আঘোনৰ অনুভৱ
লখিমী শৰ্মা
যোৰহাট
গাঁৱলীয়া চহা জীৱনৰ লোকসকলৰ এই আঘোন মাহটো এক অনন্য মাহ । এই আঘোন মাহে গাঁৱৰ লোকসকলৰ বুকুলৈ কঢ়িয়াই আনে আশাৰ
বতৰা । মূৰৰ ঘাম মাটিত পেলায় নাঙলৰ সীৰলুত সপোন অঁকা কৃষকৰ সেই সপোনক বাস্তৱত পোৱাৰ বতৰ । পথৰুৱা ঠেক আলিয়েদি কান্ধত বিৰিয়া লৈ ডাঙৰি কঢ়িওৱা । আঘোন মাহ মানেই সোনগুটি চপোৱাৰ বতৰ , ঘৰলৈ লখিমী আদৰাৰ বতৰ আৰু সমূহীয়াকৈ গোটেই গাঁৱৰ ৰাইজে মিলি "ন" চাউলেৰে "ন" খোৱাৰ বতৰ । ধানবোৰ কাটি আনি ঘৰৰ চোতালত ৰ'দত মেলি দিয়ে ধানবোৰ শুকোৱাবলৈ আৰু তাৰ পিছত মৰণা মাৰে ঘৰৰ চোতালতেই । পিছে আজিকালি মৰণা মৰাৰ দৃশ্য দেখি পাবলৈ নোহোৱা হ'ব ধৰিছে দিনক - দিনে । ধানবোৰ মিলত নি কুটাই আনে আজিৰ দিনত ।কম সংখ্যক ঘৰতহে মৰণা মৰাৰ দৃশ্য দেখিবলৈ পোৱা যায়। এই আঘোন মাহতেই মানুহৰ ঘৰৰ চোতালত খেৰৰ পাহাৰ । সৰু সৰু ল'ৰা ছোৱালীবোৰে খেৰৰ লগতে কৰা খেলা। আঘোন মাহত পুৱাই পুৱাই হাতত কাচিখন লৈ সোনোৱালী ধাননি ডৰাত দাৱনীসকলে গৈ ধানবোৰ কাটি আনি ভঁৰাল ভৰাই ৰাখি আঘোনত "ন" চাউলৰ ভাত খায়। আঘোনৰ ৰ'দচেৰেঙাৰ আমেজ লৈ দাৱনীসকলে ধান কাটিবলৈ বুলি যাওঁতে লগত নিয়া তামোলৰ হাচতি, ৰবাব টেঙা, নিমখ, জলকীয়া, কলপাত, চাহপানী, আৰু দুপৰীয়াৰ ভাত সাজ পথাৰত খোৱাৰ আমেজেই সুকীয়া। লেছেৰী বুটলিবলৈ যাওঁতে নৰাই কটাৰ দৃশ্য। খেতিয়ক সকলে ৰোৱনী দাৱনীসকলে কৰা অ'তদিনৰ কষ্টৰ পৰিসমাপ্তি ঘটে এই আঘোন মাহতে। ভঁৰাল উপচি পৰে এই আঘোনতেই। শীতক আদৰাৰ প্ৰস্তুতি যেন এই আঘোনতেই হয়।
No comments:
Post a Comment