মাজনী
ৰঞ্জু গায়ন বৰুৱা
নামৰূপ
মাজনী তই, এই মায়াবিহীন পৃথিৱীলৈ আহিলি য’ত চৌদিশে ক’লা ডাৱৰে আগুৰি আছে। তই দুখ নকৰিবি মাজনী জীৱনটোৱেই হ’ল এক সংগ্ৰাম যুদ্ধ কৰিয়ে আগবাঢ়ি যাব লাগিব, মাথোঁ এধানি সাহসৰ প্ৰয়োজন। মই কি কৈছোঁ, তই চাগে বুজি পোৱা নাই, তথাপিও তই শুনিব লাগিব মাজনী কাৰণ জীৱনটো হ’ল কচুপাতৰ পানী, মই আজি আছো, কাইলৈ হয়তু নাথাকিবও পাৰো কোনে জানে ?
তই জাননে মাজনী ? তোৰ জন্মৰ কিছু ক্ষণৰ পাছত মোৰ হৃদয়খন দুফাল হৈছিল, মাথোঁ এটা বাক্যত সেইটো হ’ল আকৌ ছোৱালী, মই তোৰ অবিশ্বাসী ‘মা’ নহওঁ মাজনী মোৰ ফটা হৃদয়খন যোৰাদি প্ৰতিজ্ঞাবদ্ধ হ’লো তোক সমাজত এগৰাকী প্ৰতিষ্ঠাবান নাৰী ৰূপে গঢ়াত। যিসকলে এই সৃষ্টিকৰ্তা নাৰীক চিনি নাপায়, পৃথিৱীৰ মুখ নেদেখাৰ আগতেই গৰ্ভপাত কৰে তই সেইসকলক বুজাবি নাৰী হ’ল কাৰোবাৰ মাক, বাই-ভনী, অংধাগিনী তেন্তে; পৰৰনো কোন ? তই পাৰিবি মাজনী মোৰ বিশ্বাস আছে আশীৰ্বাদ সদায়েই তোৰ, লগত, বিধাতাৰ আয়ুস ৰেখা অন্ত পৰিল, মোৰ যোৱাৰ সময় হ’ল মাজনী তই দুখ নকৰিবি, কুশলে থাক মাজনী, কুশলে থাক।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment