সৰিয়হবোৰ ফুলিছে
ইলামণি শইকীয়া
সৰিয়হ ফুলাৰ বতৰ এয়া...
গাভৰুজাক নাই
সৰিয়হৰ হালধীয়াবোৰ গাভৰুজাকৰ হাঁহিবোৰত সৰাৰ সময় এয়া...
গাভৰুজাক নাই।
সকলো আছিল য’ত
তাত এতিয়া একো নাই।
পোহৰবোৰ নাই
আন্ধাৰো...
হাঁহি নাই
কান্দোনো...
ইমান শূন্যতা যে
তাত অকণমান
প্ৰেমো নাই...
সৰিয়বোৰ ফুলিছে
হাঁহিবোৰ ফুলা নাই।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment