প্ৰাপ্তি কি
ধন দাস
বকুলী তোৰ বাবে কবিতা এটা হ’ব পাৰিলোঁ নে
নে হিচাপ মিলাই থাকোঁতেই কেলেণ্ডাৰ শেষ
বকুলী যদি জানিব পাৰিলোঁ হ’লে
কিমান গভীৰ আছিল সেই আস্থা
দিনৰ বুকুত খোজ দি ভৱিষ্যতলৈ গৈ থকাৰ
পাৰিলোঁনে বকুলী তোৰ হাঁহিটো সামৰিব !
বুজিব পাৰিলোঁনে কিবা এটা
জানিব পৰা হ’লে কেনেবাকৈ
উশাহঘন ৰাতিবোৰৰ বিশ্বাস
হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰি সময়
উশাহ কমি গৈ আছে জীৱনৰ
মৰাৰ পিছত থাকিব জানো হিচাপ
পাপ পূণ্যৰ
পোৱা নোপোৱাৰ
কাষতে থাকিও দিব নোৱৰা হিচাপৰ বহীখন
চিতাত কেঁচা বাঁহবোৰ ফুটিব
তোৰ প্ৰিয় সকলোবোৰ ছাঁই হ'ব
ধমহ্কৈ উঠিবনে তোৰ বুকুখন
বকুলী এবাৰ যদি জানিব পাৰিলোঁ হ’লে
গুচি যোৱা সময়বোৰ ঘূৰাই লাগে নেতোক
ইমান বিমৰ্ষ সময়
মাত নাই বোল নাই
বিষাদ নাই পোহৰ নাই
কেৱল দিন-ৰাতিবোৰ সামৰি আছ
নিৰ্জন দুচকু
প্ৰাপ্তি কি
অতৃপ্তিত ওলমি থকা সাঁচতীয়া কথা !
(বকুলী মোৰ সপোনৰ নাম। বুকুত বৈ থকা এটা নাম। বকুলীক লৈয়ে এটা কবিতা যি মোৰ অপ্ৰাপ্তিৰ কিছু হিচাপ)
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment