বনভোজ
ইনু দও
বনভোজ বনভোজ
প্ৰীতিৰ বনভোজ,
গীতে-মাতে, নাচে-তালে
খেলাই-ধূলাই ভৰপূৰ।
আহাঁ আহাঁ সখীহঁত
মিলি-জুলি, হাঁহি-মাতি
দেখা-দেখিকৈ এসাজ খাওঁ।
নাই কোনো ইয়াত
বিষাদৰ ছাঁ, বেদনাৰ বা।
আছে মাথো
হাঁহি আৰু হাঁহি,
পাহৰি যাওঁ নিজক
আঁতৰাই থওঁ
বিৰহ বেদনা।
নকৰো দুখ পোৱা নোপোৱাৰ
হাঁহিৰে উপচাই দিওঁ
জীৱনৰ বিয়লি সময়।
আহাঁ আহাঁ সখীহঁত
নকৰা পলম
আমি বনভোজ
খাবলৈ যাওঁ
প্ৰীতিৰে এসাজ খাওঁ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment