বিভাৱৰী
ৱাহিদ আহমেদ
কাটাৰ, ডোহা
সেমেকা শীতৰ ৰাতিটোত
মই টোপনি নাযাওঁ
ঠাণ্ডাৰ উমাল ৰাতিটোত
টোপনি যাবলৈ বহুত চেষ্টা কৰোঁ
কিন্তু টোপনি যাব নোৱাৰোঁ
এনে অবাঞ্চিত ৰাতিবোৰ
অভিশাপ হৈ বিছনাত
কেতিয়া যে আহে
মই টোপনি যোৱাৰ আগতেই
নষ্ট অভিশাপবোৰে টোপনিটো
নাইকিয়া কৰি দিয়ে...
তুমি চাগে টোপনিত আছা
তুমি মোৰ কথাবোৰ পঢ়ি
তোমাৰ টোপনি বেয়া নকৰিবা
এদিন তোমাক দেখা কৰিবলৈ কৈছিলোঁ
তুমি নাহিলা কিয় ?
এতিয়া মই টোপনি যাম আৰামেৰে
তুমি আহিলেও
মই টোপনিৰ পৰা নুঠো
তুমি গোটেই ৰাতি পহৰা দিলেও
তাতেই শুই থাকিম...
তোমাৰ মাতষাৰে মোক জগাব নোৱাৰে
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment