খুৰমাৰ সাধু
অভিজিৎ তালুকদাৰ
ময়দা আৰু চেনীৰ আয়তাকাৰ
মিশ্ৰণ এটাৰ নাম খুৰমা
পিছে সকলো আয়তাকাৰ খোৱা বস্তুৰ নাম
খুৰমা নহয়
মানুহে কিহৰ তাড়নাত গজা এৰি
টান খুৰমা খায়
কথাটো অলপ ৰহস্যময়
খুৰমা মিঠা অথচ আপোনাৰ থৌৰাত
আঘাত দিব পৰাকৈ টান
বেছি পাত থকা কিতাপ একোখনক
কেতিয়াবা খুৰমাৰ দৰে দেখিব পাৰে
প্ৰেমত বিফল হোৱা মাখিবোৰে
খুৰমাৰ চেনিত পৰি আত্মহত্যা কৰে
আৰু তেনে খৰমা খাই মানুহে
ক’য় বাহঃ বাহঃ বাহঃ বাহঃ
খুৰমাৰ গৰিমা দশোদিশে বিয়পি যায়
পৃথিৱীত যেতিয়া আকাল পৰিব
গাধবোৰৰ বাবে
বস্তাই বস্তাই সংৰক্ষণ কৰা হ’ব খুৰমা
কাৰণ ই সহজে নষ্ট নহয়
আৰু তেতিয়াৰ পৰাই খুৰমা হ’ব
গাধবোৰৰ জীয়াই থকাৰ মুখ্য খাদ্য
ডংকি= খুৰমা
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪
No comments:
Post a Comment