অইনিঃতমৰ দেশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

অইনিঃতমৰ দেশ

 


অইনিঃতমৰ দেশ


প্ৰবীণ কুমাৰ মিলি


খণ্ড -৩


     ৰাতিপুৱা শুই উঠিয়েই, কুকুৰাই কক কক, চিয়প চিয়পকৈ কান্দি লগতে বৰমতা দেখুৱাই ৰকপটোৰ ডাঙৰ ডাঙৰকৈ দিয়া ডাক  আৰু কণী পাৰিবলৈ ৰগনে কেইজনীয়ে ঘনেপতি টকটককৈ চিঞৰি চিঞৰি, হাই-উৰুমি কৰি পৰিবেশটোক ৰৌঢ়ি-বৌঢ়ি কৰি পেলোৱা ঘৰৰ পিছপিনৰ বেৰৰ বাহিৰত, পানীপতাৰ ঠিক অলপ ভিতৰত বিশেষৰূপত সৰু চাং বনাই তুলি থোৱা কুকুৰাৰ সঁজাটোৰ দুৱাৰ খুলি দিওঁ বুলি মাৰকালিয়ে বিচনাৰ পৰা উঠি যাব খুজিছিলেহে কিন্তু গোটেই গাটোক যেন ৰমৰমীয়া বিষে টনীয়াই ধৰিলে। কালি ৰাতিৰ দেওলগা মনৰ জোৰে আজিৰ এই মুহূৰ্তত বুঢ়া দেহটোক লেহেৰ-পেহেৰ কৰি পেলাইছে। কিযে অদ্ভুত, অগতানুগতিক চঃমান আছিল! আচলতে, কেতিয়াবা মানুহৰ অন্তঃকোণত ক’ব নোৱাৰাকৈয়ে কিছুমান গোপন ইচ্ছা গোট খাই থাকে। যি তলে তলে উদ্গীৰণ হ’বলৈ চেলু বিচাৰি থাকে। এই চেলুৰে এক প্ৰকাশ কৰিব নোৱাৰা উন্মেষণ আছিল কালি ৰাতিৰ চঃমান।

     মাৰকালিয়ে তেওঁৰ পিঠিৰ ফালে শুই আছে বুলি কাম্পতিলৈ ডিঙি ঘূৰাই দেখিলে নাই মানুহজনী বিচনাত নাই। কিমান যে কাম নকৰে এই মানুহজনী! শুৱা-খোৱা একেবাৰে তেনেই গৌণ। কালি ৰাতিৰ টাকুৰী ঘূৰাদি ঘূৰি নচা দেহত যেন আজি একো বিষৰ পীড়া অনুভৱ কৰা নাই। মৃদু শুফিলৰ বিচনীয়ে যেন বিচি বিচি তাইৰ শৰীৰটো শীতল কৰি ৰাখে! সি বাৰে ৰকমৰ ভাৱনাৰ নৈত উটি-ভাঁহি যাব খোজোতেই কাম্পতিয়ে ঠিক পূৰ্বৰ দৰেই  সুৰীয়া মাতেৰে মাতি ক’লে- কি হ’ল মানুহজন? আজি শুয়ে থাকিবনেকি। যাওকচোন, কুকুৰাবোৰ মেলি দিয়কগৈ। কেনেকৈ হুলস্থূল কৰি আছে। চাউলৰ দানাও সৰু চৰিয়া এটাত ৰাখি দিছোঁ, লগে-ভাগে সিঁচি দি জঞ্জাল সামৰি আহিব। মই পুৰাং কেৰাহিত উঠালোৱেই, পঃৰও চাকো বুলি তাঃচুকটোক চ'তিডালত তুলি বান্ধিলোঁ। বচ, এতিয়া টাবকেইটাত অলপ অলপ পানী ঢালিবলৈহে বাকী। যদি আপডাল নকৰো ফুলবোৰ মৰহিব। ল’ৰা দুটাৰ অতীতৰ সপোন ইয়াত বিজড়িত হৈ আছে। একদমে এলাহ কৰিব নোৱাৰি! মৰহি যোৱা ফুলবোৰ দেখিলে তেওঁলোকে কি ভাবিব!! - ঘপকৰে উঠি মাৰিকালি বিচনাত বহিল। সি জোঁটপৰা ধুতিটোক মেলি ধৰি ভালকৈ পিন্ধি  কুকুৰা থোৱা সঁজাটোৰ পিনে গৈ থাকোঁতে ভাবিলে - আজি লৃগাং বুলি মেঃতেৰ অৰ্থাৎ সৰু ল’ৰাটো, বোৱাৰী আৰু নাতিটোৰ সহিতে আহিবগৈ। অলুম অৰ্থাৎ ডাঙৰটো নাহে। দহখন জিলাৰ বাহিৰে ‘লৃগাং বন্ধ’ হেনো নাই। অলুমৰ আকৌ শিলচৰত চাকৰি। গতিকে, আহিব নোৱাৰে। বহুত দিনৰ আগৰ কথা- ল’ৰা দুটাক ক'ৰবাত ফেষ্টিভেল, ফাংচন আদিলৈ নিলেই বিবিধ ফুল আৰু টাব কিনাটো বিৰাট চখ আছিল। আজি কত বছৰ গ'ল অথচ, এতিয়াও কেক্‌টাছ, এলুবেৰা, বেলিফুল, গোলাপ, তগৰ, নাৰ্জি আদি কৰি নাম জনা-নজনা শ ফুলেৰে আগচাঙটোৰ সৰু-ডাঙৰ টাববিলাকত শোভিত হৈ আছে। ল’ৰাৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, দেশ-সমাজৰ প্ৰতি অগাধ মৰম-শ্ৰদ্ধা থকা এজনী বিদুষী নাৰী। এইজনীয়েই কাম্পতি। যিদৰে মানুহজনী বগা এইদৰেই নিমাখিত শুভ্ৰ মন। অথচ, তাই অসীম সাহসৰ প্ৰতিভূ। এয়ে, সোণচ’ৰা ঘৰৰপৰা পলাই আহি মোৰ দৰে দুখীয়া মানুহৰ অৰ্ধাংগিনী হ’ব পাৰিছে!

    ৰৌজাল-বৌজাল হৈ থকা সঁজাটোৰ দুৱাৰ খুলি দিয়াৰ লগে লগে কুকুৰাবিলাকে উঠা-পৰাকৈ জঁপিয়াই জঁপিয়াই নামিল। চৰিয়াটো হাতত লৈ সি চাউলৰ দানা সিঁচি দিলে। কিন্তু সিবিলাকৰ মাজতো মিল নাই, ভীষণ খেদা-খেদি, থপিয়া-থপি। এটাই এটাক ঠোঁটীয়ালে, আন এটাই এটাক ঠোঁটীয়ায়। মানে য’ত চবেই ৰণস্থলী। এনেকুৱা অমিল অৱস্থান, অহংভাৱ, সৰু-বৰৰ শ্ৰেণীবিভাজন আৰু কিবাকিবি বহুত কথাৰ বাবেই মানুহৰ মাজত অনাদি কালৰ পৰা ভীষণ যুদ্ধ-বিগ্ৰহ চলি আহিছে। সি আৱেগি হৈ ভাৱে- মোৰ জীৱনলৈ সতী ৰাধিকা হৈ কাম্পতি নাহিলে হয়, মোৰ কি হ’লেহেঁতেন? ঘটনা এটা মোৰ স্পষ্টকৈ মনত আছে- এদিন কাম্পতিহঁতৰ ঘৰৰ আগফালৰ ঠিক নিচেই ওচৰতে গো-বাটৰ দৰে দীঘলকৈ পৰি থকা, কেতিয়াবা গাঁৱৰ মানুহে অতি দৰকাৰী হ’লে পোনাই অহা-যোৱা কৰা চেঁচুকীয়া বাঁহনিৰ লুংলুঙীয়া বাটেদি এৰাব নোৱাৰা কাৰণত ময়ো এদিন যাব লগীয়া হৈছিল। কেনেকৈ জানো  মোক দেখিলে নাজানো, কাম্পতিৰ মেজাজী বুলি খ্যাত ককায়েক দৰমেয়ে মোক  হাঁকুৰা দাৰ নালেৰে তীব্ৰ জোৰেৰে কোবাই তৎক্ষণাত দৌৰি পলাই গৈ তেওঁলোকৰ নিজৰ আগচাঙত জঁপিয়ই উঠা দৃশ্যটো চকুৰ আগত এতিয়াও ৰঙীনকৈ জিলিকি আছে। সি হতবম্ব হৈছিল। কোব পৰা বিষৰ কথা নাভাবি, দৰমেৰ অচৌখিন নিষ্ঠুৰতাত চৰম পুতৌ জাগিছিল। কিযে, লাজ লগা জীৱন-চক্ৰ!

     এনে এঘৰৰ জীয়ৰী এজনীয়ে বাজিমাৰি মোৰ সৈতে পলাই আহি ঘৰ-সংসাৰ পতাটো কম কঠিন কথা নাছিল। হ’লেও আজি আমি বহুত সফল পিতৃ-মাতৃ। দুটা ল'ৰাক যি কষ্ট আৰু বিশাল সদিচ্ছাৰে পঢ়াইছিলো তাৰ সুমিঠা ফল লাভ কৰিছো। আমাক কি লাগিছে? তেওঁলোকৰ সুখেই আমাৰ সুখৰ সফুঁৰা। আজি এই হৃদয়ৰ এফাল যেন  সৰুটো পৰিয়ালে আহিব, ঘৰত কোনো ধৰণৰ খুঁত নথকাটো মোৰ মতেও খুবেই ভাল। যিহেতু, আমি জীৱনটোকে আন দহ ঘৰতকৈ সুকীয়া ধৰণেৰে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিলোঁ। কাৰণ, আমাৰ  জীৱনৰেখাই আছিল চেলেঞ্জ ভৰা। মানুহ আৰু প্ৰকৃতিৰ কোপদৃষ্টিত যেন আমাৰ জীৱনে উশাহ-নিশাহৰ পৰিসীমা হেৰুৱাইছিল। বৰ্তমানৰ বমজে পাঃতাং গাঁওখনে শুকান মাটি আৰু বালিৰ প্ৰচণ্ড ধুমুহাত প্ৰতিনিয়ত ধুসৰিত আছিল। চৌদিশে বালি আৰু বালি...

     বালি আৰু খৰখৰীয়া মাটি। খেতি-বাতিৰ কথা চিন্তাই কৰিব নোৱাৰি। হাজিৰা কৰি, খেৰকাটি, খৰি বেচি নাখালে  মানুবোৰৰ বিকল্প উপায় নাছিল। কেনেবাকৈ ইয়াৰ ব্যতিক্ৰম হ’লেই অনাহাৰে দিন-ৰাতি পাৰ কৰাটো প্ৰায় নিত্য-নৈমিত্তিক আছিল। অৱশ্যে, ম’হখুঁটিত থাকি মোৰ বিশেষ খোৱা-বোৱাৰ বৰ অসুবিধা নহৈছিল। তেনে দুৰ্ভিক্ষৰ দিনতো কিন্তু কাম্পতিহঁতৰ ঠিকেই দিন চলিছিল। তেওঁলোকৰ অজস্ৰ গৰু-ম’হৰ উপৰিও বান বিধ্বস্তই স্পৰ্শ নকৰা অঞ্চলৰ কেইবাখনো গাঁৱৰ মানুহৰ পৰা বন্ধকত লোৱা বহু পোৰা বন্ধকী মাটি আছিল। সিফালে, চাপৰিৰ হাবিতলীয়া মাটিও সীমা গণিব নোৱাৰাকৈ আছিল। সেই হাবিৰ মাজে মাজে গজি মিহি আৰু লিংলিঙীয়াকৈ সঁজাল ধৰি থকা খেৰণিবিলাক আধিকৈ কাটিবলৈ দি তেওঁলোকে যথেষ্ট ইনকাম পাইছিল। মুঠতে, সেইদিনৰ আঢ্যৱন্ত পৰিয়াল...মাৰকালিয়ে গভীৰ আৱেগত দূৰ অতীতৰ হৃদয় বিদাৰক কথাবোৰ পাগুলিয়াই থাকোঁতে কাম্পতিয়ে চিঞৰি মাতিলে- হেৰি শুনিছেনে? কাৰবুগহঁত আহিছে। লৃগাঙলৈ যাবৰ হ’লেই হেনো। -সি উধাতু খাই আগচোতাল পালেগৈ। চোতালত তেওঁলোকৰ পুৰণি দিনৰ প্ৰতীকৰ নিচিনা আওপুৰণি কিঃপাৰত ল’ৰাবোৰ বহি আছে। সি আহি পায়েই ক’লে- হেৰা, ল’ৰাহঁতক অকণ জলপানী খোৱালানে? ল’ৰামখাই সমস্বৰে ক’লে-  খালো, খালো। পুৰাং, আলি, দিনচান আদি কৰি একদম পেট ভৰাই খোৱাই হ’ল। - মাৰকালিয়ে থত্‌মত্‌ খাই ক’লে- ‘লৃগগদ’ নকৰাকৈ গোটেইবোৰ উপচাৰ খালা? - কাম্পতিয়ে পাকঘৰৰ পৰা ওলাই আহি ক’লে- এতিয়া কিমান বাজিলে জানেনে ? ন বাজি গ’ল। এনেও ৰাজহুৱাকৈ কৰিম যেতিয়া, ইফালে তুমিও কৃতকৰ্মফেৰা কৰি থাকোঁতে দেৰি হ'ব যেন দেখি,  ময়েই কালিৰ চহ কৰি থোৱা মাটি ডোখৰত ৰুঃনে-পিনেৰ নামত লৃগগদ কৰ্ম সমাপন কৰিলো। হ’লে কি হ’ব? আমি দুটাৰে দিগদাৰ হ’ল। অলপ দেৰি, নোখোৱাকৈ ৰাজহুৱা ৰীতি-নীতিখিনি কৰিব লাগিব। - জানো, কিমান শুদ্ধ হ’ল? মাৰকালিৰ কথাত সকলোৰে চকু থিয় হ'ল। কাম্পতিয়ে ক’লে- ভুল হ’লনেকি ? ভুল যদি হৈছে মাফ কৰিব। - ভুল হৈছে বুলি কিনো ক’ম ? এনেকৈয়েটো কিছু পৰিৱৰ্তিত ৰূপ ল'ব। যি নহওক, তোমালোক যোৱাগৈ, থোৰন্তে মুৰংঘৰত গৈ লাগতিয়াল সা-সৰঞ্জামবোৰ ঠিক-ঠাক কৰাগৈ। ময়ো ওলাও। মাৰকালিৰ লেটাধৰাৰ নিচিনা আৰু তত্ত্ব গধুৰ কথাত অবাক হৈ ল’ৰাবিলাক গ’লগৈ। কিন্তু কাম্পতিয়ে মনৰ খু-দুৱনি মৰিষণ কৰিবলৈ সুধিলে- বৰ অপৰাধ হ’লনেকি? - নাই, ধৰি থাকিব লগীয়া একো কথা নাই। অৱশ্যে, লৃগগদৰ পিছত প্ৰথমে জেষ্ঠজনে খোৱাৰ পৰ্ব আগ ধৰাৰ নিয়ম। যি হ’ল, হ’ল আৰু। তুমিও ৰেডি হোৱা, মইও ওলাও। মাৰকালিৰ কথাত কাম্পতিয় ডাঙৰকৈ চকু মেলি ক'লে- মোৰেই ভুল হৈ গ'ল। ক্ষমা কৰিব। - হ’ব কেতিয়াবাই ক্ষমা কৰিলো, এতিয়া  মুৰংঘৰ যোৱাহে মূল কথা।

     আজি লৃগাঙত ঢোলে-দগৰে, হাঁহি-স্ফূৰ্তিৰে গাওঁখনি নতুন ভূষণ পৰিধান কৰিছে। বুঢ়া-ডেকা, ল'ৰা-ছোৱালী, বা-বোৱাৰী কোনো পিছপৰি থকা নাই। মিবু-গালুগ, গনৰ’-উগন, ৰিঃবি-গাচেং, পাকগ আৰু লেকে এগে গাচৰত অপৰূপা হৈ যেন পৰিছে! মাৰকালি আৰু কাম্পতি দুয়ো নিজৰ নিজৰ মতে তৈয়াৰ হৈ ল’লে। মাৰকালিয়ে কোৰ, য়কচা আৰু কাম্পতিয়ে হোৰা, হোৰাত আহুধানৰ কঠীয়া, কপাহ, কেঁচা সূতা আদি ভৰাই লৈ যাবলৈ প্ৰস্তুত হ'ল। মুহুৰ্তত, দুয়োৰে মাজত বিদ্যুৎগতিত চাৰি চকুৰ বিনিময় ঘটিল। দুয়ো দুয়োকে মৌনভাৱে বহুত কথাই ক’লে যেন। প্ৰেম, ভালপোৱা, হিয়া দিয়া নিয়া, দীঘলীয়া এক পৰিক্ৰমাৰে যৌথ জীৱন যাপন, সমাজ আৰু সংগ্ৰামৰ অলিখিত অধ্যায়, যি এই সময়ত সামগ্ৰিকভাৱে মধুৰ বাঁহীৰ সুৰ হৈ বাজি ৰৈছে। কম কষ্টৰে গঢ়া জীৱন নহয়, এই জীৱন। মাৰকালিয়ে  নামিব খুজি পিছ মুহুৰ্ততে জখলাৰ মূৰৰ শিতানত ধৰি সেৱা জনাই পেনাম এটি মাতিলে - ‘ৰুঃনে-পিনে, আত্তায় গুঃমৃন চঃয়িং, তাঃত-য়াঃয় আপ্পৃঙে নলু তাতলাংকা, চিল ঙলু আলি আঃয়ে লৃগগদকাপ গৃদাককে, আইপে গৃমলাংকা।’ কাম্পতিও অতি ভক্তিপূৰ্ণভাৱে জখলাৰ শিতানত মূৰ দোৱাই সেৱা কৰিলে। তাৰপিছত চাঙৰ পৰা নামি দুয়ো মুৰংঘৰ অভিমুখে খোজ দিলে। আজি দুয়োকে ৰেগৃ-ৰেগামৰ পৰা নামি অহা কিঃনে-নাঃনেৰ দৰেই অপূৰ্ব সুন্দৰ দেখিছে।... 


ক্ৰমশঃ......

       

শব্দাৰ্থঃ ৰকপ - মতা কুকুৰা, পুৰাং - তৰাপাতেৰে নুৰিয়াই সিজোৱা ভাত, পঃৰ - ছাইমদ, তাঃচুক - শংকু আকৃতিৰ এবিধ ছাইমদ চকা সঁজুলি, গুঃমৃন-চঃয়িং-গোত্ৰ দেৱতা, য়কচা - দৈব্য প্ৰদত্ত মিবুৰ বিশেষ তৰোৱাল।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages