ৰাতি এটাৰ সপোন…
আগমনি ফুকন শইকীয়া
মুম্বাই, মহাৰাষ্ট্ৰ
যদি আজি ৰাতি
ৰাতিটো নাহে !
তেন্তে ৰৈ যাব ৰাতিটোৰ
আধৰুৱা বহু কাহিনী।
স্কুলত বাজিব দেৰিকৈ ঘণ্টা
কলেজ কেন্টিনত জমিব আদ্দা
অফিচবোৰ হ’ব দীঘলীয়া
আৰু মিটিংবোৰ আমনি লগা।
মাছমৰীয়াই নোৱাৰিব পাতিব জাল
চৰাইবোৰ অবিশ্ৰাম ভাবে ফুৰিব উৰি
গৰখীয়া ল’ৰাজাকৰ লাগিব ঘনে ঘনে ভোক
হামিয়াই-হিকটিয়াই দোকানীবোৰো থাকিব বহি।
ৰান্ধনীশালৰ ৰান্ধনীৰ লাগিব ঠেহ
ক'তনো হেৰাল ৰাতি
থাকিব জানো চৌবিশ ঘণ্টাই
দৰা-কইনাৰ মুখত হাঁহি !
তামোল খুণ্ডি খুণ্ডি
হ'ব যে আইতা ভাগৰুৱা
বিয়নী-মেলতো যে নাথাকিব
মনোৰঞ্জনৰ ৰহঘৰা…
যদি সঁচাকৈয়ে
দিনৰ পিছত ৰাতিটো নাহে
লাগিব পাৰে এখন যুদ্ধ
জোন আৰু বেলিৰ
গুজৰি-গুমৰি
গুজৰি-গুমৰি…
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment