এখন পতাকা পালে
মূল কবিঃ হেলাল হাফিজ
অনুবাদঃ ড° ইকবাল হোচেইন খান
কথা আছিল এখন পতাকা পালে
মই আৰু কেতিয়াও নিলিখিম বিষাদত অংকুৰিত হোৱা যন্ত্ৰণাৰ কবিতা।
কথা আছিল এখন পতাকা পালে
সেই ভজন গায়িকা সন্ন্যাসিনী সবিতা মিষ্ট্ৰেচে
ব্যৰ্থ চল্লিশত বহি ক’ব, “পাইছো, পাইছো”।
কথা আছিল এখন পতাকা পালে
গছৰ পাত সংগ্ৰহ কৰা ছোৱালীজনীও শীতৰ পুৱাত
উম লৈ লৈ শুনিব জাতীয় সংগীত শুকান পাতৰ মৰ্মৰ ধ্বনিত ।
কথা আছিল এখন পতাকা পালে
ব'হাগ-জেঠত ভূমিহীন মনু মিয়া গান গাব তৃপ্তিত,
জীয়াই থাকিব যুদ্ধ বিধস্ত সকলো শিশু মৰম-স্নেহ পুষ্টিকৰ খাদ্যত ।
কথা আছিল এখন পতাকা পালে
আমাৰবোৰৰ সমস্ত দুঃখ জমা কৰিম যৌথ-পথাৰত;
সন্মিলিত বৈজ্ঞানিক কৃষিকৰ্মৰ সমান সুখৰ অংশ
সকলোৱে লৈ যাম নিজৰ সংসাৰত।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment