মাত
অংকুৰিতা ফুকন
এৰি অহা সময় আৰু ধৰি ৰখা স্মৃতিবোৰৰ বাবে
একেষাৰ প্ৰশান্তিৰ মাত
যিষাৰ মাত অনুসৰণ কৰি
শৈশৱে খেলিছিল মোৰ
হাঁহিছিল যৌৱনে
এতিয়া প্ৰৌঢ়তাৰ ৰ'দত
নিস্তব্ধ জীৱনৰ বাট
ছাঁ হ’ব খোজা মোৰ ৰ’দ পুওৱা সময়
চেঁচুকীয়া চোতাল জ্বলি থাকে
কোনকুৰা মৌনতাৰ জুই
ৰ’দৰ চকুলৈ চাই…
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment