জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভা - এই দুজনা মহান ব্যক্তিৰ চিৰযুগমীয়া গীতৰ মাজত আধ্যাত্মিকতাৰ প্ৰভাৱঃ এক চমু অৱলোকন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভা - এই দুজনা মহান ব্যক্তিৰ চিৰযুগমীয়া গীতৰ মাজত আধ্যাত্মিকতাৰ প্ৰভাৱঃ এক চমু অৱলোকন

 


জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভা - এই দুজনা মহান ব্যক্তিৰ চিৰযুগমীয়া গীতৰ মাজত আধ্যাত্মিকতাৰ প্ৰভাৱঃ এক চমু অৱলোকন


শিৱ প্ৰসাদ ৰাভা হাদু

ছাটাবাৰী, গোৱালপাৰা


    ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দুয়োজনে অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিত শ্ৰী শ্ৰীশঙ্কৰদেৱ আৰু মাধৱদেৱৰ পিছতে এক নতুন যুগৰ আৰম্ভ কৰিছিল বুলি ক’লেও বঢ়াই কোৱা নহ’ব। আগৰৱালাদেৱে অসমীয়া চলচ্চিত্ৰ “জয়মতী” নিৰ্মাণ কৰি নজিৰ সৃষ্টি কৰাৰ দৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱে কাশী হিন্দু বিশ্ববিদ্যালয়ত “তাণ্ডৱ” নৃত্য প্ৰদৰ্শন কৰি কলা-সংস্কৃতিৰ শ্ৰেষ্ঠ উপাধি “কলাগুৰু” পাব লৈ সক্ষম হৈছিল। এই দুজন মহান যুগজয়ী ক্ষণজন্মা পুৰোধা ব্যক্তিৰ কাৰণেই অসমীয়া ভাষা-সাহিত্য, কলা-কষ্টি -সংস্কৃতি বিশ্বজগতত চিৰদিন চিৰকাল সোণালী আখৰেৰে জিলিকাই আছে আৰু থাকিব৷তেওঁলোক দুয়োজনৰ অমৰ সৃষ্টি চিৰযুগমীয়া গীতৰ মাজত আধ্যাত্মিকতাৰ প্ৰভাৱ কিছুমান গীতৰ মাজত সোমাই আছে। তাৰে দুই এটা  উদাহৰণ স্বৰূপে তলত উল্লেখ কৰা হ’ল।

  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শত সহস্ৰাধিক গীত ৰচনা কৰি অসমীয়া গীতি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁৰ ৰচিত যুগজয়ী গীত সমূহৰ ভিতৰত আধ্যাত্মিকতাৰ প্ৰভাৱ থকা অন্যতম গীত হ’ল- “শোণিত কুঁৱৰী” নাটকত থকা গীতসমূহ। সেই গীতটি হ’ল—

“মোৰে জীৱনৰে সখা কৃষ্ণ,তই

মোৰে জীৱনৰে সখা কৃষ্ণ।

মোৰে জীৱনৰে সখা কৃষ্ণ, তই

বজায় কি সুৰে বেণু।”

 ঠিক তেনেদৰে “নিমাতী কইনা” নাটকত আন এটা গীতত আধ্যাত্মিকতাৰ প্ৰভাৱ থকা দুটি গীত হ’ল—-

(১) “জয় আলোকময় 

অনাদি অনন্ত প্ৰসাৰী

বিশ্ব জীৱন জ্যোতি।

জয় জয় সুন্দৰ

সত্য সনাতন

চিৰ প্ৰশান্ত বিশ্বপতি৷”

(২) “আজি পূৱতি

কিহৰে আৰতি

কি নবীন বীণ বাজে ---”

  “ইন্দ্ৰমালতী” কথাছবিত থকা আন এটা অন্যতম আধ্যাত্মিক ভাৱ থকা গীত দুটি হ’ল-

(১) 

“মোৰ মন বনতে তই কি বাঁহী বজালী

অ’ সুন্দৰ—

সুন্দৰ সখা মোৰ চিৰসুন্দৰ৷” 

   আৰু —

(২)

“মোৰ বীণত বজা তোক জগোৱা গানে

তোক জগোৱা গানে

তোৰ ফালে মোৰ ভাষাটি

তোৰ প্ৰাণৰে মোৰ আশাটি

আনে আনে

আনে জানো আনে৷” আদি গীতৰ মাজেৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ভগৱন্ত গুণ- গান গাই আত্মা পৰাত্মাৰ লগত বিলীন হ’বলৈ আহ্বান কৰিছে৷

   কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱেও তেওঁৰ অমৰ সৃষ্টিৰাজি গীতৰ মাজত আধ্যাত্মিকতাৰ প্ৰভাৱ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ’লেও ভগৱন্ত প্ৰভুৰ জয় গান গোৱা বা আত্মা পৰাত্মা ঈশ্বৰৰ গুণগান গাই বহুতো গীত ৰচনা কৰিছে৷তাৰে দুটামান তলত উল্লেখ কৰা হ’ল৷

(১)“জীৱন-ভৰি তোমাৰ গান গালোঁ

দেহা-বীণৰ তাঁৰ জোকাৰি

কিমান সুৰ বজালোঁ

তেওঁ যে প্ৰভু তোমাক নেপালোঁ৷”

(২) “ তোমাৰ ফুলৰে মালা

আজিয়ে লেৰেলি যায়৷

সুৰভি সঁফুৰা মেলা ফুল পাহি

সিওযে মৰহি যায় ----” আদি৷

 কলাগুৰুদেৱে ঈদুজ্জোহাৰ উপলক্ষে এটি আধ্যাত্মিক সুৰ থকা এটি গীত ৰচনা কৰি ঈশ্বৰ-আল্লাৰ ওচৰ প্ৰাৰ্থনা কৰিছে এইদৰে-

“ দূৰ আৰৱৰ মৰুৰ বুকুত ভকতি আজান

পূঁৱতি নিশাৰ সোণালী উষাৰ উঠে মউ সনা গান৷

মিলনৰ সুৰ বোৱায়,শুনে সৰৱ জাহান

একেটি মালাৰ ডোলতে গঁথা সবাৰে পৰাণ৷” 

  সেইদৰে আনএটা গীত হ’লঃ—

“ মছজিদ মীনাৰ ভেদি

বয় ভকতিৰ নদী

পূৱা উষা ফজৰ আজান

হিয়া মছজিদ ভৰি

প্ৰাণ জীউক সুঁৱৰি

তুলি সকৰুণ সুধা গান----”

  কলাগুৰুদেৱৰ আন এটা অন্যতম অমৰ সৃষ্টি গীত হ’ল “সুৰৰে দেউলৰ”ত থকা গীতৰ মাজেৰে মঠ-মন্দিৰৰ দুৱাৰ খুলিবলৈ আহ্বান জনাই লিখা গীতত আধ্যাত্মিক ভাৱৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হয়৷

 “ সুৰৰে দেউলৰে ৰূপৰে শিকলি

ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী

পূজাৰী অ’ সুন্দৰ পূজাৰী৷” গীতৰ মাজেৰে মন্দিৰৰ দুৱাৰ খুলি পূজাৰীক নিত্য নৈমিত্তিক পূজা অৰ্চনা কৰিবলৈ আহ্বান জনাইছে৷

  তেওঁৰ আন এটি ভগৱন্তক প্ৰাৰ্থনা কৰি লিখা শ্ৰেষ্ঠ গীত হ’ল—

“ অ’ পূজাৰী আদৰি

দিলো এই বৰণ শৰাই

পূজাৰী দিলো এই বৰণ শৰাই৷

বিয়পি ধৰণী শুনো ৰিণি ৰিণ

জগতৰ নানা বিলাই৷

হৰি নাম ভকতি হৰি নাম বকতি

হৰি নাম মুকুতি পাই

বশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ

সুন্দৰ শঙ্কৰ কিয় নাই-----” আদি গীতৰ জৰিয়তে তেওঁ ভগৱন্ত প্ৰাৰ্থনা কৰিয়েও কিয় লগ নাপায় বুলি আক্ষেপ কৰিছে৷ইয়াৰ উপৰিও কলাগুৰুদেৱে জগতগুৰু শংকৰদেৱক কিহেৰে পূঁজিলে লগ পাব পাৰি তাক লৈ লিখা চিৰযুগমীয়া অন্যতম গীত হ’ল—

“ অ’ গুৰু মোৰ শঙ্কৰ

তৰিবৰ এ কিনো উপায়৷

অ’ গুৰু অ’—

ভাটিলৈ বান্ধিলা পঁজা

ছকুৰি ভকতে চাপৰি ধৰিয়ে

আপুনি লগাইছে ঘোষা হে ৰাম ৰাম

আপুনি গাইছে ঘোষা৷“-আদি গীতৰ মাজেৰে জগতগুৰু শঙ্কৰদেৱক শুধিছে যে এই ভৱ সাগৰ পাৰ কৰাৰ উপায় বিচাৰি প্ৰাৰ্থনা কৰিছে৷

   এইদৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱা লাদেৱ আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ চিৰযুগমীয়া গীতৰ মাজেৰে প্ৰভু ভগৱন্ত কেতিয়াবা সখা,কেতিয়াবা স্বয়ং ঈশ্বৰ আৰু কেতিয়াবা গুৰুশঙ্কৰ ৰূপে লগ পোৱাৰ আশা ব্যক্ত কৰি এই ভৱ সাগৰৰ মায়াময় সংসাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি তাৰ বাবে কাতৰে প্ৰাৰ্থনা কৰিছে দুয়োজনা চিৰ মহান শিল্পী দুগৰাকীয়ে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages