বন ঢেঁকীয়াৰ ফুল
জোনমণি দাস
১.
পাটমাদৈটো হৈ মই উৰোঁ
যেতিয়া সকলো টোপনি যায় তেতিয়া
অজস্ৰ শব্দৰ প্ৰতিধ্বনিৰ মাজেদি
মালতী ফুলৰ মলয়াত মই উৰোঁ
উৰি উৰি পাওঁগৈ আকাশৰ সিপাৰৰ ক্ষীৰোদ সাগৰ
কেৱল তোমাক চাবলৈকে উৰোঁ
তোমাক চুবলৈকে উৰোঁ
তুমি মোক দেখা পোৱানে প্ৰভু?
২.
ভাবনাতে উৰি উৰি ভাগৰত
কাহিলি কাহিলি পোহৰত
ঘূৰি আহি যেতিয়া ঘৰত সোমাওঁ
টোপনিৰ পিলবোৰ হৈ উঠে একোজোপা তিলগছ।
তাৰ পাছত লাহে লাহে পাহৰোঁ
মই যে এটা পাটমাদৈ চৰাই
আৰু ঠিক তেতিয়াই প্ৰভু
মই ঘনেপতি দেখোঁ
কালঘুমটিত মুদ খাই থকা তোমাৰ দুচকু।
৩.
বন ঢেঁকীয়াৰ ফুল বিচাৰি ঘুণীয়া হোৱা মনে
নিৰন্ধ্ৰ এন্ধাৰত অকলে অকলে কান্দে।
দেহি ঐ, শোকসন্তপ্ত শব্দবোৰেহে
টলকা মাৰি শুনে।
৪.
মই জানো প্ৰভু
প্ৰতিটো মুহূৰ্তই প্ৰজ্জ্বলিত প্ৰদীপৰ প্ৰভা
তথাপি জটিল, জীয়াই থাকি জীৱনৰ নক্সা অঁকা
মহাশূন্যৰ নৈঃশব্দ্যত শুই থকা তোমাক
দিঠকত বিচাৰি পোৱা…
অথচ
অন্তহীন শাস্তি ভুগিও মানিও নামানে মনে
দেহজ বাসনাৰ বিপন্নতা।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment