প্ৰতিযোগিতা
মফিজুদ্দিন চৌধুৰী
চকিটুপ, নগাঁও
চহৰৰ উপকণ্ঠ অঞ্চলৰ এখন গাঁৱৰ বিয়া। গৰমৰ দিন। ঠাই কম। নিমন্ত্ৰিত অতিথিৰে বিয়াৰ ঘৰ দলদোপ-হেন্দোলদোপ। বেছি অতিথি, বেছি উপহাৰ। কিন্তু আপ্যায়নৰ ব্যৱস্থা অতি সংকুচিত।
দেখিলোঁ, প্ৰতিবাৰতে আলহীক ভোজন-কক্ষলৈ মাতিলে তেওঁলোক হুৰমুৰকৈ ভিতৰ সোমায়গৈ। যেন বিয়া নহয়, প্ৰতিযোগিতাৰ মঞ্চহে। গতিকে শিষ্টাচাৰ ৰক্ষা কৰি ধীৰ গতিৰে আগবঢ়াসকলক পিছ পেলাই পিছৰখিনিহে আগত গৈ ভোজন কক্ষৰ আসন পূৰ্ণ কৰে। গতিকে এই হতাশ অতিথিসকলে পূনৰ ঘূৰি আহি আগৰ অপেক্ষাৰত আসনত বহেহি।
এবাৰ আমাৰ পাল পৰিল। মই কিবা কৰি আগতেই গৈ এখন টেবুল অধিকাৰ কৰিলোঁ। এখন আসনত মই বহিলোঁ। বাকী তিনিখন মোৰ পৰিয়ালৰ কাৰণে ৰাখি থ’লোঁ।
মোৰ লেহেমীয়া পৰিয়ালটোৱে শিষ্টাচাৰ ৰক্ষা কৰি আহি থাকোঁতেই তিনিজনী ছোৱালীয়ে আহি জোৰ কৰি বাকী তিনিটা ছিট অধিকাৰ কৰিলে। মোৰ আপত্তিত কোনো প্ৰতিক্ৰিয়াই নেদেখুৱালে।
মই এতিয়া কৰোঁ কি ? তিনিটাই বাজিল! বৰ ভোকো লাগিছে। ছোৱালীকেইজনীৰ ওপৰত খং দেখুৱাই ওলাই আহিলে নিজেই ঠগ খাব লাগিব। গতিকে সকলো মৰ্যাদা জলাঞ্জলি দি তৃপ্তিৰে ভোজন কৰাতে লাগিলোঁ।
আমাৰ ঘৰো ওচৰতে। খাই বৈ হোৱাত পৰিবাৰে ক’লে, “আপুনি খাই আজৰি হ’ল, ভালেই হল। ঘৰলৈ যাওকগৈ, আমি গৈ আছোঁ।”
মই ভালেই পালোঁ। ভাত-ঘুমটি মাৰিব পাৰিম। গতিকে তৎক্ষণাৎ গুচি আহিলোঁ।
গধূলি চাৰে পাঁচটা মানত শুকান মুখেৰে তেওঁলোক ঘৰ পালেহি। মই অবাক।
কি হ’ল?
“মানুহৰ ভীৰ এতিয়াও কমা নাই। মিছামিছি ৰৈ থাকি কি কৰিম ? গধূলি হ’ল, গুচি আহিলোঁ।” পৰিবাৰে ওঁঠ চেলেকি চেলেকি উত্তৰ দিলে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:
Post a Comment