নীলা খামৰ চিঠি
অঞ্জলী বৰদলৈ
গোলাঘাট
প্ৰতি,
মা
প্ৰথমে তোলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰোঁ তই ভালে আছ। আমাৰো ভালেই । দাদা আৰু নবৌও নিশ্চয় কুশলে আছে। তই যে সুধিছিলি, এইবাৰ মোৰ নতুন বছৰৰ সংকল্প কি, তাৰে কেইটামান তোলৈ লিখি দিছোঁ।
সকলোৰে লগত পূৰ্বৰ দৰেই যেন মিলাপ্ৰীতিৰে থাকিব পাৰোঁ, সেইটো এই বছৰো চেষ্টা কৰিম। নিজৰ পৰিয়াল তথা ঘৰখনক যাতে অধিক সময় দিব পাৰোঁ, তাৰো চেষ্টা অব্যাহত ৰাখিম।বিদ্যালয়ত আগতকৈয়ো সুন্দৰভাৱে পাঠদান কৰিম। স্বাস্থ্যৰ প্ৰতি সজাগ হ’ম আৰু আনকো সতৰ্ক কৰিবলৈ যত্ন কৰিম। কিয়নো দেহা থাকিলেহে বেহা।সময়- সুবিধা অনুযায়ী বৃক্ষৰোপণ কৰিম। গৃহ পুথিভঁৰালটো সম্পূৰ্ণ গঢ়ি তুলিবলৈ চেষ্টা কৰিম। এই বৰ্ষটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। কিয়নো এখন কাব্য গ্ৰন্থ (‘অপৰাজিতা’ শীৰ্ষক) আৰু এখন কথা গল্প সংকলন (‘অনুপ্ৰেৰণা’) প্ৰকাশ হোৱাৰ বাবে বৰ ভাল লাগিল। অহা বৰ্ষতো এখন শিশু কাব্য গ্ৰন্থ আৰু অণুগল্প সংকলন প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছোঁ। ভগৱানে কৰিলে নিশ্চয় হৈ উঠিব।
এনেকৈয়ে কেইটামান কথা ভাবি থৈছোঁ। ঈশ্বৰ যেন সহায়ক হয়। তয়ো আশীৰ্বাদ কৰিবি। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। স্বাস্থ্যৰ যত্ন ল’বি। দৰৱবোৰ নিয়ম মতে খাবি। শেষত দাদা- নবৌক সেৱা আৰু মাইনাক মৰম দিবি।
ইতি,
তোৰ সৰু জী
মাজনী
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment