ৰা- ছোৱালীৰ তাইয়েই ডাঙৰ আছিল৷ তাইৰ বাদে সকলোৰে বিয়া -বাৰো সঠিক সময়তেই হ’ল৷ তেওঁলোকৰ পৰিয়ালো বাঢ়িল৷ এতিয়া ভায়েকহঁতৰ পৰিয়ালৰ লগতে থাকে৷ চাকৰি সূত্ৰে ভায়েকহঁতে নিজৰ নিজৰ কৰ্মস্থলীত আছেগৈ ভতিজা ল’ৰা-ছোৱালীৰ সম্পূৰ্ণ দায়িত্ব ; আল-পৈচান ধৰাৰ পৰা স্কুললৈ নিয়া-অনা কৰা আদি যমুনাৰ ওপৰত৷ ব্যস্ততাৰ ধাৰাবাহিকতাৰ মাজতে কেতিয়াবা কিছুমান অপ্ৰাসঙ্গিক চিন্তাই মনত ভূমুকি মাৰে৷ তেতিয়া অনুভৱ হয় যেন জীৱনতো বৰ বেদনাদায়ক৷ নিজৰ ঘৰখনো যেন অচিনাকি হয়! আজি কিছু দিনৰ পৰা  নিজৰ দেহাটোয়েও বিশ্বাসঘাটক কৰা যেন অনুভৱ হৈছে৷ ঋতুশ্ৰাৱৰ খেলি-মেলি৷ বাৰুকৈয়ে স্বাস্থ্যৰ অৱনতি হ’ল৷ কিছুদিন চিকিৎসালয়ত থাকিল৷ ধৈৰ্য্য আৰু সাহসেৰে সুস্থ হৈ ঘৰলৈ উভতিল৷ ইমানবোৰ ঘাট-প্ৰতিঘাটৰ মাজতো তাই কিন্ত মানসিকভাৱে ভাঙি পৰা নাছিল চিকিৎসালয়ৰ পৰা ঘুৰি আহি তাই আকৌ কামৰ সোতত বিলীণ হৈ গ’ল৷ নিজৰ শৰীৰৰ প্ৰতি চাবলৈ যেন সময় নোকোলায়৷ কাপোৰ ধোৱা, বাচনধোৱা আদি সঘনাই পানীৰ কাম কৰোতে কৰোতে হাতৰ আঙুলি ভৰিৰ আঙুলিৰ অৱস্থা অতি শোচনীয়৷ দেহাটো যেন নিজৰ  নহয়৷


    বহুত দিনৰ বিৰতিত এদিন যমুনা এগৰাকী প্ৰিয়সখীৰ ঘৰলৈ ফুৰিবলৈ গ’ল ৷ সখীয়ে ইমান দিনৰ মুৰত যমুনাক দেখি একপ্ৰকাৰ আচৰিত হ'ল ৷ ক’ত গ’ল যমুনাৰ অপেশ্বৰী হেন ৰূপ ?  সখীক  লগ পায় মনৰ ভাজে ভাজে জুকিয়াই থোৱা “চন্দ পতন“ ৰ বৰ্ণনা কৰিবলৈ ধৰিলে৷ অজয় বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে ভাৱৰ বিনিময় হ'ল ক্ৰমে প্ৰেমলৈ ৰূপান্তৰ হয়৷ প্ৰতি শণিবাৰে অজয় আমাৰ ঘৰলৈ আহিছিল৷ এবুকু আশাৰে ভৰি থাকে হৃদয়ৰ কোঠালি, মন উত্ৰাৱল হৈ থাকে৷ তাৰ মিঠা চাৱনিত খালি হৈ গৈছিল মোৰ দুখৰ হিয়াখনি৷ অজয় অহাৰ উমান পালে হেপাহবোৰ জীপাল হৈ উঠে৷ নিৰলে বাৰে বাৰে চিঠিবোৰ পঢ়ি অনুভৱৰ পৃথিৱীত হেৰাই গৈছিল৷ ডাকোৱাল কাইয়ে  অহালৈ পৰম হেপাহৰে দিঙিমেলি বাটচাই থাকে৷ অজয়ৰ আন্তৰিকতা, আকুল ভাল পোৱাখিনি উৰি উৰি নীলিম আাকাশেদি আহিব বুলি বাটচাই থাকে ৷ডাকোৱাল জন আহি চাইকেলখনৰ বেল বজোৱাৰ লগে লগে সুখৰ সমুদ্ৰত বিলীন হৈ যায়, মনৰ আউল ভাঙে৷ বাৰিষাৰ জান -জুৰিৰ দৰে চিঠিবোৰত হৃদয়ৰ কথা নিৰবধি হৈ বৈ আছিল৷ বুকুৰ উম লৈ লিখা চিঠিত নিহিত হৈ আছিল মনৰ বতৰা ৷যমুনাক লগপোৱাৰ আশাৰে ঘৰলৈও আহিব ললে৷ যমুনা আছিল নিৰ্মল আৰু অতি অমায়িক চৰিত্ৰৰ৷ তাই মনেপ্ৰাণে বিয়াৰ বাবে প্ৰস্তুত হৈছিল৷ কিন্তু অজয় আছিল বিপৰীত চৰিত্ৰৰ৷ তেওঁৰ বাবে এইয়া আছিল অভিনয়৷ অজয় ক্ৰমে ঘৰলৈ অহা,চিঠি পত্ৰ দিয়া কমি আহিল৷ ডাকোৱাল মদন কাইয়ো কেতিয়াবা লগ পালে যমুনাৰ চিঠি নহাৰ কথা কাণে কাণে কৈ যায়৷ তথাপিও মূৰ দাঙি চকুমেলি ডাকোৱাল জনে লেফাফা লৈ হৃদয় জোৰাবহি বুলি হেপাহৰে বাট চাই থাকো ৷ অজয় ইতিমধ্যে এটা চৰকাৰী চাকৰী পায়  ডিফু চহৰতে থাকে৷ পিচলৈ একেবাৰেই খা-খবৰ নোলোৱা হ’ল ৷

          অজয়ৰ “ব্লেক এণ্ড হোৱাইট ”ফ’টো এখন দিছিল ৷চকুৰ আগত ভাঁহি থাকে ধূসৰিত ফ’টোখন ৷ফ’টোখন পঢ়া

কিতাপৰ মাজত আলফুলকৈ সাঁচি থৈছে ,ফ’টোখন চাই চাই অজয়ৰ প্ৰতি গভীৰ ভালপোৱা জাগিছিল আৰু অজয়ৰ প্ৰতি বিশ্বাসৰ ভেটি গঢ়িছিল ৷ফ’টোখনে কঢ়িয়াই ফুৰিছিল অজুহাত ,ফ’টোখনতে জীৱনটো সোমাই থাকে৷ কিন্ত এটা সময়ত ফ’টোখনো নিস্প্ৰভ হয় থাকিল ৷ এতিয়া চকু টিপিয়ালেই ফ’টোখন ভাঁহি আহে ৷

          এদিন যমুনাই অজয়ৰ পৰিচিত এগৰাকী বান্ধৱীৰ সৈতে তেওঁৰ কৰ্মস্থলীত উপস্থিত হ’লগৈ৷ অজয়ে যমুনাক দেখি হতভম্ব হ’ল ৷ অজয়ে বিয়া পাতিলে  আনকি সেইদিনাই পত্নীৰ এটা সন্তানো জন্ম হৈছে, পৰিবেশটো যেন অভাৱনীয়৷ যমুনাই কথাটো সহজভাৱে লব নোৱাৰিলে৷ আৰু লগেলগে মূ্ৰ্চা গ’ল৷ কিছু সময়ৰ পিচতে যমুনাই অৱিশ্বাসৰ চাৱনিৰে অজয়লৈ চালে ,উস্ কি ৰোগাক্ৰান্ত চৰিত্ৰ সৰ্বাধুনিক ৰুপ ঘৃণা উপজিছে৷ ফুলৰ দৰে সুকোমল মনটো বাস্তৱতাই খন্তেকতে শিলৰ দৰে কঠিন কৰি তুলিলে৷ জীৱনত বহুত ভুল কৰিলো এতিয়াৰ পৰা শান্তিৰে জীয়াই থাকিব পাৰিম৷ খাই পাত ফলা অকৃতজ্ঞৰ দৰে চুড়ান্ত ভাবে বিশ্বাসঘাতক কৰিলে?মোক জানিবলৈ বা চিনি পাবলৈ আপোনাৰ একো প্ৰয়োজন নাই, যেনিবা মই এক অশৰীৰীহে৷ সততা, ব্যক্তিত্ব, আত্মসন্মান নথকা প্ৰতাৰক ধুৰন্ধৰ কৰবাৰ৷ সোঁৱে-বাঁৱে ডিগ্ৰী অৰ্জন কৰিলে ঠিকেই কিন্তু নাৰীক প্ৰৱঞ্চনা কৰিবলৈ হে শিকিলে ? আপোনাৰ দৰে জ্ঞানীমূৰ্খই নাৰীক মৰ্যাদা দিব নাজানে৷ মাথোঁ এটাই প্ৰশ্ন কৰিলে “মোক কিয় প্ৰবঞ্চনা কৰিলে”? যমুনাৰ ৰঙা -চিঙা পৰা  মুখখন বিষাদ যন্ত্ৰণাৰে ওলমি পৰিল৷ কোনো উত্তৰলৈ অপেক্ষা নকৰি যমুনা নিজৰ বাটেৰে প্ৰস্থান কৰিলে৷ ঘৰত আহিয়েই নিৰলে বাৰে বাৰে পঢ়ি অনুভৱৰ পৃথিৱীত হেৰাই যোৱা সংগোপনে বেৰত আঁৰি  সাঁচি থোৱা মৰমৰ চিঠিবোৰ তাঁৰডালৰ পৰা উলিয়াই আনি এখন এখন কৈ জুইত জাপি দিলে৷ নীলা খামৰ নিৰ্মেঘ আদান - প্ৰদানৰ সখানুভূতিৰ বিৱৰণিৰ  অন্ত পৰিল। সান্নিধ্যৰ সেই বিনন্দীয়া নিৰুপম আনন্দ নিমিষতে শেষ কৰিলো৷ আজিৰ পৰা নীলা খামৰ চিঠিৰ অপেক্ষাত উচুপি নাথাকো৷ অজ্ঞতাৰ বাবেই তাৰ লগত প্ৰেমত পৰি জীৱন সজাবলৈ গৈ মুখ থেকেচা খাব লগা হ’ল৷ থাকিব পাৰিম অকলেই৷ পাৰিম মই জীৱনটো অকলেই সজাম৷ ফুলৰ দৰে সুকোমল মনটো বাস্তৱতাই শিলৰ দৰে কঠিন কৰি তোলিলে৷ আজিৰ পৰা নিজৰ ভাল লগাবোৰ কৰি যাম৷ নিজতকৈ বিশ্বাসী কোনো নাই৷ সুখ -দুখ, হাঁহি -কান্দোন, আশা-নিৰাশা সকলোতে যিমান পাৰো নিজেই নিজক সংগী কৰিম৷ সঠিক দিশত খোজ দিবলৈ নিজতকৈ আপোন কোনো নাই ৷ জীৱনত বহুত ভুল কৰিলো, এতিয়াৰ পৰা শান্তিৰে জীয়াই থাকিব পাৰিম৷ কোনে  কেতিয়া কেনেকুৱা পৰিস্থিতিৰ মুখামুখি হ’ব লগা কোনেও গম নাপায়৷ এটা কথা ভালদৰে উপলব্ধি কৰিছো যে কাকোৱেই প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰিব নালাগে৷ প্ৰেম সদায় আকুলতা হৈ থাকক, য’ত কোনো মৰমৰ পৰা বঞ্চিত নহয়।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages