চিতা
শৰৎ হাজৰিকা
গোলাঘাট
জ্বলি জ্বলি শেষ হৈ যোৱা চিতাৰ জুইকুৰাৰ ধোঁৱাবোৰলৈ চাই প্ৰকাশে এটা শেষ হুমুনিয়াহ এৰিলে। ঠিক যেন চকলাচকল বেলিয়ে পোৰা মেঘৰ পোহৰকণৰ দৰে তাৰো মনটো চকলাচকলকৈ দেইপুৰি ধৰিলেহি। সি শুনি আছে মানুহবোৰে তাক ঘৰলৈ যাবলৈ কৈ থকাৰ কথা।
∶ এতিয়া আৰু একো নাই। সকলো জুইত ছাই হৈ গ’ল।
প্ৰকাশৰ তেতিয়াহে শোক এটাই খুন্দা মাৰি ধৰিলেহি। তাৰ ডেৰকুৰি বয়সলৈকে থকা বটবৃক্ষজোপাৰ ছাঁ আজিৰ পৰা শূন্য হৈ গ’ল। বাগৰি অহা চকুলো কেইটোপাল মচি সি চিতাৰ ছাইখিনিলৈ মূৰটো দোঁৱাই গধুৰ মনটোৰে ঘৰলৈ উভতিল।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment