জাতি মাটি ভেটিৰ কিছু প্ৰাসংগিক কথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

জাতি মাটি ভেটিৰ কিছু প্ৰাসংগিক কথা

 


জাতি মাটি ভেটিৰ কিছু প্ৰাসংগিক কথা


জাতিৰাম কমান


    জাতি মাটি ভেটিৰ প্ৰশ্নত মনিপুৰ জ্বলিছে।মেইটেই মনিপুৰী আৰু কুকী নাগাৰ জাতিগত সংঘৰ্ষই ভয়াবহ ৰূপ লৈছে।সাম্প্ৰদায়িক সম্প্ৰীতিৰে শান্তিপূৰ্ণ ভাৱে সহাৱস্থান কৰি থাকিব জানিলে যুগ যুগ ধৰি একেলগে থাকিব পাৰে; কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ সেই নূন্যতম জ্ঞানকন নথকা বাবেই আজিৰ এই অগ্নিগৰ্ভা অৱস্থা।

  মণিপুৰ আছিল পূৰ্বৰ কাংলেইপাক। মেইটেই মণিপুৰী সকলৰ জন্মভূমি। স্বাধীনতা আন্দোলনত মণিপুৰী যুৱৰাজ টিকেন্দ্ৰজিৎ সিং বা কইৰেঙক ১৮৯১ চনত বৃটিছে ফাঁচী দিছিল।

   বৃটিছসকলে ভাৰত বৰিষত বেপাৰ বাণিজ্য কৰিবলৈ আহি দেশখনেই লৈ পেলালে। বৃটিছৰ লগতে পাদুৰি চাহাব সকলেও যীশু খ্ৰীষ্টৰ বাণী বিলাবলৈ ভাৰতলৈ আহিছিল। তেওঁবিলাকে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি অঞ্চলত আহি বহু জনজাতিক খ্ৰীষ্ট ধৰ্মত দীক্ষিত কৰিবলৈ সমৰ্থ হল। মিজো নাগা খাছিয়া জয়ন্তীয়া সকলক বৃটিছে খ্ৰীষ্টান কৰিব পাৰিলে কিন্তু মণিপুৰী মেইটেই সকলক কৰিব নোৱাৰিলে। ইয়াৰ গুৰিতে হল বংগদেশৰ শিলেটৰ পৰা অহা হিন্দু ধৰ্ম প্ৰচাৰক শান্তিদাস অধিকাৰী, যি শান্তিদাস গোসাই বা শান্তিদাস গোস্বামী বুলিও জনাজাত। তেওঁ মণিপুৰৰ ৰজা পামহেইবা'ক ‍১৭১৭ খৃষ্টাব্দত পৰম্পৰাগত মেইটেই ধৰ্ম সানামাহিজিম'ৰ পৰা বৈষ্ণৱ ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰে। শান্তিদাসে দীক্ষিত কৰা বৈষ্ণৱীয় ধৰ্ম‍াচৰণৰ পৰা মেইটেই সকলক বৃটিছসকলে হাজাৰ চেষ্টা কৰিও খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰ কৰিব নোৱাৰি বৃটিছে খঙত অকল মেইটেই সকলক বাদ দি সকলো জনজাতীয় মূলৰ জনগোষ্ঠীকে অফিছিয়েলী ট্ৰাইবেলৰ তালিকাভূক্ত কৰিলে বুলি শুনা যায়।

    সাম্প্ৰতিক কালৰ মণিপুৰ কেইবাটিও জনগোষ্ঠীত বিভক্ত। তাৰে মূল মেইটেই মণিপুৰীৰ ওপৰিও বিষ্ণুপ্ৰিয়া মণিপুৰী, যিসকল বঙালী মূলৰ,মোগলাই মণিপুৰী, যিসকল মুছলমান মূলৰ আৰু কুকী মণিপুৰী যিসকল নগা মূলৰ।

  এতিয়া মেইটেই সকলক ট্ৰাইবেল কৰিব লাগে বুলি মেইটেই মণিপুৰীসকলে আন্দোলন কৰিছে অসমৰ ছয় জনগোষ্ঠীয়ে কৰাৰ দৰে।ট্ৰাইবেল ইচ্ছ্যুৰ বাদেও মূল ভূখণ্ডৰ লগতে ধৰ্মীয় ক‍াৰণক লৈ মেইটেই আৰু কুকীৰ সংঘাত আগৰে পৰা উমি উমি জ্বলি থাকি ‍আজি ফিৰিঙতিত খাণ্ডৱ দাহ হল, যিটো ফিৰিঙতি জ্বলাই থৈ গৈছিল ফিৰিঙ্গীয়ে।

   জাতি মাটি ভেটিৰ প্ৰশ্নটো এইকেইদিন অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো লাহে লাহে উদ্গিৰণ হব ধৰিছে। শিক্ষাৰ পোহৰ নোপোৱা,অফিছ কাছাৰী দেখি নোপোৱা, আমোলা বিষয়া দেখিলে লাজ, ভয়-শংকাৰে চোৱা অজলা ট্ৰাইবেল সকলৰ স্বভাৱ চৰিত্ৰ দেখি বৃটিছ চাহাবে সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকবোৰ সৃষ্টি কৰি সৰল ট্ৰাইবেলসকলৰ বাবে ৰিজাৰ্ভ কৰি থৈ গল।কাৰণ, দূৰদৃষ্টি সম্পন্ন বৃটিছে জানিছিল যে জংঘলত থাকি ভালপোৱা, নদীৰ পাৰত থাকি ভালপোৱা এই অজলা মানুহখিনি মণ্ডল কাননগুৰ ওচৰত আহি নিজৰ নাম লিখাব নোৱ‍াৰিব চিঠাবহীত। সেই সন্দেহ কৰিয়েই ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া উলিয়াই সেই নিমাখিত মানুহখিনিৰ বাবে ৰিজাৰ্ভ কৰি মাটিৰ স্থায়ী বন্দবস্ত কৰি থৈ গৈছে বৃটিছ সকলে। তাকেই যেনিবা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বেল্ট এণ্ড ব্লকত অনা ট্ৰাইবেল বেংগলি বিহাৰি মাৰোৱাৰী আদিও মাটি ক্ৰয় কৰিব পাৰিব! তাতেই ভূমিপুত্ৰ ট্ৰাইবেল সকলে জাঙুৰ খাই উঠিছে, মুখ্যমন্ত্ৰীক এন্টি ট্ৰাইবেল বুলি কৈছে। ট্ৰাইবেল সকলৰ ডিমাণ্ড, ট্ৰাইবেল বেল্ট এণ্ড ব্লকবোৰ অকল ট্ৰাইবেলৰ বাবে সংৰক্ষিত থাকিব লাগিব। তাত অনা ট্ৰাইবেলে মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব।

  সঁচা কথা কবলৈ গলে আজি কালি নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত ভূমিপুত্ৰ সকলৰ নিৰ্দিষ্ট ভূখণ্ড নাই বুলিয়েই কব পাৰি। অসূৰ্যস্পৰ্শা পূৰ্বৰ নেফাৰ ভিতৰুৱা দুৰ্গম জেগাবোৰত অকল অৰ্ধ নাঙঠ ট্ৰাইবেল সকলৰ বাসস্থানহে আছিল আগতে।কিন্তু নেফা গুছি অৰুণাচল হোৱাৰে পৰা সূৰ্যৰ পোহৰ নপৰা ঠাইবোৰ অৰুণ কিৰণে গৰকিলে।সূৰ্য্যৰ ৰশ্মিয়ে পোহৰাই তোলাৰ পৰা জেগাবোৰত লাহে লাহে অনা ট্ৰাইবেলৰ ভিৰ হল। অৰুনাচল সীমান্তৰ দিবাং ভেলীৰ ৰয়িং পাৰ হৈ আনিনি যোৱা দুৰ্গম পাহাৰীয়া পথৰ বহু ভিতৰত বিহাৰী “টিৱাৰী গাওঁ” পাব। দলং হোৱাৰ আগৰে পৰা শতাধিক বৰ্ষ ঐতিহাসিক ভাৱে মিৰি আহোমে বসবাস কৰি অহা শদিয়াৰ দুৰ্গম ব্ৰহ্মপুত্ৰৰ পাৰৰ মাটিবোৰ অভিবাসী মুছলমানে দখল কৰিলে পঞ্চাছৰ দশকত।আজি কালি উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম ভিতৰাঞ্চলত ট্ৰাইবেলৰ লগতে অনা ট্ৰাইবেল লোকেৰে ভৰি পৰিছে। মিজোৰাম, মণিপুৰ, নগালেণ্ড অথবা অৰুনাচল প্ৰদেশৰ যিমানেই দুৰ্গম ভিতৰুৱা অঞ্চলত নাযাওঁক কিয়, জীয়াই থকাৰ তাড়নাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহ পাবই পাব। আজি কালি পাহাৰীয়া অঞ্চলবোৰ হাবি গুছি নগৰ হবলৈ লৈছে। গতিকে পাহাৰলৈ গৈ লেংটি মৰা মানুহ বিচৰা দিন উকলিল।

  জাতি ভেটি মাটিৰ প্ৰশ্নটো আহিলে,বিশেষকৈ অসমৰ কথা কবলৈ হলে - অসম চুক্তিৰ ৬ নং দফাৰ কথাটো আহি যায়।অসম চৰকাৰে অসম চুক্তিৰ ৬নং দফাটো কাৰ্যকৰী কৰি আইনত পৰিণত কৰাব পাৰিলেই খিলঞ্জীয়া ভূমিপুত্ৰ সকলে আৰ্থ-সামাজিক দিশত, ৰাজনৈতিক তথা প্ৰশাসনিক দিশত সাংবিধানিক সুৰক্ষা পাব পাৰিব অনাগত দিনত।

  অসম জ্বলিল,মিজোৰাম জ্বলিল, মেঘালয় জ্বলিল। এতিয়া মণিপুৰ জ্বলিছে। অৰুনাচলো জ্বলি আহিছে। ত্ৰিপুৰা জ্বলি শেষ হল ক‍াহানিবাই। এতিয়া ইতিহাস হ’ল। আৰু অধিক জ্বলিব দিব নোৱাৰি।

   উত্তৰ পূৰ্বাঞ্চলক নিজৰ ভাগে, স্বকীয় ঐতিহ্য পৰম্পৰাৰে চলি থাকিব দিলে, স্বাধিকাৰ সাব্যাস্ত কৰি স্বাভিমানে থাকিব দিলে শান্তিয়ে বিৰাজ কৰি থাকিব চিৰদিন। হিন্দুত্ববাদী আগ্ৰাসনেই হওঁক অথবা অন্য ধৰ্মীয় কাৰণেই নহওঁক কিয়, জাতি মাটি ভেটিৰ প্ৰশ্নটো সদায়েই ভূমিপুত্ৰ খিলঞ্জীয়া সকলৰ অনুকূলে বিধি বিধান থকাতো বাঞ্চনীয়। আৰু এই বিধি বিধান কটকটীয়াকৈ বান্ধি ৰখাতো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য।আৰু চৰকাৰে সেই বিধি বা আইন ভূমিপুত্ৰৰ স্বাৰ্থত প্ৰণয়ণ কৰিবলৈ বাধ্য। যদিহে চৰকাৰ বাধ্য নহয় তেন্তে আন্দোলনৰ জৰিয়তে খিলঞ্জীয়াই সেই অধিকাৰ সাব্যাস্ত কৰিব।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages