জীয়া ভৰলীৰ পাৰতঃ নামেৰি ২০২৩ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

জীয়া ভৰলীৰ পাৰতঃ নামেৰি ২০২৩

 


জীয়া ভৰলীৰ পাৰতঃ নামেৰি ২০২৩


দীপ হেষ্টিংছ বৰি


ৰ’দঘাই শীতৰ বেলাত

জীয়া ভৰলীৰ পাৰত শুনিছো

শিলে কটা পানীৰ আৰ্তনাদ


সিপাৰে অৰুণাচল ইপাৰে নামেৰি

নাৱৰীয়া নাই আজি সুধিবলৈ 

নিৰলে বৈ বৈ বিনাইছে ভৰলী


আছেনে কোনোবা ইপ্সু পথিক

শুনিবলৈ ভৰলীৰ জীয়া কাহিনী


অকা ডফলা মিলনৰ সুঁতি

টাৱাঙৰ জীয়াৰী কামেংজনী

গৰিচেনৰ শুভ্ৰ ওৰণি গুচাই 

নামি আহিলি তই ভৈয়ামলৈ

ন সাজেৰে পৰিচিত হ’লা জীয়াভৰলী


তোৰ অৱধাৰিত জিৰজিৰ সুৰধ্বনিত

সদাজাগ্ৰত অৰুণ উদয়ৰ সেউজ কাচল

সাৰ পায় প্ৰতিদিনে প্ৰতিপুৱা নিচলা মানুহ


সৌৱা ভালুকপুং

সৌৱা বমডিলা


চিৰপ্ৰবহমান হৈ থাকক তোৰ ল’ৰালুৰি

টেঙা বিচম টিপি পাচা ডিৰাং চু

সদাজাগ্ৰত হৈ ৰওক স্ৰোতস্বিনী


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages